ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

৪০%ৰোধিক বৃদ্ধিৰে চলিত ২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম দুটা ত্ৰৈমাসিকত ৫৩০.১০ মেট্ৰিক টন মালাথিয়ান টেকনিকেল প্ৰস্তুত এইচআইএলৰ

উৎকৃষ্ট সফলতাৰ বাবে এইচআইএল টীমক অভিনন্দন জ্ঞাপন শ্ৰী ডিভি সদানন্দ গৌড়াৰ

Posted On: 22 OCT 2020 12:16PM by PIB Guwahati

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰসায়ন আৰু পেট্ৰ’কেমিকেলছ বিভাগৰ অন্তৰ্গত পিএছইউ, এইচআইএল (ইণ্ডিয়া) লিমিটেডে ২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম দুটা ত্ৰৈমাসিকত এতিয়ালৈকে সৰ্বাধিক মালাথিয়ান টেকনিকেল উৎপাদন কৰিবলৈ সক্ষম হৈছে। ক’ভিড-১৯ মহামাৰীৰ বাবে বাধা-নিষেধৰ মাজতো চলিত বৰ্ষটোৰ প্ৰথম দুটা ত্ৰৈমাসিকত কোম্পানীটোৱে ৫৩০.১০ মেট্ৰিক টন মালাথিয়ান টেকনিকেল প্ৰস্তুত কৰি উলিয়ায়। ইয়াৰ তুলনাত যোৱা বিত্তীয় বৰ্ষটোৰ একেখিনি সময়ত উৎপাদন আছিল ৩৭৫.৫ মেট্ৰিক টন। এই বৃদ্ধিৰ হাৰ হৈছে ৪১%।

প্ৰথম দুই ত্ৰৈমাসিকত কোম্পানীটোৱে মালাথিয়ানৰ সৰ্বাধিক বিক্ৰীৰেও অভিলেখ স্থাপন কৰে আৰু এই পৰিমাণৰ সমূহ ভিন্ন প্ৰতিষ্ঠানলৈ যোগান ধৰে। যেনেঃ কৃষি বিভাগৰ কাকতি ফৰিং নিয়ন্ত্ৰণ কাৰ্যক্ৰম আৰু সমগ্ৰ দেশখনৰ পৌৰ নিগমসমূহৰ ভেক্টৰ নিয়ন্ত্ৰণ কাৰ্যক্ৰম। এই সময়ছোৱাত কোম্পানীটোৱে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যোগেদি চৰকাৰী পৰ্যায়ত ইৰাণলৈ মালাথিয়ান টেকনিকেলৰ ৰপ্তানি কৰে।

এই উৎকৃষ্ট সফলতাৰ বাবে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডিভি সদানন্দ গৌড়াই এইচআইএলৰ পৰিচালনা মণ্ডলীক অভিনন্দন জ্ঞাপন কৰে।

কীটনাশকৰ ভিন্ন টেকনিকেল আৰু ফৰ্মূলেশ্যন গ্ৰেড প্ৰস্তুত কৰি আহিছে এইচআইএলে। মহামাৰী প্ৰাদুৰ্ভাৱৰ বাবে ভিন্ন প্ৰত্যাহ্বান সত্বেও, কোম্পানীটোৱে ২০ৰ এপ্ৰিলত সীমিত পৰিমাণৰ কৰ্মবল আৰু যোগান শৃংখলৰ বাধাৰ মাজত উৎপাদন কাৰ্য আৰম্ভ কৰে। বিভিন্ন চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত কাৰ্যক্ৰমত সহায় আৰু দেশখনৰ কৃষিজীৱী ৰাইজলৈ কৃষি ৰাসায়নিক দ্ৰব্য যোগানৰ অংগীকাৰ পূৰণ কৰিবলৈকে কোম্পানীটোৱে এই উৎপাদন কাৰ্য আৰম্ভ কৰিছিল।

****

NB/RCJ/RKM/SB



(Release ID: 1666932) Visitor Counter : 94