বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

চিএছআইআৰ-চিএমইআৰআই পৌৰ এলেকাৰ কঠিন আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত এক সুস্থায়ী ব্যৱস্থা উদ্ভাৱন কৰিছে

Posted On: 18 OCT 2020 11:58AM by PIB Guwahati

বৰ্তমান পৰিৱৰ্তিত পৰিস্থিতিৰ চাহিদা অনুযায়ী, পৌৰ এলেকাৰ কঠিন আৱৰ্জনাৰ সুস্থায়ী প্ৰক্ৰিয়াকৰণৰ দৰে বিষয়বোৰক বিশেষ গুৰুত্ব দিয়া জৰুৰী হৈ উঠিছে। কঠিন আৱৰ্জনাৰ প্ৰক্ৰিয়াকৰণ আৱৰ্জনা পদাৰ্থৰ ৰূপান্তৰ ঘটাই কাৰ্যকৰী সামগ্ৰীলৈ পৰিবৰ্তন কৰাই নহয়, বৰঞ্চ এক পৰিচ্ছন্ন আৰু প্ৰদূষণমুক্ত বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰতো এই ধৰণৰ প্ৰক্ৰিয়া গ্ৰহণ জৰুৰী হৈ উঠিছে। মাটি, বায়ু আৰু পানীত দূষিত পদাৰ্থৰ সংমিশ্ৰণ ঘটাই কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনা গুৰুত্বপূৰ্ণ হৈ উঠিছে।

 

এই সম্পৰ্কে বিশদভাৱে জনাই দুৰ্গাপুৰৰ চিএছআইআৰচিএমইআৰআইৰ কৰ্মকৰ্তা হৰিশ ইৰাণীয়ে কয়, পৰম্পৰাগত আৱৰ্জনা পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত প্ৰাচীন কালৰে পৰাই বিভিন্ন পন্থা-পদ্ধতিৰ প্ৰয়োগ ঘটোৱা হৈছে। সেয়ে, বৰ্তমান পৰিস্থিতি অনুযায়ী, পৌৰ এলেকাৰ কঠিন আৱৰ্জনাৰ উপযুক্ত প্ৰক্ৰিয়াকৰণত গুৰুত্ব দিয়াটো পূৰ্বৰ তুলনাত জৰুৰী হৈ উঠিছে। অধ্যাপক ইৰাণীয়ে লগতে কয়, কঠিন আৱৰ্জনাৰ প্ৰক্ৰিয়াকৰণত হীন-দেৰি লে বিভিন্ন অসুখ-বিসুখৰ অন্যতম কাৰণ হৈ উঠিব পাৰে। ভু-গৰ্ভস্থ পানী, বায়ু আৰু মাটি দূষিত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে তাত প্ৰদূষিত সামগ্ৰীৰ সংমিশ্ৰণ ঘটে আৰু বিভিন্ন ধৰণৰ অসুখ-বিসুখৰ কাৰণ হৈ পৰে। এই পৰিপ্ৰেক্ষিতত দুৰ্গাপুৰৰ এই প্ৰতিষ্ঠানটোৱে পৌৰ এলেকাৰ কঠিন আৱৰ্জনা পদাৰ্থ প্ৰক্ৰিয়াকৰণ পদ্ধতি উদ্ভাৱন কৰিছে। এই ধৰণৰ পদ্ধতি কঠিন আৱৰ্জনাৰ যথাযথ ব্যৱস্থাপনাত সহায় কৰিব আৰু কঠিন আৱৰ্জনাৰ পৰা সাৰ উৎপাদনত মূল্য সংযুক্ত সুবিধা প্ৰদান কৰিব। সেয়ে এই প্ৰতিষ্ঠানৰ প্ৰাথমিক উদ্দেশ্যই আৱৰ্জনা সামগ্ৰীবোৰৰ পৃথকীকৰণৰ দায়-দায়িত্বৰ পৰা চহৰাঞ্চলৰ সাধাৰণ পৰিয়ালবোৰক মুক্তি দিয়া। আৱৰ্জনাবোৰৰ পৃথকীকৰণত আধুনিক বিভাজন পদ্ধতি অনুসৰণ কৰা হৈছে। বায়ো ডাইজেশ্যন প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ ফলত প্ৰদূষণৰ পৰিমাণ হ্ৰাস কৰাটো সম্ভৱ হৈছে। আনকি, মাস্ক, ছেনিটাৰি নেপকিন, ডাইপাৰ আদি আৱৰ্জনাৰ সুষ্ঠ পৰিচালনাত পৌৰ এলেকাবোৰৰ আৱৰ্জনা সামগ্ৰী নাইকিয়া কৰিবৰ বাবে পৌৰ এলেকাবোৰৰ ক্ষমতা বৃদ্ধি কৰা হৈছে।

 

 

আৱৰ্জনা পদাৰ্থৰ পৰা প্ৰদূষণৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ ইনষ্টিটিউট অৱ পাইৰোলোছিছে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে, প্লাষ্টিকৰ দৰে আৱৰ্জনা পদাৰ্থবোৰক গেছ আৰু ইন্ধনত পৰিণত কৰা হৈছে। ইয়াৰ ফলত, বতাহত লাখ লাখ টন কাৰ্বন নিঃসৰণৰ পৰিমাণ হ্ৰাস কৰাটো সম্ভৱ হৈছে। চিএছআইআৰচিএনইআৰআই প্ৰতিষ্ঠানৰ তৰফৰ পৰা যি বিকেন্দ্ৰীকৃত কঠিন আৱৰ্জনা পৰিচালন ব্যৱস্থাৰ উদ্ভাৱন কৰা হৈছে, তাৰ ফলত আৱৰ্জনা পদাৰ্থৰ পৰা যিকোনো ধৰণৰ প্ৰদূষণ আঁতৰোৱাৰ পদ্ধতি আৱিষ্কাৰ কৰা হৈছে।

 

 

*****

NB/KGS/(CSIR-CMERI inputs)/RD



(Release ID: 1665724) Visitor Counter : 172