জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
শ্ৰী অৰ্জুন মুণ্ডাই কাইলৈ জনজাতি কল্যাণৰ দুটা উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰিব
আৰ্ট অৱ লিভিংৰ সৈতে অংশীদাৰীত্বৰে মুকলি কৰা হ’ব দুটাকৈ উৎকৰ্ষ কেন্দ্ৰ
प्रविष्टि तिथि:
26 OCT 2020 2:39PM by PIB Guwahati
কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই কাইলৈ জনজাতিৰ কল্যাণৰ বাবে দুটা উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰিব। জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু আৰ্ট অৱ লিভিংৰ সহযোগিতাৰে এই উৎকৰ্ষ কেন্দ্ৰ দুটা গঢ়ি তোলা হৈছে।
ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ইয়াৰ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকিব আৰ্ট অৱ লিভিংৰ গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শঙ্কৰে।
প্ৰথমটো উৎকৰ্ষ কেন্দ্ৰৰ মাধ্যমেৰে আদিবাসীসকলৰ কল্যাণাৰ্থে বিভিন্ন জনজাতি আইন, বিধি আৰু কল্যাণমূলক প্ৰকল্পৰ বিষয়ে ঝাড়খণ্ডৰ ৫ খন জিলাৰ ১৫০ খন গাওঁৰ পৰা ৩০ খন গাওঁ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজত সচেতনতাৰ প্ৰচাৰ চলোৱা হ’ব। মূলতঃ জনজাতীয় যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ মাধ্যমেৰে দক্ষতা বিকাশ, সামাজিক দায়বদ্ধতা বৃদ্ধিৰ প্ৰয়াস কৰা হ’ব। যুৱ স্বেচ্ছাসেৱকসকলক ব্যক্তিগত উন্নয়নৰ প্ৰশিক্ষণ দি জনজাতীয় যুবকসকলৰ মাজত সামাজিক দায়বদ্ধতাবোধ গঢ়ি তোলা হ’ব, যাতে তেওঁলোকে তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে জনজাতীয় নেতা হিচাপে কাম কৰিব পাৰে আৰু জনগণৰ মাজত সচেতনতা বিলাই দিব পাৰে।
দ্বিতীয় উৎকৰ্ষ কেন্দ্ৰৰ সহায়ত মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ জিলাত প্ৰায় ১০ হাজাৰ জনজাতীয় কৃষকৰ সুস্থায়ী প্ৰাকৃতিক কৃষিক্ষেত্ৰৰ বিভিন্ন দিশক লৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কৃষকসকলে যাতে জৈৱ চাহৰ উদ্যোগী হৈ উঠিব পাৰে আৰু তেওঁলোকক যাতে আত্মনিৰ্ভৰ কৰি গঢ়ি তুলিব পৰা যায়, তাৰ বাবে বিভিন্ন সুযোগ সুবিধা প্ৰদান কৰা হ’ব।
***********
(रिलीज़ आईडी: 1667750)
आगंतुक पटल : 228
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Tamil
,
Kannada
,
Malayalam