ভুবিজ্ঞান মন্ত্ৰালয়

ভাৰতীয় বতৰ বিভাগে দক্ষিণ এছিয়াৰ বাবে হঠাত আহিবলগীয়া বান সম্পৰ্কীয় মাৰ্গদৰ্শন সেৱা আৰম্ভ কৰিছে

Posted On: 23 OCT 2020 4:28PM by PIB Guwahati

ভূ বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড৹ এম ৰাজীৱনে ২২ অক্টোবৰ ২০২০ত ভাৰত, বাংলাদেশ, ভূটান, নেপাল আৰু শ্ৰীলংকাৰ দৰে দক্ষিণ এছীয় দেশৰ বাবে হঠাত আহিবলগীয়া বান সম্পৰ্কীয় নিজৰ ফালৰ প্ৰথম মাৰ্গদৰ্শন সেৱা আৰম্ভ কৰিছে। এই প্ৰণালীৰ ভাৰ্চুৱেল মাধ্যমত শুভাৰম্ভ কৰা হয় আৰু ড৹ হিৰিন কিম (জল বিজ্ঞান আৰু জল সম্পদ সেৱা বিভাগ, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মুৰব্বী), ড৹ কনষ্টেণ্টাইন পি জৰ্জকাকোচ (নিৰ্দেশক, হাইড্ৰলজিকেল ৰিছাৰ্চ চেণ্টাৰ, ইউ এছ এ) শ্ৰী জি ভি ভি শৰ্মা, আই এ এছ (সদস্য সচিব, এন ডি এম এ, ভাৰত), ড৹ ৰাজেন্দ্ৰ কুমাৰ জৈন (অধ্যক্ষ, কেন্দ্ৰীয় জল আয়োগ, ভাৰত) আৰু অংশগ্ৰহণ কৰা দেশৰ বতৰ বিজ্ঞানৰ মহা নিৰ্দেশক তথা বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ স্থায়ী প্ৰতিনিধি সৰ্বশ্ৰী কৰ্মা দুপচূ (ভূটান), শ্ৰী সৰজু কুমাৰ বৈদ্য (নেপাল), শ্ৰী অথুলা কৰুণানায়কে (শ্ৰীলংকা) আৰু শ্ৰী বিদ্যুৎ কুমাৰ সাহা (বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ বাংলাদেশৰ স্থায়ী প্ৰতিনিধিৰ জল বিজ্ঞান পৰামৰ্শদাতা) সহিতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰৰ কেইবাজনো গণ্যমান্য লোকে ভাগ লয়।

 

এই সমাৰোহৰ মুখ্য অতিথি ড৹ এম ৰাজীৱনে নিজৰ উদ্বোধনী ভাষণত, জল-বিজ্ঞানেৰে সংলগ্ন ব্যৱস্থাৰ প্ৰদৰ্শন সংস্কাৰ কৰিবৰ বাবে বৰষুণ আৰু মাটিৰ কোমলতাৰ অবলোকন সম্পৰ্কীয় নেটৱৰ্ক উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। নিজৰ কথা স্পষ্ট কৰি ড৹ ৰাজীৱনে কয় যে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ লগতে সকলো হিতধাৰকৰ সৈতে সূচনাৰ আদান-প্ৰদানৰ এটা স্বয়ং চালিত উপায় স্থাপন কৰা দৰকাৰ যাতে সূচনাসমূহ সংশ্লিষ্ট বিপৰ্যয় বিষয়ালৈ সময় অনুসৰি গৈ পায়। পৰিসংখ্যা, বিশেষজ্ঞতা, বিকাশ আৰু এই এলেকাত সেৱাৰ নিৰন্তৰতা অব্যাহত ৰাখিবৰ বাবে সদস্য দেশ, হাইড্ৰলজিকেল ৰিছাৰ্চ চেণ্টাৰ আৰু বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সৈতে ক্ষেত্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত সমন্বয় শক্তিশালী কৰা দৰকাৰ।

 

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মহা নিৰ্দেশক আৰু বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি ড৹ এম মহাপাত্ৰই আদৰণি ভাষণ দি এই প্ৰণালীৰ প্ৰধান বিশেষত্বৰ ওপৰত আলোকপাত কৰে আৰু জল-বতৰ সম্পৰ্কীয় বিপদৰ পূৰ্বানুমান কৰিবৰ বাবে ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত কৰা সহযোগিতামূলক কাৰ্যৰ পৰামৰ্শ দিয়ে। তেওঁ সদস্য দেশক আশ্বস্ত কৰে যে দক্ষিণ এছিয়া ক্ষেত্ৰৰ দেশসমূহত জীৱন-সম্পত্তিৰ হানি কম কৰাৰ উদ্দেশ্যে আৱশ্যকীয় সকাহৰ উপায় কৰিবৰ বাবে হঠাত আহিবলগীয়া বান সম্পৰ্কীয় মাৰ্গদৰ্শন বিপদ (৬ ঘণ্টা পূৰ্বে) আৰু প্ৰত্যাহ্বান (২৪ ঘণ্টা পূৰ্বে)ৰ ৰূপত ক্ষেত্ৰীয় কেন্দ্ৰৰ দ্বাৰা ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান তথা জল বিজ্ঞান সম্পৰ্কীয় সেৱাসমূহ, ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অন্য সকলো হিতধাৰকক প্ৰদান কৰা হ'ব। এই দেশসমূহত ভাৰতৰ বাহিৰেও বাংলাদেশ, ভূটান, নেপাল আৰু শ্ৰীলংকা অন্তৰ্ভুক্ত। এই মাৰ্গদৰ্শনে সকলো সদস্য দেশক হঠাতে আহিবলগীয়া আৰু কম সময়ৰ বানৰ বিষয়ে জল-বিভাজক আৰু চহৰ স্তৰত প্ৰভাৱ আধাৰিত পূৰ্বানুমান জাৰি কৰাত সক্ষম কৰি তুলিব।

