গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

খাৰিফ বিপণন ছিজন ২০২০-২১ৰ সময়ছোৱাত অব্যাহত আছে এমএছপি গতিবিধি

Posted On: 24 OCT 2020 4:14PM by PIB Guwahati

চলিত খাৰিফ বিপণন ছিজন ২০২০-২১ত চৰকাৰে ইয়াৰ পূৰ্বৰ এমএছপি আঁচনি অনুসৰি যোৱা বছৰৰ দৰে কৃষকৰ পৰা খাৰিফ শস্য ক্ৰয় অব্যাহত ৰাখিছে।

খাৰিফ ২০২০-২১ৰ বাবে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তামিলনাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু-কাশ্মীৰ, গুজৰাট আৰু কেৰালাৰ দৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ধান ক্ৰয় পূৰ্ণগতিত চলি আছে। ২৩ অক্টোবৰ,২০২০ পৰ্যন্ত ১৩৫.৭২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। যোৱা বছৰ এই পৰিমাণ আছিল ১০৯.৫৪ লাখ মেট্ৰিক টন। এয়া হল যোৱা বছৰৰ তুলনাত ২৩.৯১ শতাংশ অধিক। মুঠ ১৩৫.৭২ লাখ মেট্ৰিক টন ক্ৰয়ৰ পঞ্জাৱে অকলে ৮৮.৪৪ লাখ মেট্ৰিক টনৰ অৰিহণা আগবঢ়াইছে। মুঠ ক্ৰয়ৰ ই হল ৬৫.১৬ শতাংশ। ইয়াৰ ফলত ইতিমধ্যে ১১.৫৭ লাখ কৃষক উপকৃত হৈছে। এই ক্ৰয়ৰ এমএছপি মূল্য হল ২৫৬২৫.২৯কোটি।

তদুপৰি, ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱৰ ভিত্তিত ৪৫.১০ লাখ মেট্ৰিক টন দাইল আৰু তৈলবীজ ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে। মূল্য সমৰ্থন আঁচনি(পিএছএছ)ৰ অধীনত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগনা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশৰ বাবে এই সামগ্ৰী ক্ৰয় কৰা হব। একেদৰে, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ বাবে ১.২৩ লাখ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য) ক্ৰয় কৰিবলৈ অনুমোদন জনোৱা হৈছে।

২৩ অক্টোবৰ পৰ্যন্ত চৰকাৰে নোডেল এজেন্সীৰ জৰিয়তে ৮৯৪.৫৪ মেট্ৰিক টন মাটিমাহ আৰু মগু ক্ৰয় কৰিছে। ইয়াৰ এমএছপি মূল্য হল ৬.৪৩ কোটি। ই তামিলনাডু, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ ৮৭১গৰাকী কৃষকক উপকৃত কৰিছে। একেদৰে, ৫২.৪০ কোটিৰ এমএছপি মূল্যৰ ৫০৮৯ মেট্ৰিক টন নাৰিকলৰ শুকোৱা শাহ(বাৰমহীয়া শস্য)সংগ্ৰহ কৰিছে। ই কৰ্ণাটক আৰু তামিলনাডুৰ ৩৯৬১গৰাকী কৃষকক উপকৃত কৰিছে।

APS/MS



(Release ID: 1667406) Visitor Counter : 105