প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে অহা ২৭ অক্টোবৰত উত্তৰ প্ৰদেশৰ ষ্ট্ৰীট ভেণ্ড’ৰ্ছ আত্মনিৰ্ভৰ নিধি আঁচনিৰ উপভোক্তাৰ সৈতে মতবিনিময় কৰিব

प्रविष्टि तिथि: 25 OCT 2020 10:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰৰ পুৱা ১০.৩০বজাত ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি আঁচনিৰ উপভোক্তাৰ সৈতে মতবিনিময় কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকিব।

মহামাৰী কৰনা ভাইৰাছত ক্ষতিগ্ৰস্ত দৰিদ্ৰ পদপথৰ ব্যৱসায়ীসকলক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি (পিএম এছভিএনিধি)আঁচনি মুকলি কৰা হৈছিল ১জুন,২০২০ত। এইপৰ্যন্ত আঁচনিৰ অধীনত প্ৰায় ২৪ লাখ আবেদন গ্ৰহণ কৰা হৈছে। ইয়াৰে ১২লাখৰো অধিক আবেদনত অনুমোদন জনোৱা হৈছে আৰু প্ৰায় ৫.৩৫লাখ ঋণ বিতৰণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ ৬লাখৰো অধিক পদপথৰ ব্যৱসায়ীয়ে ঋণৰ বাবে আবেদন জনাইছে আৰু ইয়াৰে প্ৰায় ৩.২৭ লাখ আবেদনত অনুমোদন জনোৱাৰ লগতে ১.৮৭ লাখ ঋণ বিতৰণ কৰা হৈছে।

এই মতবিনিময় উত্তৰ প্ৰদেশ ৰাজ্যৰ পিএম এছভিএনিধি আঁচনিৰ উপভোক্তাই প্ৰত্যক্ষ কৰিব পাৰিব। অনুষ্ঠানটো ডিডি নিউজতো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হব।

****

AP/VJ/MS


(रिलीज़ आईडी: 1667445) आगंतुक पटल : 215
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam