জল শক্তি মন্ত্ৰালয়

‘জল শক্তি মিছন’ৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সম্পন্ন হোৱাৰ কামৰ মধ্যৱৰ্তিকালীন অগ্ৰগতিৰ সমীক্ষা কৰিলে ‘জল শক্তি মন্ত্ৰালয়ে’

‘এছচি’/‘এছটি’ অধ্যুষিত গাঁও আৰু আকংক্ষী জিলাসমূহক ২০২১ৰ ভিতৰত আৰু ২০২২ৰ ভিতৰত সাৰ্বজনীন ভাবে সমগ্ৰ ৰাজ্যখনকে সামৰিব খোজা ছিকিমৰ সৈতে মধ্যৱৰ্তিকালীন পৰ্যালোচনা সভা অনুষ্ঠিত

Posted On: 21 OCT 2020 2:35PM by PIB Guwahati

জল শক্তি মন্ত্ৰালয়ে ২০২৪ চনৰ ভিতৰত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জল শক্তি মিছন(জেজেএম) কাৰ্যক্ৰমৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ সকলো গৃহস্থীলৈ নল সংযোগী পানীৰ যোগান নিশ্চিত কৰাৰ সাৰ্বজনীন লক্ষ্যত উপনীত হোৱাৰ পথত এই পৰ্যন্ত সম্পাদিত হোৱা কামৰ অগ্ৰগতিৰ এক সমীক্ষা কৰে। আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ খটিয়ান লোৱাৰ উদ্দেশ্যে বছৰৰ এক মধ্যকালীন পৰ্যালোচনা ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হৈছে। গ্ৰাম্যাঞ্চলৰ সকলো গৃহস্থীলৈ নল-সংযোগী পানী যোগান সংক্ৰা্ন্তীয় সকলো তথ্য দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তৰফৰ পৰা দাখিল কৰা হৈছে।

 

আজি ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ আগত ছিকিমে তেওঁলোকৰ মধ্যকালীন অগ্ৰগতিৰ খটিয়ান দাঙি ধৰে। ৰাজ্যখনত প্ৰায় ১.০৫ লাখ গৃহস্থী আছে, ইয়াৰে ৭০,৫২৫(৬৭%) গৃহস্থীয়ে ইতিমধ্যে নল-সংযোগী পানীৰ সংযোগ লাভ কৰিছে। ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্যখনৰ ১০০% গৃহস্থীকে এই আঁচনিৰে সামৰি লোৱাৰ বাবে ছিকিম চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যখনত ইতিমধ্যেই এক সুন্দৰ পানী যোগান আন্তঃগাঁথনি বৰ্তি আছিলেই। এই আন্তঃগাঁথনিৰ সহায়ত ৰাজ্যখনৰ ৪১১খন গাঁৱলৈ পানীৰ যোগান ধৰি থকা হৈছে। এছচি’/‘এছটি অধ্যুষিত গাঁও আৰু আকংক্ষী জিলাসমূহক ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত এই আঁচনিৰে সামৰি লব বিচৰা হৈছে। পিডব্লিউএছ পদ্ধতিৰ গাঁওসমূহৰ মাত্ৰ ৮১খনেহে হৰ ঘৰ জল-ৰ স্থিতি সম্ভৱ কৰিব পাৰিছে। শেহতীয়া ভাবে ৭,৭৯৮ টেপ-সংযোগৰ জৰিয়তে ২১১খনৰো অধিক গাঁৱক ১০০% টেপ-সংযোগী পানী যোগান সম্ভৱ কৰা গাঁও হিচাপে পৰিগণিত কৰিব পৰা গৈছে। পিডব্লিউএছ গাঁওসমূহক ১০০% টেপ-সংযোগী কৰাৰ বাবে ৰাজ্যখনে এই কাম আগতীয়াকৈ সম্পন্ন কৰিব পৰাকৈ পৰিকল্পনা যুগুতোৱা উচিত।

 

সমীক্ষা সভাত গাঁও কৰ্ম পৰিকল্পনাৰ প্ৰস্তুতি, গাঁও পানী তথা অনাময় সমিতি(ভিডব্লিউএছচি) গঠনৰ দৰে প্ৰসংগ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন, মহিলা আত্মসহায়ক গোট, অনা-চৰকাৰী সংস্থা আদিৰ সহযোগিতা আদায়ৰ প্ৰসংগতো সভাত গুৰুত্ব প্ৰদান কৰা হয়।

 

জল জীৱন মিছন-ৰ ৰূপায়ণৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত ছিকিমলৈ ৩১.৩৬ কোটি টকাৰ পুঁজিৰ আৱণ্টন দিয়া হৈছে আৰু ইয়াৰে ৭.৮৪ কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। প্ৰথম কিস্তিৰ দ্বিতীয়টো অংশৰ ধন আদায় কৰিবলৈ হলে ৰাজ্যখনে ইতিমধ্যে লাভ কৰা পুঁজিৰ সদ্ব্যৱহাৰ খৰটকীয়া কৰি তুলিব লাগিব।

 

 

*****

APS/MG/AS/KB



(Release ID: 1666697) Visitor Counter : 141