স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
এফএছএছএআই-এ আয়োজন কৰা ‘বিশ্ব খাদ্য দিৱস’ অনুষ্ঠানৰ অধ্যক্ষতা কৰিলে ডাঃ হর্ষ বর্ধনে
‘প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতৰ দৃষ্টিৰ সৈতে সামঞ্জস্য ৰাখি ২০২০চনৰ ভিতৰত ট্ৰেন্স-ফেট মুক্ত হোৱাৰ দিশে ভাৰত’
‘ডাঃ হর্ষ বর্ধনে ‘ইট ৰাইট ইণ্ডিয়া‘ আৰু ’ফিট ইণ্ডিয়া মুভমেণ্ট’ৰ পৰিৱৰ্তনকাৰী ক্ষমতাৰ কথা দোহাৰিলে’
এফএছএছএআই-এ আয়োজন কৰা ‘বিশ্ব খাদ্য দিৱস’ অনুষ্ঠানৰ অধ্যক্ষতা কৰিলে ডাঃ হর্ষ বর্ধনে
‘প্ৰধানমন্ত্ৰীৰ নতুন ভাৰতৰ দৃষ্টিৰ সৈতে সামঞ্জস্য ৰাখি ২০২০চনৰ ভিতৰত ট্ৰেন্স-ফেট মুক্ত হোৱাৰ দিশে ভাৰত’
‘ডাঃ হর্ষ বর্ধনে ‘ইট ৰাইট ইণ্ডিয়া‘ আৰু ’ফিট ইণ্ডিয়া মুভমেণ্ট’ৰ পৰিৱৰ্তনকাৰী ক্ষমতাৰ কথা দোহাৰিলে’’
Posted On:
16 OCT 2020 3:50PM by PIB Guwahati
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ হর্ষ বর্ধনে আজি বিশ্ব খাদ্য দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানৰ অধ্যক্ষতা কৰে। খাদ্য সুৰক্ষা আৰু ভাৰতৰ গুণমান কর্তৃপক্ষ (এফএছএছএআই)ৰ উদ্যোগত এই অনু্ষ্ঠানৰ আয়োজন কৰা হয়। এই বছৰৰ বিষয়বস্তু হৈছে ‘বৃদ্ধি, পুষ্টি, স্থিৰতা।’একেলগে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্রী শ্রী অশ্বিনী কুমাৰ চৌবে।
অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় মন্ত্রী ডাঃ হর্ষ বর্ধনে কয়, মহামাৰীৰ কাৰণে সমগ্র বিশ্বই এক অভূতপূর্ব সমস্যাৰ সন্মুখীন হৈছে। যাৰ ফলত খাদ্য, পুষ্টি, স্বাস্থ্য, ৰোগ প্রতিৰোধ ক্ষমতা আৰু স্থিৰতাৰ ক্ষেত্রত সমস্যাই দেখা দিছে। সেয়ে এই বিষয়সমূহৰ ওপৰত বিশেষভাৱে নজৰ দিয়া প্রয়োজন। তেওঁ কয়, এফএছএছএআইৰ 'ইট ৰাইট ইণ্ডিয়া' আন্দোলনৰ উদ্দেশ্য হৈছে প্রত্যেকৰ বাবে নিৰাপদ আৰু স্বাস্থ্যকৰ খাদ্যৰ বিষয়ে প্রচাৰ চলোৱা। সকলো নাগৰিকৰ বাবে নিৰাপদ আৰু স্বাস্থ্যকৰ খাদ্য সৰবৰাহ কৰা এই প্রচাৰৰ অন্যতম অংশ। এই ব্যৱস্থাপনাই খাদ্য সুৰক্ষা বাস্তুতন্ত্রৰ উন্নতি সাধন কৰাৰ লগতে স্বাস্থ্য ক্ষেত্রত দেশৰ নাগৰিকসকল লাভৱান হ’ব।
এই বছৰৰ মূল লক্ষ্যই হৈছে খাদ্য সৰবৰাহ শৃঙ্খলৰ পৰা ট্ৰেন্স ফেট নির্মূল কৰা। ডাঃ হর্ষ বর্ধনে কয়, অতিৰিক্ত ফেট কার্ডিঅ’ ভাছকুলাৰৰ দৰে ৰোগৰ সৃষ্টি কৰে। সেয়ে কভিড-১৯ৰ সময়ত এই ৰোগ নির্মূল কৰাটো বিশেষভাৱে প্রয়োজন। কাৰণ কার্ডিঅ’ ভাছকুলাৰত আক্রান্ত ব্যক্তিসকলৰ ওপৰত মাৰাত্মক প্রভাৱ পেলাব পাৰে এই সংক্রমণে। তেওঁ দেশৰ স্বাধীনতাৰ ৭৫ বছৰত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীজীৰ নতুন ভাৰতৰ দৃষ্টিৰ সৈতে সামঞ্জস্য বজাই বিশ্ব স্বাস্থ্য সংস্থাৰ লক্ষ্যৰ এবছৰ আগতে ২০২২ চনৰ ভিতৰত ভাৰতক ট্ৰেন্স ফেট মুক্ত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা সোঁৱৰাই দিয়ে।
