মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

আইআইটি ইন্দোৰৰ ৮ম দীক্ষান্ত অনুষ্ঠানত ভাৰ্চুৱেলী উপস্থিত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী

মন্ত্ৰীগৰাকীয়ে আইআইটি ইন্দোৰ প্ৰাংগনৰ বিভিন্ন ভৱনো মুকলি কৰে

শিক্ষাৰ্থীসকলে বুদ্ধিসম্পন্ন ভাৰতৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে তেওঁলোকৰ জ্ঞান সম্প্ৰচাৰিত কৰিবঃ শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংক’

Posted On: 19 OCT 2020 7:31PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি আইআইটি ইন্দোৰৰ ৮ম দীক্ষান্ত অনুষ্ঠানত ভাৰ্চুৱেলী উপস্থিত থাকে৷ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বিদ্যালয়, কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তি কেন্দ্ৰ, কেন্দ্ৰীয় কৰ্মশালা, অভিনন্দন ভৱন আৰু তক্ষশীলা লেকচাৰ হল কমপ্লেক্সকে ধৰি পাঁচটা ভৱন মুকলি কৰে৷  অধ্যক্ষ, ব’ৰ্ড অব্ গৱৰ্নৰ, অধ্যাপক দীপক বি ফাটকে অনুষ্ঠানটোৰ গুৰি ধৰি আৰু অধ্যক্ষ, ছীনেট অধ্যাপক নীলেশ কুমাৰ জৈনে ডিগ্ৰীসমূহ প্ৰদান কৰে৷

মন্ত্ৰীগৰাকীয়ে কয় যে আইআইটি ইন্দোৰে ইয়াৰ শিক্ষকসকলৰ দ্বাৰা ৰচিত ২৭৪০ খন গৱেষণা পত্ৰ আৰু ১৭৫টা অধ্যায় সম্বলিত ৩৫ খন কিতাপৰ সৈতে গৱেষণাৰ ক্ষেত্ৰখনত অতিশয় উন্নত কাম কৰি আছে৷ প্ৰতিষ্ঠানখনে এই পৰ্যন্ত ৬১টা পেটেণ্ট ফাইল কৰিছে আৰু ইয়াৰ এটা পেটেণ্ট ইতিমধ্যে অনুমোদিতও হৈছে৷ আইআইটি ইন্দোৰে শৈক্ষিক প্ৰতিষ্ঠান আৰু উদ্যোগৰ মাজত ব্যৱধান হ্ৰাস কৰি আত্মভাৰত গঠনৰ দিশত অগ্ৰসৰ হোৱা কাৰ্যক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷

বিভিন্ন বিষয়ত সৰ্বমুঠ ৪১২টা ডিগ্ৰী শিক্ষাৰ্থীসকলৰ মাজত প্ৰদান কৰা হয়৷ স্নাতক শিক্ষাৰ্থীসকলৰ মাজত ২৩৩টা আছিল বি.টেক, ৫৮টা আছিল এমএছচি, ৫৭টা আছিল এম.টেক, ৬টা আছিল এমএছ (গৱেষণা) আৰু ৫৮টা আছিল পিএইচডি৷

কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিং বিভাগৰ পৰা সপ্তৰ্ষি ঘোষক শ্ৰেষ্ঠতম শৈক্ষিক পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰপতিৰ সোণৰ পদক প্ৰদান কৰা হয়৷  আনহাতে  কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিং বিভাগৰ আৰুষি জৈন, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ খুশবু আহুজা, মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ আগম গুপ্তা, চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ শালয় গুপ্তা আৰু মেটালাৰ্জি ইঞ্জিনিয়াৰিং আৰু মেটেৰিয়েল ছায়েন্স বিভাগৰ আশুতোষ গুপ্তাক শ্ৰেষ্ঠতম শৈক্ষিক পাৰদৰ্শিতাৰ বাবে ৰূপৰ পদক প্ৰদান কৰা হয়৷

মেডেল লাভ কৰা শিক্ষাৰ্থীসকলে মুখ্য অতিথিৰ পৰা তেওঁলোকৰ মেডেল লাভ কৰে আৰু শ্ৰেষ্ঠতম বিটিপি বঁটা আৰু ডিগ্ৰীসমূহ সঞ্চালকে প্ৰদান কৰিব৷

 

****

MC/AKJ/AK/MANN



(Release ID: 1666029) Visitor Counter : 167