প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰতীয় নৌ সেনাৰ ‘ষ্টীলথ ডেষ্ট্ৰ’য়াৰ’ ‘আইএনএছ চেন্নাই’-ৰ পৰা ‘ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুইজ মিছাইল’ৰ সফল পৰীক্ষণ
পোষ্ট কৰা হৈছে:
18 OCT 2020 1:12PM by PIB Guwahati
ভাৰতীয় নৌ সেনা বাহিনীৰ থুলুৱা প্ৰযুক্তিৰে নিৰ্মিত ‘ষ্টীলথ ডেষ্ট্ৰ’য়াৰ’ ‘আইএনএছ চেন্নাই’-ৰ পৰা ‘ব্ৰহ্ম’ছ ছুপাৰছনিক ক্ৰুইজ মিছাইল’ৰ সফলতাৰে পৰীক্ষণ কৰা হয় আৰু ই আৰৱ সাগৰৰ এক লক্ষ্য আশা কৰাৰ দৰেই ভেদ কৰে। ক্ষেপনাস্ত্ৰটোৱে উচ্চ পৰ্যায়ৰ আৰু অতিকে জটিল কাৰচাজি প্ৰদৰ্শন কৰাৰ উপৰি অতি নিখুত ভাবে নিৰ্দ্ধাৰিত লক্ষ্যত আঘাত কৰেগৈ।
মূল ক্ষেপনাস্ত্ৰ হিচাপে ‘ব্ৰহ্ম’ছ’-য়ে দীৰ্ঘ দূৰত্বৰ পৃ্ষ্ঠীয় লক্ষ্য ভেদৰ ক্ষেত্ৰত নৌবাহিনীৰ যুদ্ধজাহজসমূহক দুৰ্জেয়তাতো প্ৰদান কৰিবই লগতে ডেষ্ট্ৰ’য়াৰখনকো ভাৰতীয় নৌ সেনাৰ আন এক ঘাতক মঞ্চৰ পৰিচিতি দান কৰিলে। বহুমুখী কৰ্মকুশলতাৰে সমৃদ্ধ ‘ব্ৰহ্ম’ছ’-ৰ আৰ্হি যুটীয়াভাবে প্ৰস্তুত কৰি, বিকশিত কৰাৰ উপৰি উত্পাদনো কৰিছে ভাৰত আৰু ৰাছীয়াই।
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজিৰ এই সাফল্যৰ বাবে ‘ডিআৰডিঅ’, ‘ব্ৰহ্ম’ছ’ আৰু ভাৰতীয় নৌ সেনা বাহিনীক অভিনন্দন জ্ঞাপন কৰে।
‘ডিডিআৰএণ্ডডি’-ৰ সচিব তথা ‘ডিআৰডিঅ’-ৰ অধ্যক্ষ ড০ সতীশ ৰেড্ডীয়ে বিজ্ঞানীসকলৰ লগতে ‘ডিআৰডিঅ’-ৰে জড়িত সকলো বিষয়া কৰ্মচাৰী, ‘ব্ৰহ্ম’ছ’, ভাৰতীয় নৌ সেনা আৰু সংশ্লিষ্ট ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক এই সাফল্যৰ বাবে অভিনন্দন জনায়। প্ৰসংগক্ৰমে তেওঁ কয় যে ভাৰতীয় সশস্ত্ৰ সেনা বাহিনীৰ সামৰ্থ্য বৰ্দ্ধনৰ ক্ষেত্ৰত ‘ব্ৰহ্ম’ছ’-য়ে বহুমুখী ভাবে ভূমিকা পালন কৰিছে।

***
ABB/Nampi/Rajib/KB
(ৰিলিজ আই ডি : 1665725)
অতিথি কক্ষ : 370
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam