পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

ত্ৰিপুৰাত ৯টাকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে গাডকাৰীয়ে

এই প্ৰকল্পই স্থানীয় অঞ্চলবাসীৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন সাধিব

অঞ্চলটোৰ পৰ্যটন, অৰ্থনৈতিক আৰু আন্তৰ্জাতিক সংযোগৰ বিকাশত বৃহত্ পৰিৱৰ্তন হ’ব

Posted On: 27 OCT 2020 3:36PM by PIB Guwahati

ত্ৰিপুৰাত আজি মুঠ প্ৰায় ২৬২কিঃমিঃ দৈৰ্ঘ্যৰ ২৭৫২কোটি টকীয়া ৯টাকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা আভাসী মাধ্যমেৰে স্থাপন কৰে কেন্দ্ৰীয় পথ পৰিবহন, ঘাইপথ আৰু এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে। অনুষ্ঠানটোৰ সভাপতিত্ব কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী বিপ্লৱ কুমাৰ দেৱে। অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জীতেন্দ্ৰ সিং, আৰু জেনেৰেল(অৱসৰপ্ৰাপ্ত)ডঃ ভি কে সিং, ৰাজ্যখনৰ মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

 

 

অনুষ্ঠানত মত ব্যক্ত কৰি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয়, বিগত ৬বছৰত ত্ৰিপুৰাত প্ৰায় ৩০০কিঃমিঃ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোজিত কৰা হৈছে। আজি ৰাজ্যখনত ৮৫০ কিঃমিঃতকৈও অধিক ৰাষ্ট্ৰীয় ঘাইপথ আছে। তেওঁ জনায় যে ত্ৰিপুৰাত ৮০০০কোটি টকা ব্যয় সাপেক্ষে পথৰ নিৰ্মাণ কাৰ্য চলি আছে ৰাজ্যখনত ২০১৫ৰ পৰা ২০২০ৰ ভিতৰত ভূমি অধিগ্ৰহণ ব্যয়ৰ বাবদ ৩৬৫ কোটি টকা মোকলাই দিয়া হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নে আটাইকেইখন জিলা আৰু প্ৰধান চহৰৰ মাজৰ যোগাযোগ ব্যৱস্থা উন্নীত কৰিব।

 

 

শ্ৰী গাডকাৰীয়ে কয় যে অতি শীঘ্ৰে ৰাজ্যখনত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম শেষ হ’ব। এই প্ৰকল্প দুটা হৈছে ফেনী দলং আৰু উদয়পুৰ-আগৰতলা পথ। ৭৫০কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উদয়পুৰ-আগৰতলা পথটোৰ কাম অহা মাহত শেষ হ’ব। আনহাতে ১২৯কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১.৮ কিঃমিঃ দৈৰ্ঘ্যৰ ফেনী দলংখনৰ কাম চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত সমাপ্ত হ’ব। এই দলংখন সামাজিক,অৰ্থনৈতিক আৰু প্ৰতিৰক্ষা দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ হব, তেওঁ কয়।

 

 

মন্ত্ৰীগৰাকীয়ে কয়, ফেনী নৈৰ ওপৰত নিৰ্মাণ কৰা আৰচিচি দলংখনে বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব। আগৰতলা চহৰৰ পশ্চিম দিশত ৪ লেন বাইপাছৰ ডিপিআৰ প্ৰস্তুতিৰ কাম চলি আছে যিয়ে ভৱিষ্যতে ৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০৮ বি ৰাষ্ট্ৰীয় ঘাইপথলৈ যোগাযোগ ব্যৱস্থা উন্নত কৰিব, আগৰতলা চহৰত যান-জঁট হ্ৰাস কৰিব আৰু বিমান বন্দৰৰ পৰা মাতাবাৰীক সংয়োগ কৰিব। ১০৮ বি, ২০৮ আৰু ২০৮ এ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে আগৰতলা চহৰৰ পৰা অসম সীমান্তলৈকে যোগাযোগৰ দৈৰ্ঘ্য হ্ৰাস কৰিব। ইতিমধ্যে আগৰতলাৰ পৰা খোৱাই(১০৮ বি ৰাষ্ট্ৰীয় ঘাইপথ) আৰু কৈলাচহৰৰ পৰা অসম সীমান্তলৈকে(২০৮ এ ৰাষ্ট্ৰীয় ঘাইপথ) পথৰ কামৰ দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁ কয় যে আগৰতলাৰ পৰা চুৰাইবাৰীলৈকে-০৮নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা-যি ত্ৰিপুৰাৰ জীৱনৰেখাস্বৰূপ, এই পথছোৱাৰ চাৰি লেনৰ কামৰ বাবে ডিপিআৰৰ কাম কৰি থকা হৈছে। এই পথছোৱাই অসম আৰু আন ৰাজ্যৰ সৈতে ত্ৰিপুৰাৰ আন্তঃজিলা যোগাযোগ ব্যৱস্থা দ্ৰুত আৰু বাধামুক্ত কৰিব।