ডাঃ হর্ষ বর্ধনে ‘ইট ৰাইট ইণ্ডিয়া’ আৰু ‘ফিট ইণ্ডিয়া মুভমেন্ট’ৰ বিষয়ে বক্তব্য ৰাখিবলৈ গৈ কয়, এই দুই আন্দোলন সহ স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিশ্যন আৰু পৰিৱেশ মন্ত্রালয়ৰ অন্যান্য নানান প্রয়াসে ভাৰতীয়সকলৰ স্বাস্থ্যৰ ক্ষেত্রত উন্নতি আৰু নিৰোগী পৰিৱেশ প্রদান কৰিব।
সাধাৰণ নাগৰিকসকলে যাতে দায়িত্বপূর্ণভাৱে তেওঁলোকৰ খাদ্য সামগ্রী পছন্দ কৰিব পাৰে সেই বিষয়ে সচেতন কৰি তোলা আৰু উপভোক্তাসকলক সেই বিষয়ত প্রযুক্তিৰ জৰিয়তে শিক্ষাদানৰ ক্ষেত্রত প্রচাৰ চলোৱাৰ বাবে এফএছএছএআইৰ বিষয়াসকলক নির্দেশ দিয়ে তেওঁ। বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ মাজত স্বাস্থ্যকৰ খাদ্যাভ্যাস সম্পর্কে প্রচাৰ চলোৱাৰ লক্ষ্যৰে তেওঁ 'ইট ৰাইট ক্রিয়েটিভিটি চেলেঞ্জ' শীর্ষক পোস্টাৰ আৰু চিত্র প্রতিযোগিতা মুকলি কৰে। একেলগে তেওঁ ব্রিটেইনৰ দ্য ফুড ফাউণ্ডেশ্যন আৰু স্মার্ট চিটী মিশ্যনৰ অংশীদাৰিত্বত এফএছএছএআইৰ উদ্যোগত আয়োজিত ‘ইট স্মার্ট চিটী’ প্রতিযোগিতাও মুকলি কৰে। এই প্রতিযোগিতাৰ জৰিয়তে ভাৰতৰ স্মার্ট চহৰসমূহত সঠিক পৰিৱেশত সঠিক খাদ্যাভ্যাস সম্পর্কে প্রচাৰাভিযান চালোৱা হ’ব।
অনুষ্ঠানত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কভিড-১৯ৰ নিউ নর্মেল পৰিস্থিতিৰ ভিতৰত বিদ্যালয়, মেছ, কণ্টিন খুলিলে কিদৰে খাদ্য সুৰক্ষা আৰু স্বাস্থ্য বিষয় মানি চলা হ’ব তাৰ নির্দেশনা প্রকাশ কৰে। একেলগে তেওঁ ‘ডু ইউ ইট ৰাইট?’ শীর্ষক এক গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানতেই দৈনিক অভ্যাস আৰু খাদ্য তালিকা সন্দৰ্ভত প্ৰস্তুত কৰা এখন গ্ৰন্থ এফএছএছএআই-য়ে উন্মোচন কৰে। প্রতিদিনৰ খাদ্য তালিকাত কিমান পৰিমাণৰ ভিটামিন এ, ডি, আয়ৰণ, ফলিক এচিড আৰু ভিটামিন বি-১২ প্ৰয়োজন সেই সন্দৰ্ভত ইয়াত বিশদভাৱে ব্যাখ্যা কৰা হৈছে। অনুষ্ঠানত উপস্থিত আছিল এফএছএছএআইৰ মুখ্য কার্যনির্বাহী বিষয়া শ্রী অৰুণ সিংহল, কেন্দ্রীয় স্বাস্থ্য সচিব শ্রী ৰাজেশ ভূষণ সহ বিশিষ্ট ব্যক্তিসকল।
***
MV/SJ/KG
(Release ID: 1665586)
Visitor Counter : 247