ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
গাডকাৰীয়ে মুকলি কৰিলে এক অনন্য খাদীৰ পাদুকা; কেভিআইচিৰ লক্ষ্য হৈছে ৫ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰা
পোষ্ট কৰা হৈছে:
21 OCT 2020 4:03PM by PIB Guwahati
এতিয়া পাদুকাত হস্তশিল্প কৰা খাদী কাপোৰৰ মসৃণতা অনুভৱ কৰক। এক অনন্য পাদুকা প্ৰস্তুত কৰি উলিওৱা হৈছে। এইবিধ পাদুকাত খাদীৰ হস্তশিল্প ফেব্রিকৰ সূক্ষ্ম কাম কৰা হৈছে । কেন্দ্রীয় অতিক্ষুদ্র, ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগ মন্ত্রী শ্রী নীতিন গাডকাৰীয়ে আজি এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে খাদী আৰু গ্রামোদ্যোগ আয়োগ(কেভিআইচি)এ ডিজাইন কৰি উলিওৱা এই খাদী ফেব্রিক পাদুকা মুকলি কৰে। কেভিআইচিৰ ই-পোর্টেল http://www.khadiindia.gov.in./ ৰ জৰিয়তে খাদীৰ পাদুকাসমূহ অনলাইনত বিক্রী কৰা হ’ব। শ্ৰী গাডকাৰীয়ে অনলাইন বিক্ৰীও মুকলি কৰে।
শ্রী গাডকাৰীয়ে এই খাদীৰ ফেব্রিক কৰা পাদুকাৰ প্ৰশংসা কৰি কয়, এই ধৰণৰ অনন্য সামগ্ৰীসমূহৰ আন্তর্জাতিক বজাৰ দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ কয়, খাদীৰ ফেব্রিক কৰা পাদুকা প্ৰস্তুতৰ ফলত অতিৰিক্ত কর্মসংস্থান সৃষ্টি হোৱাৰ লগতে কাৰিকৰসকলে অধিক আয় লাভ কৰিব পাৰিব। পাটোলা ছিল্ক, বেনাৰসী ছিল্ক, কটন, ডেনিমৰ দৰে সূক্ষ্ম ফেব্রিকৰ কাম কৰা হৈছে এই পাদুকাসমূহত । তৰুণ প্ৰজন্মৰ যুৱক-যুৱতীয়ে অনলাইনৰ মাধ্যমেৰে এই আকর্ষণীয় পাদুকাসমূহ ক্ৰয় কৰিব পাৰিব। বিদেশৰ বজাৰত এই পাদুকা বিক্রীৰ বিপুল সম্ভাৱনা আছে বুলিও কয় মন্ত্রীগৰাকীয়ে। বিদেশত এনে সামগ্ৰীৰ বজাৰ বৃদ্ধি কৰি ভাৰতৰ খাদীয়ে ৫ হাজাৰ কোটি টকা মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হ’ব বুলিও আশা প্রকাশ কৰে মন্ত্রীগৰাকীয়ে ।
অনুষ্ঠানত কেন্দ্রীয় অতিক্ষুদ্র, ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগ মন্ত্রালয়ৰ ৰাজ্যমন্ত্রী শ্রী প্রতাপ চন্দ্র সাৰংগী, কেভিআইচিৰ অধ্যক্ষ শ্রী বিনয় কুমাৰ ছাক্সেনা উপস্থিত থাকে। প্রধানমন্ত্রীয়ে ‘লোকেল টু গ্লোবেল’ বা স্থানীয় পণ্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি লক্ষ্য লৈছে তাৰেই অংশ হিচাপে খাদীৰ এই ফেব্রিক কৰা পাদুকা প্ৰস্তুতৰ উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে কেভিআইচিয়ে টাইটানৰ সহযোগত প্ৰথমবাৰৰ বাবে সফলতাৰে খাদীৰ হাতঘড়ী প্ৰস্তুত কৰি উলিয়াইছিল।
*******
NB/RCJ/RNM/IA/KG
(ৰিলিজ আই ডি : 1666687)
অতিথি কক্ষ : 221