বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

নতুন যুগৰ ব্যৱহাৰিক কীটানু নাশক আৰু ছেনিটাইজাৰে দিব পাৰে পাৰ্শ্বক্ৰিয়াসম্পন্ন ৰাসায়নিক কীটানু নাশক আৰু ছেনিটাইজৰ পৰা মুক্তি

''এই অসাধাৰণ প্ৰাপ্তি সফল কৰি তোলা পৰিকল্পনা আৰু প্ৰক্ৰিয়াক আহিবলগীয়া বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন নীতি ২০২০ত অন্তৰ্ভুক্ত কৰা হৈছেঃ অধ্যাপক আশুতোষ শৰ্মা, সচিব, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ

Posted On: 26 OCT 2020 4:04PM by PIB Guwahati

কোভিড-১৯ৰ সংক্ৰমণৰ পৰা সুৰক্ষাৰ বাবে ৰাসায়নিক কীটানু নাশক আৰু চাবোনেৰে বাৰে বাৰে হাত ধুলে হাত শুকাই যায় আৰু কেতিয়াবা তাত খজুৱতিও হয়। এই সমস্যাৰ পৰা বচাবৰ বাবে কেইবাটাও নতুন উপায় কৰা হৈছে। ভাৰতৰ বিভিন্ন অংশত থকা কেইবাটাও ষ্টাৰ্ট-আপে পৰম্পৰাগত ৰাসায়নিক আধাৰিত ডেকোটেমিনেণ্টৰ বাবে বহুতো ব্যৱহাৰিক বিকল্প অনা হৈছে যি মুকলি ঠাই আৰু মাইক্ৰ' কেভিটি পৰ্যন্ত কীটানু শূন্য কৰিব পাৰে।

 

তেওঁলোকৰ ওচৰত থকা টেকনিকত হাস্পতালত জমা হোৱা বায়'মেডিকেল পেলনীয়াৰ কীটানু শোধন আৰু আৱৰ্তক ব্যৱহাৰযোগ্য মুকলি ঠাইৰ স্থায়ী আৰু সুৰক্ষিত ৰোগানুনাশনৰ বাবে নোভেল নেনোমেটেৰিয়েল আৰু ৰাসায়নিক প্ৰক্ৰিয়া উদ্ভাৱনৰ প্ৰয়োগৰ সৈতে জড়িত টেকনিকো অন্তৰ্ভুক্ত আছে।

 

এই প্ৰযুক্তি মুঠ ১০টা কোম্পানীয়ে ব্যৱস্থা কৰিছে যাক চেণ্টাৰ ফৰ অগেমেণ্টিং ৱাৰ উইথ কোভিড-১৯ হেল্থ ক্ৰাইছিছ (চিএডব্লিউএচিএইচ)ৰ জৰিয়তে কীটানু শোধন আৰু ছেনিটাইজেচনৰ বাবে সাহায্য দিয়া হৈছিল। এই ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিগত উদ্যমিতা বিকাশ ব'ৰ্ড (NSTEDB), বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এটা পদক্ষেপ যাৰ ছচাইটী ফৰ ইন'ভেচন এণ্ড এণ্ট্ৰাপ্ৰেনিয়ৰশ্বিপ (SINE), আইআইটি মুম্বাইয়ে ৰূপায়ণ কৰে।

 

