প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত ২০২০ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব

Posted On: 17 OCT 2020 7:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰ তাৰিখে পুৱা ১১.১৫ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে  মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত ২০২০ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অন্যান্য ব্যক্তিসকলৰ সৈতে কৰ্ণাটকৰ ৰাজ্যপালো উপস্থিত থাকিব৷ তাৰোপৰি অনলাইনযোগে ছিণ্ডিকেট আৰু একাডেমিক কাউন্সিলৰ সদস্য, সাংসদ, বিধায়ক, এমএলচি, সংশ্লিষ্ট বিষয়া, জিলা বিষয়া, প্ৰাক্তন উপাচাৰ্য আৰু শিক্ষাৰ্থী তথা অভিভাৱকসকল উপস্থিত থাকিব৷

 

বিশ্ববিদ্যালয়খনৰ বিষয়ে

মহীশূৰ বিশ্ববিদ্যালয় ২৭ জুলাই ১৯১৬ তাৰিখে স্থাপন কৰা হৈছিল৷ ই দেশৰ ষষ্ঠতম বিশ্ববিদ্যালয় হোৱাৰ লগতে কৰ্ণাটকৰ প্ৰথমখন বিশ্ববিদ্যালয় আছিল৷ বিশ্ববিদ্যালয়খনৰ মূলাদৰ্শ হ’ল ‘জ্ঞানৰ সমান আন একোৱেই হ’ব নোৱাৰে’৷ বিশ্ববিদ্যালয়খন মহীশূৰৰ ৰজাই স্থাপন কৰিছিল৷

 

 

******

AP/SH/MANN



(Release ID: 1665587) Visitor Counter : 102