 

হঠাত আহিবলগীয়া বান বহু বেছি উচ্চলতাৰে কম সময়ৰ অত্যাধিক স্থানীয় ঘটনা ঘটে। সাধাৰণতে বৰষুণ আৰু চৰম উচ্চলতাপূৰ্ণ বানৰ ঘটনাৰ মাজৰ সময় ৬ ঘণ্টাতকৈ কম হয়। বিশ্বৰ দেশসমূহত হঠাতে আহিবলগীয়া বান সম্পৰ্কীয় সাবধান বাণী সম্পৰ্কীয় সামৰ্থ্য আৰু ক্ষমতাৰ সাধাৰণতে অভাৱ আছে। হঠাতে আহিবলগীয়া বানৰ দ্বাৰা প্ৰভাৱিত জনবসতিৰ জীৱন আৰু সম্পত্তিৰ ওপৰত বিশেষভাৱে বিনাশকাৰী প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ ১৫তম কংগ্ৰেছে বৈশ্বিক কভাৰেজৰ লগতে এক 'ফ্লেছ ফ্লাড গাইডেণ্স ছিষ্টেম' (এফ এফ জি এছ) পৰিকল্পনাৰ ৰূপায়ণক মঞ্জুৰী দিছিল, যি ডব্লিউ এম অ' কমিছন ফৰ হাইড্ৰলজিৰ দ্বাৰা ডব্লিউ এম অ' কমিছন ফৰ বেছিক ছিষ্টেমৰ সৈতে সংযুক্ত ৰূপত আৰু ইউ এছ নেচনেল ৱেডাৰ ছাৰ্ভিচ, ইউ এছ হাইড্ৰলজিকেল ৰিছাৰ্চ চেণ্টাৰ (এইচ আৰ চি) আৰু ইউ এছ এইড/অ' এফ ডি এৰ সহযোগত বিকশিত কৰা হৈছিল।

 

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কম্পিউটিং পাৱাৰ, নিউমাৰিকেল ৱেডাৰ প্ৰেডিকচন, অবলোকন সম্পৰ্কীয় বিশাল নেটৱৰ্ক (মাটি, বায়ু আৰু মহাকাশৰ ওপৰত আধাৰিত) আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰশংসিত বতৰ পূৰ্বানুমান প্ৰণালী সন্দৰ্ভত অত্যধিক উন্নত ক্ষমতাৰে সজ্জিত। সেয়ে, বিশ্ব বতৰ বিজ্ঞান সংস্থাই উন্নত সমন্বয়, বিকাশ আৰু ৰূপায়ণৰ বাবে দক্ষিণ এছিয়া ফ্লেছ ফ্লাড গাইডেণ্স ছিষ্টেমৰ ক্ষেত্ৰীয় কেন্দ্ৰৰ দায়িত্ব ভাৰতক অৰ্পণ কৰিছে।

 

হঠাত আহিবলগীয়া বান সম্পৰ্কীয় মাৰ্গদৰ্শন (ফ্লেছ ফ্লাড গাইডেণ্স) এক শক্তিশালী প্ৰণালী, যি হঠাত আহিবলগীয়া বান ভাৰত, নেপাল, ভূটান, বাংলাদেশ আৰু শ্ৰীলংকাৰ দৰে দক্ষিণ এছীয় দেশৰ বাবে ৪ কিঃমিঃ × ৪ কিঃমিঃৰ বিয়োজনৰে জল-বিভাজক স্তৰত প্ৰায় ৬-১২ ঘণ্টা পূৰ্বেই হঠাত আহিবলগীয়া বানৰ সতৰ্কবাণী প্ৰণালীৰ বিকাশৰ প্ৰক্ৰিয়াত সহযোগিতাৰ দৃষ্টিৰে বাস্তৱসন্মত সময়ত আৱশ্যকীয় উপায় উপলব্ধ কৰোৱাৰ বাবে ডিজাইন কৰা হৈছে।

 

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰি-অপাৰেচনেল ম'ডত বৰ্তমানৰ ঋতুৰ বতৰৰ সময়ত এই প্ৰণালীৰ পৰীক্ষা কৰিছে আৰু ইয়াৰ সত্যাপনৰ বাবে এই এলেকাৰ ৰাষ্ট্ৰীয় জল বিজ্ঞান আৰু বতৰ বিজ্ঞান সেৱাসমূহক হঠাতে আহিবলগীয়া বান সম্পৰ্কীয় বুলেটিন দিয়া হৈছিল। স্থানীয় স্তৰত হঠাতে আহিবলগীয়া বানৰ সম্ভাব্য ঘটনাৰ বিষয়ে মাৰ্গদৰ্শন প্ৰদান কৰিবলৈ এই প্ৰণালীত বিজ্ঞান, গতিশীলতা আৰু নিদানেৰে জড়িত গুৰুত্বপূৰ্ণ তথ্য মজুত আছে।

 

*******

NB/KGS/(IMD inputs)



(Release ID: 1667263) Visitor Counter : 274