মুম্বাই আধাৰিত ষ্টাৰ্ট- আপ ইনফ্লকছ ৱাটাৰ ছিষ্টেমে কোভিড-১৯ সংক্ৰমণৰ সৈতে যুঁজ দিবলৈ মুকলি ঠাই আৰু উপকৰণৰ শোধনৰ বাবে এটা প্ৰণালীৰ ডিজাইন আৰু বিকশিত কৰাৰ উদ্দেশ্যে নিজৰ টেকনিকৰ পৰিৱৰ্তন সাধন কৰে। এই টেকনিকক তেওঁলোকে 'বজ্ৰ' নাম দিছে। এই ষ্টাৰ্ট-আপে জটিল প্ৰদূষিত পানী আৰু অৱশিষ্ট পানীৰ শোধনৰ বিশেষজ্ঞতা ৰাখিছে। 'বজ্ৰ কেই' ছিৰিজে অ'জন সৃষ্টি কৰা এটা ইলেকট্ৰষ্টেটিক ডিচাৰ্জ আৰু ইউভিচি লাইট স্পেকট্ৰামৰ শক্তিশালী ৰোগানুনাশন প্ৰভাৱ অন্তৰ্ভুক্ত কৰি কেইবাটাও পৰ্যায়বিশিষ্ট এটা কীটানু শোধন প্ৰক্ৰিয়াৰ সৈতে সংযুক্ত কীটানু শোধন প্ৰণালী ব্যৱহাৰ কৰে। বজ্ৰ কৱচ-ই (কেই) পিপিইৰ ওপৰত থকা ভাইৰাছ, বেক্টেৰিয়া আৰু অন্য মাইক্ৰবিয়েল উপভেদক নিষ্ক্ৰিয় কৰিবলৈ উন্নত অক্সিকৰণ, ইলেক্ট্ৰ'ষ্টেটিক কাৰ্যকৰণ আৰু ইউভিচি প্ৰকাশ স্পেকট্ৰামৰ ব্যৱহাৰ কৰে। এই পিপিইয়ে মেডিকেল আৰু ননমেডিকেল গিয়েৰক পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যয় ৰাহি কৰে।

 

জল ক্ষেত্ৰত উদ্ভাৱনৰ বাবে ডিএছটি (আইআইটি বম্বেৰ মাধ্যমত)য়ে নিধি প্ৰয়াস অনুদানৰ সহায়ত আৰম্ভ কৰা ইনফ্লকছ ৱাটাৰ ছিষ্টেমে কোভিড-১৯ সংক্ৰমণৰ সৈতে যুঁজ দিবলৈ নিজৰ টেকনিকক ব্যৱহাৰযোগ্য কৰি তোলাৰ উদ্দেশ্যে তাত পৰিৱৰ্তন সাধন কৰিবলৈ ডিএছটিৰ পৰা পোৱা চিএডব্লিউএইচ (কৱচ) অনুদানৰ প্ৰয়োগ কৰিছে। তেওঁলোকে প্ৰতি মাহত ২৫টা মুকলি ঠাই কীটানু শোধন প্ৰণালী নিৰ্মাণৰ বাবে নিজক প্ৰস্তুত কৰে, প্ৰতিটো পাৰ হৈ যোৱা মাহত উৎপাদন ক্ষমতা ২৫%লৈ বঢ়াবৰ বাবে উৎপাদন, যোগান শৃংখলা আৰু ৰচদৰ সুব্যৱস্থা কৰে।

 

এই সময়ত তেওঁলোকে এই প্ৰণালীৰ আধিক পৰীক্ষাৰ বাবে আইআইটি বম্বে আৰু চিচিএমবি (হায়দৰাবাদ)ৰ ভাইৰলজী লেবৰ সৈতে সমন্বয় কৰিছে।

 

ষ্টাৰ্ট-আপ বাণিজ্যিক উৎপাদন সংস্কৰণৰ সৈতে প্ৰস্তুত আছে আৰু উৎপাদন প্ৰমাণনত সংস্কাৰৰ ওপৰত কাম কৰি আছে যাতে বিশেষীকৃত গৱেষণাগাৰেও তেওঁলোকৰ টেকনিক ব্যৱহাৰ কৰিব পাৰে।

 

কোয়ম্বটুৰ আধাৰিত ইটিএ পিউৰিফিকেচনে উন্নত ৰোগানুনাশন টেকনিক প্ৰদান কৰে। ই পৰিৱেশৰ দৃষ্টিকোনৰ পৰা উন্নত মাইক্ৰ-কেভিটি প্লাজমা প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আছে। এই নতুন টেকনিকে, য'ত কীটানু নাশক পোনপটীয়াকৈ বতাহ বা অক্সিজেনৰ পৰা উৎপন্ন হয়, পৰম্পৰাগত ৰাসায়নিক -আধাৰিত পৰিশোধনৰ বাবে এটা ব্যৱহাৰিক বিকল্প প্ৰদান কৰে।

