বিত্ত মন্ত্ৰালয়

পেঞ্চন নিধি নিয়ামক তথা বিকাশ প্ৰাধিকৰণৰ অধীনত ৰাষ্ট্ৰীয় পেঞ্চন যোজনা তথা অটল পেঞ্চন যোজনাৰ গ্ৰাহকৰ জৰিয়তে এইউএম ৫ ত্ৰিলিয়ন টকাতকৈও অধিক হৈছে

১০ অক্টোবৰ ২০২০ পৰ্যন্ত ১০.৫০ লাখ গ্ৰাহকৰ সৈতে ৮১৮৬ ক’ৰ্পৰেট পঞ্জীকৃত হৈছে

অটল পেঞ্চন যোজনাৰ অধীনত ২.৫ কোটি গ্ৰাহক পঞ্জীকৃত হৈছে

Posted On: 16 OCT 2020 10:11AM by PIB Guwahati

পেঞ্চন নিধি নিয়ামক তথা বিকাশ প্ৰাধিকৰণে আজি ৫ লাখ কোটি টকাতকৈো অধিক এএমইউ হোৱাৰ ঘোষণা কৰে৷ ১২ বছৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী আৰু অটল পেঞ্চন যোজনাৰ গ্ৰাহকসকলৰ যোগাদনৰ জৰিয়তে এই ঐতিহাসিক সীমাত অৱতীৰ্ণ হোৱাৰ অৱকাশ হৈছে৷

এনপিএছ গ্ৰাহকসকলৰ বৃদ্ধিও বিগত বৰ্ষসমূহৰ তুলনাত উল্লেখযোগ্য হৈছে য’ত চৰকাৰী ক্ষেত্ৰৰ পৰা ৭০.৪০ লাখ কৰ্মচাৰী আৰু আৰু বেচৰকাৰী ক্ষেত্ৰৰ পৰা ২৪.২৪ লাখ কৰ্মচাৰী এই যোজনাত অন্তৰ্ভুক্ত হৈছে৷

নিয়ামক পিএফআৰডিএয়ে গ্ৰাহক পঞ্জীকৰণ, এগজিট প্ৰণালী আৰু সেৱা সম্বন্ধীয় অনুৰোধক সহজ আৰু গ্ৰাহক অনুকূল কৰি তোলাৰ নিজৰ প্ৰয়াসত কেৱাইচি সত্যাপন, ই-নামাংকন, এনপিএছ গ্ৰাহকসকলৰ বাবে ই-এগজিট আদিৰ পিছত থাৰ্ড পাৰ্টী অনব’ৰ্ডিং, অ’টিপি/ই-ছাইনিং অনব’ৰ্ডিং, অফলাইন আধাৰ সমৰ্থিত অনব’ৰ্ডিং যেনে গ্ৰাহক অনুমোদনৰ নতুন পদ্ধতিক নিয়মিত ৰূপত প্ৰদান কৰি আহিছে৷

পেঞ্চন নিধি নিয়ামক আৰু বিকাশ প্ৰাধিকৰণ সংসদৰ এক অধিনিয়মৰ দ্বাৰা স্থাপিত, বৈধানিক প্ৰাধিকৰণ যি হ’ল ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ ক্ৰমিক বৃদ্ধিক বিনিয়মিত কৰা, প্ৰসাৰণ কৰা আৰু সুনিশ্চিত কৰাৰ বাবে এক পেঞ্চন যোজনা য’ত এই অধিনিয়ম প্ৰণয়ন হয়৷

১০ অক্টোবৰ ২০২০ পৰ্যন্ত এনপিএছ আৰু অটল পেঞ্চন যোজনাৰ অধীনত গ্ৰাহকৰ মুঠ সংখ্যা ৩.৭৬ কোটিতকৈও অধিক আৰু এএমইউ বৃদ্ধি হৈ ৫,০৫,৪২৪ কোটি টকা হৈছে৷

 

 

 

****

RM/KMN/MANN



(Release ID: 1665583) Visitor Counter : 112