বিত্ত মন্ত্ৰালয়

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, পাঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত আয়কৰ বিভাগৰ তালাচী অভিযান

পোষ্ট কৰা হৈছে: 27 OCT 2020 10:55AM by PIB Guwahati

আয়কৰ বিভাগে কালি অৰ্থা ২৬ অক্টোবৰত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, পাঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত অভিযান চলাই ব্যাপক পৰিমাণৰ ধন-সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে ভুৱা বিলৰ জৰিয়তে বিপুল পৰিমাণ ধন সংগ্ৰহকাৰী আৰু এনে ধন লেনদেনৰ সৈতে জড়িত এদল অসাধু ব্যক্তিৰ নেটৱর্ক ধৰা পেলাইছে।

ভুৱা বিলৰ জৰিয়তে ধনৰ জালিয়াতি কৰা, এন্ট্রী অপাৰেটৰ, মধ্যভোগী আৰু হিতাধিকাৰী আৰু সংস্থাৰ বিৰুদ্ধে ধন সংগ্ৰহ তথা বেআইনীভাৱে ধন লেনদেনকাৰীৰ বিৰুদ্ধে একাধিক প্ৰমাণ লাভ কৰিছে। তদুপৰি, ভুৱা বিলৰ ভিত্তিত ৫০০ কোটিতকৈও অধিক টকা অপব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।

আয়কৰ বিভাগৰ তালাচীৰ সময় এনে বহু প্ৰমাণ পোৱা গৈছে য’ত দেখা গৈছে যে এন্ট্রি অপাৰেটৰসকলে ভুৱা বিলৰ ভিত্তিত একাউণ্ট অবিহনে ধন লেনদেন কৰিছে আৰু অবৈধ এই ধন ঋণ দিয়াৰ ক্ষেত্রত একাধিক ভুৱা সংস্থাৰ নাম ব্যৱহাৰ কৰিছে৷ ইয়াৰ পৰা এইটো স্পষ্ট হয় যে এই ধৰণৰ ধনৰ জালিয়াতিৰ সৈতে অপাৰেটৰসকলে তেওঁলোকৰ ভুৱা অংশীদাৰ/কর্মচাৰীসকলৰ লগতে হিতাধিকাৰীসকলো সক্রিয়ভাৱে জড়িত আছে৷

আয়কৰ বিভাগৰ জৰিয়তে যাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে, তেওঁলোকৰ ঘনিষ্ঠ কর্মচাৰীসকলৰ নামত কেইবাটাও বেংক একাউণ্ট আৰু লকাৰকে ধৰি ভুৱা সংস্থা খোলাৰ তথ্য পোৱা গৈছে। এই সকলো কাম একাংশ বেংক কৰ্মচাৰীৰ সহায়ত সম্পন্ন হৈছে বুলি ধাৰণা কৰা হৈছে৷

ধনৰ জালিয়াতিৰ সৈতে জড়িত ব্যক্তিসকলে ডাঙৰ ডাঙৰ চহৰসমূহত ৰিয়েল এষ্টেট খণ্ডত বিনিয়োগ কৰাৰ লগতে কোটি কোটি টকা বেংকত জমা কৰাৰ প্ৰমাণ পোৱা গৈছে৷

আয়কৰ বিভাগৰ তালাচীৰ সময়ত ২.৩৭ কোটি টকা নগদ ধন আৰু ২.৮৯ কোটি টকা মূল্যৰ আ-অলংকাৰ বাজেয়াপ্ত কৰা হৈছে। এই বিপুল পৰিমাণৰ ধন আৰু গহনা ১৭টা বেংক লকাৰত ৰখা হৈছিল। কিন্তু বেংকৰ এই লকাৰসমূহৰ পৰা কেতিয়াও লেনদেন কৰা হোৱা নাই৷ আয়কৰ বিভাগে বৰ্তমান সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে৷

****

RM/KMN/DB


(ৰিলিজ আই ডি : 1668026) অতিথি কক্ষ : 221