মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

‘ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান,অন্ধ্ৰ প্ৰদেশ’ৰ পৰ্যায়-১ক-ৰ নৱ-নিৰ্মিত ভৱনসমূহ ‘ভাৰ্চুৱেল’ মাধ্যমেৰে উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে

Posted On: 27 OCT 2020 6:26PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল নিশাংকয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান, অন্ধ্ৰ প্ৰদেশ(এনআইটি-এপি)ৰ বাবে পৰ্যায়-১কৰ অধীনত নিৰ্মাণ কৰি উলিওৱা এলানি ভৱন ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। পৰ্যায়-১ক-ত নিৰ্মাণ কৰা শ্ৰেণীকোঠা সম্বলিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ চৌহদ, ড০ এ পি জে আব্দুল কালাম পৰীক্ষাগাৰ চৌহদ, ছাত্ৰাবাস, ছাত্ৰী নিবাস আৰু অথিদি আলহীগৃহ আদি ভৱনসমূহ এতিয়া ছাত্ৰ-ছাত্ৰী, অধ্যাপক তথা অন্যান্য বিষয়া-কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিব পৰাকৈ সাজু হৈ উঠিছে। অনুষ্ঠানত শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া-বৰ্গ, এনআইটি-এপি-ৰ সঞ্চালক অধ্যাপক চি এছ পি ৰাও, এনআইটি-এপি-ৰ গৱৰ্নৰ পৰিষদৰ অধ্যক্ষা শ্ৰীমতী মৃদুলা ৰমেশ, গৱৰ্নৰ পৰিষদৰ সদস্যবৃন্দ, এনআইটি-এপি-ৰ ভৱন নিৰ্মাণ আৰু বিত্তীয় সমিতিৰ ছিনেট আদি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে মান সম্পন্ন শিক্ষাদানৰ জৰিয়তে উত্কৃষ্ট শিক্ষণ, গৱেষণা আৰু উদ্ভাৱনী চিন্তাৰ বাতাবতৰণ সৃষ্টি কৰি সমাজৰ সেৱা কৰাটোৱেই মূলতঃ যি কোনো শিক্ষা প্ৰতিষ্ঠানৰ মুখ্য উদ্দেশ্য। গ্ৰাম্যাঞ্চলত স্থাপিত উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানসমূহে আকৌ মানৱ সম্পদৰ উত্তৰণ সম্ভৱ কৰাৰ লগতে সামগ্ৰিক ভাবে অঞ্চলসমূহত বহণক্ষম অৰ্থনীতিৰ সম্ভাৱনা সৃষ্টি কৰাৰ দৰে দায়িত্ব গ্ৰহণ কৰিবলগীয়া হয়

এনআইটি-অন্ধ্ৰ প্ৰদেশে অন্ধ্ৰ প্ৰদেশৰ উন্নয়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্পূৰ্ণ সম্ভাৱনীয়তা বহণ কৰিছে বুলি অভিমত ব্যক্ত কৰে মন্ত্ৰী পোখ্ৰিয়ালে। কাৰিকৰী শিক্ষাৰ প্ৰগতি সম্ভৱ কৰাৰ লগতে টেকনোক্ৰেটৰ উচ্চল বিকাশ সাধনৰ বাবে এই প্ৰতিষ্ঠান ৰাষ্ট্ৰৰ নামত উত্সৰ্গিত হব। তেওঁ কয়, এনআইটি-অন্ধ্ৰ প্ৰদেশে বিকাশৰ বিভিন্ন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি তেডেপল্লীগুডেমক এক নৱ ৰূপ প্ৰদান কৰিব, ইয়াৰ অন্যথা যিটো হয়তো সম্ভৱ হৈ নুঠিলহেতেন

মন্ত্ৰীগৰাকীয়ে ৰাজ্য বিভাজনৰ সময়ৰে পৰাই কেন্দ্ৰীয় চৰকাৰে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ বাহাল ৰখাৰ বাবে অহৰ্নিশে প্ৰয়াস কৰি আহিছে বুলি মন্তব্য কৰে। সেইদৰে, আইআইটি তিৰুপতি, আইআইএম বিশাখাপট্টনম, এনআইটি অন্ধ্ৰ প্ৰদেশ, আইএছইআৰ তিৰুপতি, আইআইপিই বিশাখাপট্টনম, স্কুল অব প্লানিং এণ্ড আৰ্কিটেক্সাৰ বিজয়ৱাড়া, অনন্তপুৰত স্থাপিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় অন্ধ্ৰ প্ৰদেশ, ৱিজিনগৰমত স্থাপিত কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয় অন্ধ্ৰ প্ৰদেশ, তিৰুপতিৰ ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় আৰু অন্যান্য আইআইআইটিসমূহৰ দৰে উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানসমূহে ৰাজ্যখনৰ শৈক্ষিক পৰিমণ্ডলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উত্সৰ্গিত মনোভাৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতীয়মান কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

এনআইটি অন্ধ্ৰ প্ৰদেশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু এই প্ৰতিষ্ঠানৰে জড়িত প্ৰতিগৰাকী ব্যক্তিকে শ্ৰী পোখ্ৰিয়ালে অভিনন্দন জ্ঞাপন কৰে। তেওঁ প্ৰতিষ্ঠানটোৰ উন্নয়ণ, উত্তৰণৰ প্ৰতিটো পদক্ষেপলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

 

*****

MC/AKJ/AK/KB



(Release ID: 1668063) Visitor Counter : 121