জল শক্তি মন্ত্ৰালয়

জল শক্তি মিছনৰ ৰূপায়ন সন্দৰ্ভত নাগালেণ্ডত মধ্যকালীন পৰ্যালোচনা বৈঠক

Posted On: 23 OCT 2020 5:25PM by PIB Guwahati

জল জীৱন মিছন(জেজেএম)ৰ ৰূপায়ন সন্দৰ্ভত আজি নাগালেণ্ডত  এখন মধ্যকালীন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নাগালেণ্ডৰ ৰাজ্যিক বিষয়াসকলে জল জীৱন মিছনৰ অগ্ৰগতি প্ৰদৰ্শন কৰে। জল জীৱন মিছন হল ভাৰত চৰকাৰৰ এক ধ্বজাবাহী আঁচনি। ইয়াৰ লক্ষ্য হল ২০২৪ৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালক কাৰ্যক্ষম ঘৰুৱা পানীকল সংযোগ(এফএইচটিচি)আগবঢ়াই গ্ৰামাঞ্চলৰ লোকৰ জীৱন-যাপনৰ মান উন্নত কৰা।

নাগালেণ্ডৰ ১,৫০২খন গাওঁৰ ১,৩৫১খনত পাইপযুক্ত পানী যোগান ব্যৱস্থা আছে, যাৰ জৰিয়তে ৩ লাখ পানীকল সংযোগ প্ৰদান কৰিব পাৰি। ৰাজ্যখনৰ একমাত্ৰ আকাংক্ষিত জিলা কাইফিৰেৰ ১১১খন গাওঁৰ ৮৩খন(৭৫শতাংশ)ত পাইপযুক্ত পানী যোগান ব্যৱস্থা(পিডব্লিউএছ)আছে। তদুপৰি, জিলাখনৰ ১৫,৮৪৫ পৰিয়ালৰ ভিতৰত ১৩,৪৭৮(৮৫শতাংশ)পৰিয়াল পাইপযুক্ত পানী যোগান ব্যৱস্থা(পিডব্লিউএছ)ৰে সমৃদ্ধ আৰু অৱশিষ্ট পৰিয়ালসমূহকো টেপযুক্ত পানী সংযোগ প্ৰদান কৰা হব।

জল জীৱন মিছনৰ অধীনত ২০২০-২১ত নাগালেণ্ডক ১১৪.০৯কোটি টকাৰ অনুমোদন আগবঢ়োৱা হৈছে। ইয়াৰে ২৮.৫২ কোটি ৰাজ্যখনক মুকলি কৰি দিয়া হৈছে। তদুপৰি, পঞ্চদশ বিত্তীয় আয়োগে ২০২০-২১ত নাগালেণ্ডৰ স্থানীয় গ্ৰাম্য নিকায়লৈ ১২৫কোটিৰ অনুদান আগবঢ়াইছে। ইয়াৰে ৫০শতাংশ খোৱা পানী যোগান আৰু স্বচ্ছতাৰ সৈতে জড়িত কাম-কাজত ব্যৱহাৰ কৰাটো বাধ্যতামূলক।

যোৱা ২ অক্টোবৰ,২০২০ত মুকলি হোৱা বিশেষ ১০০ দিনীয়া অভিযানৰ অংশস্বৰূপে ৰাজ্যখনৰ সকলো অংগনবাদী কেন্দ্ৰ আৰু স্কুলক পাইপযুক্ত পানী যোগান ব্যৱস্থাৰে সংযুক্ত কৰিবলৈ নাগালেণ্ড চৰকাৰক অনুৰোধ জনোৱা হৈছে।

APS/MG/AS



(Release ID: 1667171) Visitor Counter : 138