প্ৰতিৰক্ষা মন্ত্ৰালয়

ত্ৰিংকোমালিত ভাৰতীয় আৰু শ্ৰীলংকাৰ নৌবাহিনীৰ যৌথ অনুশীলন শ্লাইনেক্স-২০ অনুষ্ঠিত হ'ব

পোষ্ট কৰা হৈছে: 18 OCT 2020 6:11PM by PIB Guwahati

ত্ৰিংকোমালিত ভাৰতীয় আৰু শ্ৰীলংকাৰ নৌবাহিনীৰ অষ্টম বাৰ্ষিক যৌথ অনুশীলন শ্লাইনেক্স-২০, ১৯-২১ অক্টোবৰত অনুষ্ঠিত হ'ব। শ্ৰীলংকাৰ নৌবাহিনীৰ মাজ সমুদ্ৰৰ নজৰদাৰীৰ জাহাজ ছায়ুৰা আৰু প্ৰশিক্ষণৰ জাহাজ গজবাহু আৰু ভাৰতৰ এএছডব্লিউ নিৰ্মিত কামৰ্তা আৰু কিলতান জাহাজ দুখনে এই অনুশীলনত ভাগ ল'ব। শ্ৰীলংকাৰ নৌবাহিনীৰ তৰফৰ পৰা ফ্লেগ অফিচাৰ ৰিয়েৰ এডমিৰেল বান্দাৰা জয়তিলকাই নেতৃত্ব দিব। ভাৰতীয় নৌবাহিনীৰ পূৰ্বাঞ্চলীয় কামাণ্ডৰ ফ্লেগ অফিচাৰ ৰিয়েৰ এডমিৰেল সঞ্জয় বাসায়নে ভাৰতীয় বাহিনীৰ হৈ নেতৃত্ব দিব। সম্পূৰ্ণ দেশীয় পদ্ধতিত নিৰ্মিত ভাৰতীয় যুদ্ধ জাহাজবিলাকৰ ওচৰাওচৰিকৈ নৌবাহিনীৰ উন্নত হেলিকপ্টাৰ আৰু চেতক হেলিকপ্টাৰে এই অনুশীলনত ভাগ ল'ব। ২০১৯ৰ ছেপ্টেম্বৰত বিশাখাপট্টনমত সপ্তম অনুশীলনটো হৈছিল।

 

দুয়োটা বাহিনীৰ মাজত যোগাযোগ বৃদ্ধি, পাৰস্পৰিক বুজাবুজি বৃদ্ধি, বহুস্তৰীয় সামুদ্ৰিক কাৰ্যকলাপ সম্পৰ্কে উকৃষ্ট পদ্ধতিবিলাকক লৈ এই অনুশীলনত আলোচনা হ'ব। ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত যুদ্ধ জাহাজ আৰু বিমানৰ ক্ষমতা এই অনুশীলনত প্ৰদৰ্শিত হ'ব। ইয়াৰ মাধ্যমেৰে বন্ধু ভাবাপন্ন দুয়োখন দেশৰ নৌবাহিনীৰ মাজত বুজাপৰা বাঢ়িব। ভাৰতৰ 'নেইবাৰহুড ফাৰ্ষ্ট, নীতি আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এই অঞ্চলত নিৰাপত্তা আৰু উন্নয়ন সংক্ৰান্তীয় উদ্যোগ- 'ছিকিউৰিটী এণ্ড গ্ৰ'থ ফৰ অল ইন দ্য ৰিজিয়ন (সাগৰ)'ৰ সৈতে সংগতি ৰাখি এই যৌথ অভিযান চলোৱা হৈছে। শ্লাইনেক্সৰ সুফলৰ আদৰ্শ উদাহৰণ ছেপ্টেম্বৰ মাহত পোৱা গৈছিল। অপৰিশোধিত তেল বহনকাৰী জাহাজ এম টি নিউ ডায়মণ্ডত সেই সময়ত জুই লাগে। শ্ৰীলংকাৰ পূব উপকূলত এই বিধ্বংসী জুই নুমুৱাবলৈ ভাৰতীয় নৌবাহিনীয়েও সহায় কৰিছিল।

 

কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ অনুশীলন সংস্পৰ্শহীনভাৱে মাজ সাগৰত অনুষ্ঠিত হ'ব।

 

*******

Abbb/VM/MS


(ৰিলিজ আই ডি : 1665737) অতিথি কক্ষ : 297