পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

পঞ্জীয়ণ নথিত দিব্যাংগজনৰ মালিকানা সম্পৰ্কীয় দফা সন্নিৱিষ্ট কৰাৰ বাবে প্ৰয়োজনীয় সংশোধনী অধিসূচিত কৰিলে ‘এমঅ’আৰটিএইচ’-য়ে

Posted On: 23 OCT 2020 3:39PM by PIB Guwahati

যান-বাহনৰ পঞ্জীয়ণৰ সময়ত মালিকানা সম্পৰ্কীয় বিস্তৃত তথ্য আদায় কৰিব পৰাকৈ কেন্দ্ৰীয় যান-বাহন বিধি(চিএমভিআৰ) ১৯৮৯ৰ ২০ নং প্ৰ-পত্ৰৰ সংশোধন কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়-য়ে যোৱা ২২ অক্টোবৰ ২০২০ত অধিসূচনা জাৰি কৰিছে।

যান-বাহনৰ পঞ্জীয়ণৰ বাবে প্ৰয়োজনীয় চিএমভিআৰ-ৰ বিভিন্ন প্ৰ-পত্ৰত মালিকানা সম্পৰ্কীয় বিস্তৃত তথ্য যথোপযুক্ত ভবে প্ৰতিবিম্বিত নোহোৱা কথাটো বিগত সময়ত মন্ত্ৰালয়টোৰ দৃষ্টিগোচৰ হৈ আহিছিল।

এনে প্ৰেক্ষাপটতে মালিকানাৰ প্ৰকাৰ স্পষ্ট কৰিব পৰাকৈ চিএমভিআৰ-ৰ ২০নং প্ৰ-পত্ৰখন তলত উল্লেখ কৰা ধৰণে সংশোধনৰ ব্যৱস্থা কৰা হয় : ৪-ক: মালিকানাৰ প্ৰকাৰ স্বায়ত্তশাসিত নিকায়, কেন্দ্ৰীয় চৰকাৰ, দাতব্য ন্যাস, গাড়ী চালনাৰ প্ৰশিক্ষণ বিদ্যালয়, দিব্যাংগজন (ক)জিএছটিৰ ৰেহাইৰ সুবিধা গ্ৰহণ কৰি (খ)জিএছটিৰ ৰেহাইৰ সুবিধা গ্ৰহণ নকৰাকৈ, শিক্ষা প্ৰতিষ্ঠান, চৰকাৰৰ পৃষ্ঠপোষকতাৰে পৰিচালিত প্ৰতিষ্ঠান, ব্যক্তিগত, স্থানীয় প্ৰাধিকৰণ, বহু-মলিকানাবিশিষ্ট, আৰক্ষী বিভাগ, ৰাজ্য চৰকাৰ, ৰাজ্যিক পৰিবহণ নিগম/বিভাগ আৰু অন্যান্য

তদুপৰি, যান-বাহন কিনা/মালিকানা আহৰণ কৰা/সঞ্চালন কৰাৰ ক্ষেত্ৰত জিএছটি আৰু অন্যান্য বিভিন্ন চৰকাৰী আঁচনিয়ে প্ৰদান কৰা ৰেহাইৰ সুবিধাসমূহ দিব্যাংগজন(শাৰিৰীক ভাবে প্ৰতিবন্ধী ব্যক্তি)ক আগবঢ়োৱা হৈছে। বৰ্তমানৰ চিএমভিআৰ ১৯৮৯ত মালিকানা সম্পৰ্কীয় দফাত দিব্যাংগজনৰ বিস্তৃত তথ্য প্ৰতিম্বিত হোৱা নাছিল। সেয়ে চৰকাৰী আঁচনিয়ে আগবঢ়োৱা সা-সুবিধাসমূহ এইসকল ব্যক্তিয়ে আদায় কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছিল। প্ৰস্তাৱিত সংশোধনীত তেনে মালিকানা সম্পৰ্কীয় তথ্য বিস্তৃত ভাবে সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়ে দিব্যংগজনক এইসমূহ সুবিধা আদায় কৰাৰ সুযোগ দান কৰিব।

এই সন্দৰ্ভত ৰাজহুৱা পৰামৰ্শ আৰু অভিমত বিচাৰি যোৱা ১৯ আগষ্ট, ২০২০ত আহ্বান জনোৱা হৈছিল।

 

***

NB/MS/KB



(Release ID: 1667093) Visitor Counter : 23