তীখা মন্ত্ৰালয়

দেশৰ জনমূৰি তীখা ব্যৱহাৰ বৃদ্ধিত গ্ৰামীণ ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

‘আত্মনিৰ্ভৰ ভাৰতঃ গ্ৰামীণ অৰ্থনীতি-কৃষি-গ্ৰামোন্নয়ন, পশুপালন আৰু দুগ্ধপাম, খাদ্য সংসাধন ক্ষেত্ৰত ষ্টীলৰ ব্যৱহাৰত উদ্গনি’ শীৰ্ষক ৱেবিনাৰ আয়োজন

प्रविष्टि तिथि: 20 OCT 2020 2:45PM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেআত্মনিৰ্ভৰ ভাৰতঃ গ্ৰামীণ অৰ্থনীতি-কৃষি বিকাশ, পশুপালন আৰু দুগ্ধপাম, খাদ্য সংসাধনত ষ্ট্ৰীল ব্যৱহাৰত উদ্গনি শীৰ্ষক এক ৱেবিনাৰত ভাষণ আগবঢ়ায়৷ ভাৰতীয় উদ্যোগ মহাসংঘ(চিআইআই) সহযোগত তীখা মন্ত্ৰালয়ে এই ৱেবিনাৰৰ আয়োজন কৰে৷ ৱেবিনাৰত কেন্দ্ৰীয় তীখা মন্ত্ৰী প্ৰধানে আমাৰ গাঁওসমূহৰ বিকাশ আৰু সমৃদ্ধি তথা আমাৰ গ্ৰামীণ অৰ্থনীতিক শক্তিশালী তথা আত্মনিৰ্ভৰ কৰাত ভাৰতৰ তীখা খণ্ডৰ ভূমিকাৰ সন্দৰ্ভত নিজৰ চিন্তাধাৰা ব্যক্ত কৰে৷ এই উপলক্ষে কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ, কৃষি আৰু কৃষক কল্যান তথা খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ তীখা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীফগ্গন সিং কুলাস্তেও এই কাৰ্যসূচী ভাষণ আগবঢ়ায়৷ ৱেবিনাৰৰ মুখ্য অতিথি শ্ৰী প্ৰধানে কয় যে গ্ৰামাঞ্চলত তীখাৰ চাহিদা বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে৷ তেওঁ এই ৱেবিনাৰত তীখা, কৃষি, গ্ৰামোন্নয়ন, পশুপালন আৰু দুগ্ধপামৰ অংশীদাৰসকলক একেখন মঞ্চত দেখি সুখী হোৱা বুলি কয়৷ মন্ত্ৰীগৰাকীয়ে কয় যে লাখ কোটি টকা কৃষি আন্তঃগাঁথনিমূলক পুঁজিত কেতবোৰ নতুন ক্ষেত্ৰক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে দেশত ,০০০ কম্প্ৰেছড জৈৱ গেছ(চিবিজি) বিকশিত কৰি থকা হৈছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে এই চিবিজিৰ উন্নয়নত সহযোগিতা আগবঢ়াইছে৷ চৰকাৰে চাউলৰ পৰা ইথানল প্ৰস্তুতৰ কাম কৰি আছে৷ সকলোৰে বাবে গৃহ সুনিশ্চিত কৰাৰ অভিযান, গ্ৰামাঞ্চলৰ পথত বিনিয়োগ, ৰেলৱেৰ আধাৰিত গাঁথনি উন্নত কৰা আৰু কৃষিৰ গতি প্ৰদান কৰা ইত্যাদি সকলোতে তীখাৰ চাহিদা বৃদ্ধি পাইছে৷ তেওঁ লগতে কয় যে দেশত জনমূৰি তীখা ব্যৱহাৰত গ্ৰাম্য ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ সমাজত অধিক শক্তিশালী কৰি গ্ৰামোন্নয়ন সুনিশ্চিত কৰাৰ লগতে সংস্থাপন সৃষ্টিতো অৰিহণা যোগাব৷

ইফালে, কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানক বাস্তবায়িত কৰাৰ বাবে গাঁওসমূহ আত্মনিৰ্ভৰ লাগিব৷ তেওঁ কয় যে আমাৰ গাঁওসমূহ শক্তিশালী আৰু আত্মনিৰ্ভৰ কৰি তোলাত তীখাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব৷ তেওঁ বিগত বছৰসমূহত গাঁওসমূহৰ পৰিৱৰ্তন সাহজনক বুলি সদৰি কৰে৷ তেওঁ লগতে কয় যে নীতিগত সমৰ্থন, বিকাশৰ প্ৰচেষ্টাৱলী, কৃষি ঋণ ৰেহাই, উচ্চ হাৰৰ ন্যূনতম সমৰ্থিত মূল্য, প্ৰত্যক্ষ লাভ হস্তান্তৰ(ডিবিটি) আৰু এক গ্ৰামীণ বিকাশকেন্দ্ৰিক বাজেটীয় প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰামীণ উপভোক্তাসকলৰ ব্যয় ক্ষমতাত সংস্কাৰ সাধন কৰা হৈছে৷

মন্ত্ৰী ফগ্গন সিং কুলাস্তেই ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰামীণ দৃশ্যপটৰ পৰিৱৰ্তনৰ বাবে একাধিক পদক্ষেপ লোৱা বুলি কয়৷ তেওঁ কয় যে উচ্চ হাৰৰ এমএছপি আৰু কৃষি পাদন সমৰ্থন মূল্য, এনৰেগা আৰু অন্যান্য চৰকাৰী আঁচনিত পুঁজিৰ পৰিমাণ বৃদ্ধিয়ে গ্ৰামীণ এলেকাৰ লোকসকলক সৰ্বতোপ্ৰকাৰে শক্তিশালী কৰি তুলিছে৷ এইবোৰে গ্ৰামাঞ্চলত তীখাৰ ব্যৱহাৰ বৃদ্ধি অৰিহণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

ৱেবিনাৰত আগশাৰীৰ তীখা উদ্যোগ, তীখা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ, গ্ৰামোন্নয়ন, কৃষি আৰু কৃষক কল্যান, পঞ্চায়তীৰাজ আৰু খাদ্য সংসাধন উদ্যোগ আৰু মীনপালন মন্ত্ৰালয়ৰ লগতে উত্তৰপ্ৰদেশ, বিহাৰ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰ আৰু চিআইআইৰ একাংশ জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে৷

 

****

TFK/PS/DB


(रिलीज़ आईडी: 1666293) आगंतुक पटल : 248
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Odia , Tamil , Telugu