 

চিঅ'এছএমঅ' (মাইক্ৰ প্লাজমা অক্সিডেচনৰ দ্বাৰা পূৰ্ণ ৰোগানুনাশন) প্ৰণালীয়ে কোৱাৰেণ্টাইন সুবিধাৱলী, এম্বুলেটৰী কেয়াৰ আৰু উপকৰণ, মুকলি ঠাইসহ কোভিড-১৯ সংক্ৰমিত ক্ষেত্ৰসমূহক দ্ৰুততাৰে কীটানু শূন্য কৰিব পাৰে। এই অভিনৱ মাইক্ৰ-প্লাজমা ৰোগানুনাশন প্ৰণালীয়ে কমপেক্ট আৰু স্কিলেবল মডিউলাৰ ব্যৱস্থা প্ৰদান কৰে যি শক্তিশালী, স্থিতিস্থাপক আৰু শক্তি ৰাহি কাৰক।

 

এই কীটানু নাশকৰ উৎপাদন অনছাইট কৰা হয়, যাৰ ফলত বিপজ্জনক ৰসায়নৰ পৰিবহন, জমা ৰখা আৰু হস্তান্তৰ কৰাত সমস্যা নহয়। এই পৰিশোধন প্ৰণালী সমান ক্ষমতাযুক্ত পৰম্পৰাগত প্ৰণালীতকৈ ১০গুণ কম, যাৰ ফলত ই সম্পদৰ নাটনিৰ পৰিস্থিতিৰ বাবে উপযুক্ত।

 

তেওঁলোকৰ উন্নত ৰোগানুনাশন প্ৰণালী বহু-ঔষধি প্ৰতিৰোধী ৰোগক প্ৰভাৱহীন কৰাৰ ক্ষমতাত হাইপ'ক্লৰাইট আৰু অন্য পৰম্পৰাগত কীটানু নাশকতকৈ উন্নত। কোম্পানীয়ে পূৰ্বেই নিৰ্বাচিত ক্ৰিটিকেল কেয়াৰ ক্ষেত্ৰত ৰোগানুনাশনৰ বাবে হাস্পতাল আৰু স্বাস্থ্য সেৱা ব্যৱস্থাৱলীক বিশেষভাৱে প্ৰস্তুত কৰা টেকনিক প্ৰদান কৰিছে। তেওঁলোকে এই উদ্ভাৱন দুৰ্বল জনসমষ্টিকো প্ৰদান কৰিছে।

 

এই সময়ত দ্ৰুত গতিত ৰোগানুনাশনৰ বাবে তেওঁলোকৰ উন্নত একীকৃত মাইক্ৰ-প্লাজমা অক্সিকৰণ প্ৰণালীৰ ব্যাৱসায়িক প্ৰয়োগৰ বাবে তেওঁলোকৰ পূৰ্ণ বিকাশ আৰু গভীৰ পৰীক্ষা কৰা হৈছে। চেন্নাই আধাৰিত ষ্টাৰ্ট-আপ মাইক্ৰ গ'ৱে এটা মেকানিকেল হেণ্ড ছেনিটাইজিং ডিস্পেঞ্চাৰ মেচিন তৈয়াৰ কৰিছে। এই মেচিনে টাচলেছ, ৰিয়েল টাইম মণিটৰিঙৰ জৰিয়তে ডেছব'ৰ্ডৰ মাধ্যমত হেণ্ড ছেনিটাইজেচনৰ পৰ্যায় নিৰ্দ্ধাৰিত কৰে।

 

পুনে আধাৰিত উদ্ভাৱন বায়'ছলিউচনে এলকহল-বিহীন তৰল ছেনিটাইজাৰৰ আধাৰত চিলভাৰ নেনো পাৰ্টিকলছৰ বিকাশ কৰিছে। পেটেণ্টৰ অন্তৰ্ভুক্ত কৰা তেওঁলোকৰ এই টেকনিকে আৰ এন এ প্ৰকৃতি গতিবিধি ৰোধ কৰে-ভাইৰাছৰ প্ৰসাৰ বন্ধ কৰে আৰু মুকলি ঠাইৰ গ্লাইক'প্ৰটিনক অৱৰোধ কৰে-যাৰ ফলত বীষাণু প্ৰভাৱহীন হৈ পৰে।