 

 

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ৭৫২৩কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৩৬৭ কিঃমিঃ দৈৰ্ঘ্যৰ প্ৰকল্পৰ বাবে ডিপিআৰ প্ৰস্তুত কৰি থকা হৈছে। তেওঁ কয় যে চিআৰআইএফৰ অধীনত ৰাজ্যখনলৈ ১১কোটি টকা মোকলাই দিয়া হৈছে আৰু ব্যৱহাৰিক প্ৰমাণ পত্ৰ দাখিলৰ পাছত শীঘ্ৰে আৰু ২০ কোটি টকা মোকলাই দিয়া হ’ব।

 

অনুষ্ঠানত উত্তৰ-পূৱ উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) ডঃ জীতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিত এক নতুন উত্তৰ পূৰ্বাঞ্চলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, কিয়নো অঞ্চলটোৰ গোটেই ৮খন ৰাজ্যই সকলো ক্ষেত্ৰতে বিভিন্ন বিকাশমূলক প্ৰকল্পৰ সাক্ষী হৈ আছে। তেওঁ কয় যে ২০১৪ চনত ক্ষমতালৈ আহি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক দেশৰ আন আন অঞ্চলৰ সৈতে সমতা স্থাপন কৰাৰ বাবে ব্যাপক পদক্ষেপ লৈছিল। তেওঁ আৰু কয় যে কেন্দ্ৰই ভাৰতৰ পশ্চিম প্ৰান্তৰ ৰাজ্যসমূহৰ সৈতে সমতুল্য কৰাৰ বাবে অঞ্চলটোৰ গোটেই ৮খন ৰাজ্যৰ উন্নয়ন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

 

 

ত্ৰিপুৰাক কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচী’ৰ দুৱাৰ বুলি অভিহিত কৰি ডঃ সিঙে কয় যে অতি শীঘ্ৰে ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ ৰেলৰ চলাচল কৰাৰ বাবে আমি লাগি আছোঁ, যাৰ ফলত অঞ্চলটোৰ বিকাশৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ আৰম্ভ হ’ব।

 

 

কেন্দ্ৰীয় পথ পৰিবহন আৰু  ঘাইপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত)ডঃ ভি কে সিঙে কয় যে এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হলে আন্তঃৰাজ্যিক যাতায়াতৰ লগতে বাংলাদেশৰ সৈতে যাতায়াত ব্যৱস্থাত আমূল পৰিৱৰ্তন হ’ব। ইয়ে ৰাজ্যখনৰ পজ্ঞযটন ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। একেদৰে অঞ্লটোৰ নিৱনুৱা সমস্যা সমাধানতো যথেষ্ট প্ৰভাৱ পেলাব।

 

অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী বিপ্লৱ কুমাৰ দেৱেও ভাষণ দিয়ে। তেওঁ কয় যে উন্নয়নৰ বাবে কেন্দ্ৰই অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ কেন্দ্ৰৰ ওচৰত ঋণী। তেওঁ কয় যে এই নতুন পথসমূহে পাহাৰীয়া আৰু বৰষুণ প্ৰৱণ ৰাজ্যখনৰ জনসাধাৰণক সকলো ঋতুতে সুৰক্ষিত যাতায়াত উপলব্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

       

 ******

RCJ/MS//KG



(Release ID: 1668028) Visitor Counter : 145