ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

‘জি-২০’ দেশৰ ‘মন্ত্ৰী পৰ্যায়ৰ দুৰ্নীতি-বিৰোধী কৰ্মগোট’ৰ প্ৰথমখন সন্মিলন সম্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে

ড০ সিঙে কয়, ‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে দুৰ্নীতি আৰু হিচাপ বৰ্হিভূত ধনৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য সহণশীলতাৰ নীতি অক্ষুণ্ণ ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ’

Posted On: 22 OCT 2020 7:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দুৰ্নীতি নিবাৰণৰ প্ৰতিশ্ৰুতি দোহাৰিলে ভাৰতে। প্ৰথম বাৰৰ বাবে অনুষ্ঠিত ‘জি-২০ দেশৰ মন্ত্ৰী পৰ্যায়ৰ দুৰ্নীতি বিৰোধী কৰ্মগোট’ৰ সন্মিলন সম্বোধন কৰি কেন্দ্ৰীয় উত্তৰ-পূব উন্নয়ণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে এই প্ৰতিশ্ৰুতি দোহাৰি কয় যে ‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ ভাৰতে দুৰ্নীতি আৰু হিচাপ বৰ্হিভূত ধনৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য সহণশীলতাৰ নীতি অক্ষুণ্ণ ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ’। এই লক্ষ্যৰে মোডী চৰকাৰে বিগত ৬টা বছৰত এলানি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।  

 

ভাষণ প্ৰসংগত তথ্য দাঙি ধৰি তেওঁ কয় যে ১৯৮৮ চনৰ ভাৰতৰ দুৰ্নীতি নিবাৰক আইনখনত উত্কোচ লোৱাই নহয়, দিয়া কাণ্ডকো অপৰাধ হিচাপে চিহ্নিত কৰাৰ লগতে তেনে কৰ্ম-কাণ্ডৰ পৰা জনসাধাৰণৰ লগতে কৰ্পোৰেট গোষ্ঠীসমূহক বিৰত ৰখাৰ বাবে বিভিন্ন দফা সন্নিৱিষ্ট কৰাৰ লক্ষ্যৰে মোডী চৰকাৰে সুদীৰ্ঘ ৩০বছৰৰ পিচত যোৱা ২০১৮ চনত আইনখন সংশোধন কৰিছিল

শীৰ্ষ পৰ্যায়ত সংঘটিত দুৰ্নীতি নিৰ্মূল কৰাৰ লগতে কৰ্পোৰেট খণ্ডৰ উত্কোচৰ লেন-দেনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ পক্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা নীতিকে সাৰোগত কৰি বৰ্তমানৰ আইনখন যুগুতোৱাৰ লগতে ৰূপায়ণৰ দিহা কৰা হৈছে বুলি উল্লেখ কৰে ড০ সিঙে। ইয়াৰ জৰিয়তে প্ৰকৃত উত্কোচ দিওতাৰ স্বৰূপ উদঙাই দিব পৰাকৈ এক প্ৰতিনিধিত্বমূলক দায়বদ্ধতা সাব্যস্ত কৰিব খোজা হৈছে।

শাসন-প্ৰক্ৰিয়ালৈ অধিক স্বচ্ছতা অনা, অধিক নাগৰিক স্বাৰ্থকেন্দ্ৰিক হিচাপে ব্যৱস্থাসমূক গঢ়ি তোলা, অধিক দায়বদ্ধ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে বৰ্তমানৰ চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি উল্লেখ কৰা ড০ সিঙে কয় যে সৰ্বোচ্চ পৰ্যায়ৰ দুৰ্নীতি নিৰ্মূলৰ বাবে লোকপাল ব্যৱস্থা কাৰ্যান্বিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা নিৰ্ণায়ক উদ্যোগে বৰ্তমানৰ চৰকাৰৰ এই প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতীয়মান কৰিছে।

জি-২০ দেশৰ সন্মিলনলৈ অহা প্ৰতিনিধিসকলক সঁকীয়াই দি তেওঁ কয় যে পৃথিৱীয়ে আজি পলাতক অৰ্থনৈতিক অপৰাধী আৰু বহু দেশজুৰি ব্যাপ্ত সা-সম্পত্তিৰ এক নব্য প্ৰত্যহ্বানৰে মোকাবিলা কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে। প্ৰসংগক্ৰমে তেওঁ, ২০১৮ চনত ভাৰতে বলবত্ কৰা পলাতক অৰ্থনৈতিক অপৰাধী আইন-য়ে সংশ্লিষ্ট প্ৰাধিকাৰীসমূহক দুৰ্নীতিগ্ৰস্থ তথা পলাতক অৰ্থনৈতিক অপৰাধীৰ সা-সম্পত্তিৰ অবিশ্বাস আধাৰিত সংলগ্নীকৰণ তথা অপৰাধী কাৰ্যকলাপ ৰোধ কৰাৰ লগতে সা-সম্পত্তি আৰু স্থাৱৰ-অস্থাৱৰ সম্পদ বাজেয়াপ্ত কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে বুলি তথ্য দাঙি ধৰে।

ড০ সিঙে কয়, যিসকল অভিযুক্তই বিদেশত আশ্ৰয় গ্ৰহণ কৰিছে আৰু অপৰাধৰ বিৰুদ্ধে গ্ৰহণ কৰিব খোজা প্ৰক্ৰিয়া বাধাগ্ৰস্থ কৰিব বিচাৰিছে তেনে ব্যক্তিৰ বিৰুদ্ধেও আমি পদক্ষেপ গ্ৰহণ কৰিছো। তেওঁ জি-২০ দেশৰ দুৰ্নীতি বিৰোধী কৰ্মগোটে অন্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে সহযোগিতাৰে দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত যুঁজখনক সঠিক পথেৰে আগুৱাই নিয়াৰ বাবে প্ৰশংসা কৰে।

 

 

ৰোনাৰ সংকটৰ মাজতো এনে এখন সন্মিলনৰ আয়োজন কৰা বাবে জি-২০ দুৰ্নীতি বিৰোধী কৰ্মগোটৰ প্ৰয়াসৰ শলাগ লোৱা ড০ সিঙে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ হোৱা আমাৰ ধৰ্মযুদ্ধখনক আনকি কভিড-১৯ দৰে মহামাৰীয়েও নিৰস্ত্ৰ কৰিব নোৱাৰে

তেওঁ, প্ৰতিস্থাৰ দশম বৰ্ষিকীত জি-২০ মন্ত্ৰী পৰ্যায়ৰ সন্মিলন এখন অনুষ্ঠিত কৰাৰ বাবে অধ্যক্ষ-দেশ ছৌদী আৰৱকো অভিনন্দন জনায়। দুৰ্নীতিৰ দৰে সমাজৰ ব্যাধি নিৰ্মূলৰ বাবে সমগ্ৰ পৃথিৱীয়েই মাৰ বান্ধি আগবাঢ়ি আহিব বুলিও আশা প্ৰকাশ কৰে ড০ সিঙে।

<><><><><>

SNC/KB



(Release ID: 1666962) Visitor Counter : 178