বিত্ত মন্ত্ৰালয়
‘আইএফএছচি’-ত ‘আৰইআইটি’ আৰু ‘আইএনভিআইটি’ সম্পৰ্কীয় বিধি-ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছে ‘আইএফএছচিএ’-য়ে
Posted On:
21 OCT 2020 6:38PM by PIB Guwahati
‘গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক-চিটী ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচেজ চেণ্টাৰ’(জিআইএফটি-আইএফএছচি)ত বিত্তীয় সামগ্ৰী আৰু সেৱা বিকশিত কৰাৰ উদ্দেশ্য আগত ৰাখি ই’ণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচেজ চেণ্টাৰ অথ’ৰিটী(আইএফএছচিএ)’য়ে ‘ৰিয়েল এষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্ট’(আৰইআইটি) আৰু ‘ইনফ্ৰাষ্ট্ৰাকশ্যাৰ ইনভেষ্টমেণ্ট ট্ৰাষ্ট’(আইএনভিআইটি) সম্পৰ্কীয় বিধি-ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছে।
‘আইএফএছচিএ’-য়ে গোলকীয় অংশগ্ৰহণকাৰী অৰ্থাত্ ‘আৰইআইটি’ আৰু ‘আইএনভিআইটি’-ক ‘জিআইএফটি-আইএফএছচি’-ৰ ‘ষ্টক এক্সচেঞ্জ’ সম্পৰ্কীয় তালিকাত অন্তৰ্ভুক্ত হ’ব পৰাকৈ ‘এফএটিই’-ৰ ‘অভিযোগ-অধিকাৰক্ষেত্ৰ’ৰ আওতালৈ অনাৰ পৰামৰ্শ প্ৰদান কৰিছে। সেইদৰে ব্যক্তিগত খণ্ডত নিয়োজনৰ জৰিয়তে পুঁজি আহৰণৰ বাবে অতিৰিক্ত অনুমোদনো আগবঢ়োৱা হৈছে ‘আইএনভিআইটি’-ক।
‘আইএফএছচি’-ত পঞ্জীয়ণ কৰা ‘আৰইআইটি’ আৰু ‘আইএনভিআইটি’-ক গোলকীয় বিত্তীয় কেন্দ্ৰসমূহে প্ৰদান কৰা বিধি-ব্যৱস্থাৰ আধাৰত, ‘আইএফএছচি-ভাৰত’ আৰু অন্যান্য বিদেশী অধিকাৰ-ক্ষেত্ৰৰ ক্ৰমে ‘ৰিয়েল এষ্টেট সম্পদ’ আৰু ‘আন্তঃগাঁথনিমূলক প্ৰকল্প’ত বিনিয়োগ কৰাৰ অনুমোদন জনোৱা হৈছে।
অতিৰিক্ত ভাবে, ‘আইএফএছচি’-ৰ বাহিৰে অন্য অনুমোদিত অধিকাৰ-ক্ষেত্ৰ(সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান, দক্ষিণ কোৰিয়া, ব্ৰিটিছ অভাৰচীজ টেৰিটৰিজ-ৰ বাহিৰে ইউনাইটেড কিংডম, ফ্ৰান্স, জাৰ্মানী, কানাডা আৰু ভাৰত) অথবা ভাৰতত ইতিমধ্যে তালিকাভুক্ত ‘আৰইআইটি’ আৰু ‘আইএনভিআইটি’-ক ঘৰুৱা অধিকাৰ-ক্ষেত্ৰত প্ৰযোজ্য আইনৰ আধাৰত ‘আইএফএছচি’ অনুমোদিত ‘ষ্টক এক্সচেঞ্জ’ত তালিকাভুক্ত কৰাৰ লগতে বাণিজ্য কৰাৰ অনুমতিও প্ৰদান কৰা হৈছে।
‘আইএফএছচি’-ৰ ‘ষ্টক এক্সচেঞ্জ’ৰ প্ৰয়োজনীয়তাৰ আধাৰত ‘আৰইআইটি’ আৰু ‘আইএনভিআইটি’-ক তালিকাভুক্ত কৰাৰ দিহা কৰা হ’ব।
‘আইএফএছচি’-ত অন্তৰ্ভুক্ত নিকায়সমূহে আন্তঃৰাষ্টীয় অধিকাৰ-ক্ষেত্ৰৰ ‘ৰিয়েল এষ্টেট’ আৰু ‘আন্তঃগাঁথনি খণ্ড’ত অংশগ্ৰহণ কৰিব পৰাৰ লগতে ইয়াৰ পৰা লাভান্বিতও হ’ব পাৰিব।
‘আৰইআইটি’ আৰু ‘আইএনভিআইটি’ সম্পৰ্কীয় বিধি-ব্যৱস্থাৰ বিস্তৃত তথ্য ‘আইএফএছচিএ’-ৰ ৱে’বছাইট URL:https://ifsca.gov.in/Circularত উপলব্ধ কৰা হৈছে।
****
RM/KMN/KB
(Release ID: 1666692)
Visitor Counter : 218