প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ অভুতপূৰ্ব বিজয়ত প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

পোষ্ট কৰা হৈছে: 18 OCT 2020 2:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিন্দা আৰডাৰ্ণৰ অভুতপূৰ্ব বিজয়ত অভিনন্দন জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে টুইটাৰত এইদৰে লিখে, ‘‘নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিন্দা আৰডাৰ্ণৰ অভুতপূৰ্ব বিজয়ত অভিনন্দন জ্ঞাপন কৰিছো৷ যোৱা বছৰৰ আমাৰ সাক্ষাৎকাৰৰ বিষয়ে স্মৰণ কৰিছো আৰু আগন্তুক দিনকেইটাত ভাৰত-নিউজিলেণ্ডৰ সম্পৰ্ক অধিক দৃঢ় কৰাৰ বাবে ঐক্যৱদ্ধভাৱে কাম কৰিবলৈ আশা প্ৰকাশ কৰিছো৷’’

 

***

VRRK/KP/MANN


(ৰিলিজ আই ডি : 1665726) অতিথি কক্ষ : 206