 

লক্ষ্ণৌস্থিত মেচাৰ টেকনলজিয়ে বিপজ্জনক বায়'মেডিকেল অৱশিষ্ট কীটানু শোধনৰ বাবে আৰু লিনেন তথা পিপিইক পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিবলৈ এটা ইনষ্টেণ্ট মাইক্ৰৱেভ-আধাৰিত হেণ্ড হেল্ড ষ্টেৰিলাইজাৰ 'অতুল্য' আৰু এটা মাইক্ৰ'ৱেভ-এছিষ্টেড ক্লড ষ্টেৰিলাইজেচন উপকৰণ 'অপ্টিমেচাৰ' উপস্থাপন কৰিছে।

 

'অপ্টিমেচাৰ' পৰম্পৰাগত অট'ক্লেভৰ তুলনাত মাইক্ৰ'ৱেভৰ সহায়ত ঠাণ্ডাত ৰোগানুনাশন কৰা এটা উন্নত টেকনিক। ই ১০০বাৰ দুনাই ব্যৱহাৰৰ ক্ষমতা সুনিশ্চিত কৰিবলৈ পিপিই কিট আৰু মাস্কৰ কীটানু শোধন আৰু ৰোগানুনাশনত সহায় কৰে, লগতে ইয়াত কম খৰচো সুনিশ্চিত কৰে।

 

একেদৰে 'অতুল্য' হাতেৰে চলা ইনষ্টেণ্ট মাইক্ৰৱেভ আধাৰিত ৰোগানুনাশনক, যি ইউভি টিউব আধাৰিত ষ্টেৰিলাইজাৰ, ছেনিটাইজিং স্প্ৰে আৰু ৰোগানুনাশন তথা সুৰক্ষাৰ সকলো সম্ভাব্য উপায়তকৈ উন্নত।

 

এছ আই এন ই, আইআইটি বম্বে, এফ আই আই টি, আইআইটি দিল্লী, এছ আই আই চি, আইআইটি কাণপুৰ, আইআইটি মাদ্ৰাজ, ভেঞ্চাৰ চেণ্টাৰ পুণে, আই কে পি নলেজ পাৰ্ক হায়দৰাবাদ, আইআইটি -টিবিআই ভূবনেশ্বৰৰ দৰে প্ৰযুক্তি প্ৰতিষ্ঠানে টেকনিকেল প্ৰগতিক লৈ সময় অনুসৰি প্ৰভাৱশালী পৰামৰ্শ দিছে, সকলো জৰুৰী দিক-নিৰ্দেশনা পালন কৰা, সন্মতি প্ৰদানত হস্তাক্ষৰ কৰা আদিৰ ক্ষেত্ৰত ষ্টাৰ্ট-আপক মাৰ্গদৰ্শন কৰে।

 

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, ''কোভিড-১৯ৰ ফলত মহত্বপূৰ্ণ উৎপাদন আৰু প্ৰযুক্তিৰ এনেকুৱা আৰু অধিক মহত্বপূৰ্ণ উদাহৰণৰ মাধ্যমত, জ্ঞান সৃষ্টি আৰু ইয়াৰ উপভোগৰ সহজ সমন্বয়েৰে ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ গভীৰ ভেটি দ্ৰুত গতিত দেখিবলৈ পোৱা গৈছে। এই অসাধাৰণ প্ৰাপ্তিক সম্ভৱ কৰি তোলা সংৰচনা আৰু প্ৰক্ৰিয়াক আহিবলগীয়া বিজ্ঞান, প্ৰযুক্তি আৰু নবোন্মেষণ নীতি ২০২০ত অন্তৰ্ভুক্ত কৰা হৈছে।''

 

 

 

*******

NB/KGS(DST Media Cell)



(Release ID: 1667749) Visitor Counter : 141