প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত ক’ভিড-১৯ মহামাৰী পৰিস্থিতি আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসন সম্পৰ্কীয় বৈঠক

প্ৰতিষেধক সাজু হৈ উঠাৰ লগে-লগেই ক্ষীপ্ৰতাৰে জনতাই লাভ কৰাত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

নিৰ্বাচন অনুষ্ঠিত, চৰকাৰৰ সকলো স্তৰ আৰু নাগৰিক সমিতিক জড়িত কৰি প্ৰতিষেধক প্ৰদান প্ৰণালীৰ বিকাশ সাধনৰ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ

ভাৰতীয় বিজ্ঞানী আৰু গৱেষণা টীমে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে গৱেষণা সামৰ্থ্যৰ বৰ্ধনত সহযোগিতা কৰি আছে

যোৱা ৩ সপ্তাহে দৈনিক ঘটনা, বিকাশৰ হাৰ আৰু মৃত্যুৰ সংখ্যাৰ স্পষ্ট হ্ৰাস

আগন্তুক উৎসৱৰ বতৰত সামাজিক দূৰত্ব, ক’ভিডৰ যথোচিত আচৰণ আৰু আত্ম-সংযমৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

সমগ্ৰ মানৱ জাতিৰ বাবে কাম কৰিবলৈ ভাৰতৰ বৈজ্ঞানিক সমাজ, আইটি উদ্যোগকে ধৰি উদ্যোগ আৰু শৈক্ষিক মহলক প্ৰধানমন্ত্ৰীৰ আহ্বান

Posted On: 17 OCT 2020 4:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ক’ভিড-১৯ মহামাৰী আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসনৰ প্ৰস্তুতিমূলক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই বৈঠকখনত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী হৰ্ষ বৰ্ধন, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, নিটি আয়োগৰ সদস্য (স্বাস্থ্য), প্ৰধান বিজ্ঞান উপদেষ্টা, জ্যেষ্ঠ বিজ্ঞানী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু ভাৰত চৰকাৰৰ আন-আন বিভাগসমূহৰ বিষয়া-বৰ্গ উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দৈনিক ক’ভিড ঘটনা আৰু বিকাশৰ হাৰৰ দ্ৰুত হ্ৰাসৰ কথা উল্লেখ কৰে।

ভাৰতত তিনিটা প্ৰতিষেধক বিকাশ সাধনৰ অন্তিম অৱস্থাত আছে, ইয়াৰ ভিতৰত ২ টা প্ৰতিষেধক II পৰ্যায়ত আছে আৰু আনটো আছে III পৰ্যায়ত। ভাৰতীয় বিজ্ঞানী আৰু গৱেষণা টীমে আফগানিস্তান, ভূটান, বাংলাদেশ, মালদ্বীপ, মৰিচাছ, নেপাল আৰু শ্ৰীলংকাৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ গৱেষণা সামৰ্থ্যৰ বৰ্ধনত সহযোগিতা আগবঢ়াই আছে। বাংলাদেশ, ম্যানমাৰ, কাটাৰ আৰু ভূটানৰপৰা তেওঁলোকৰ ৰাষ্ট্ৰত ক্লিনিকেল ট্ৰায়েলৰ অনুৰোধ লাভ কৰা হৈছে। বৈশ্বিক সম্প্ৰদায়ক সহায় কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ সন্দৰ্ভত, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰি কয়, প্ৰতিষেধক প্ৰদান প্ৰণালীৰ অৰ্থে আমি আমাৰ অন্তৰংগ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজতে আমাক প্ৰচেষ্টা সীমাবদ্ধ ৰখাটো উচিত নহ’ব বৰঞ্চ সমগ্ৰ বিশ্বখনৰ বাবে প্ৰতিষেধক, ঔষধ আৰু আইটি প্লেটফৰ্ম আগবঢ়োৱাৰ ক্ষেত্ৰত সচেষ্টতা অৱলম্বন কৰিব লাগিব।

নেশ্যনেল এক্সপাৰ্ট গ্ৰুপ অন ভেকচিন এডমিনিষ্ট্ৰেশ্যন ফৰ ক’ভিড-১৯ (NEGVAC)এ ৰাজ্য চৰকাৰ আৰু সকলোবোৰ সংযোগী পক্ষৰ সৈতে আলোচনা মৰ্ম প্ৰতিষেধক মজুতকৰণ, বিতৰণ আৰু প্ৰশাসনৰ বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰি উলিয়াই আৰু এয়া উপস্থাপন কৰে। ৰাজ্যসমূহৰ সৈতে আলোচনা অনুসৰি এই বিশেষজ্ঞ গোটটোৱে প্ৰতিষেধকৰ অগ্ৰাধিকাৰকৰণ আৰু প্ৰতিষেধকৰ বিতৰণ সন্দৰ্ভত সক্ৰিয়তাৰে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি নিৰ্দেশনা প্ৰদান কৰে যে দেশখনৰ ভৌগলিক প্ৰসাৰ আৰু বৈচিত্ৰ্যৰ পৰিপ্ৰেক্ষিতত, প্ৰতিষেধকটো ক্ষীপ্ৰতাৰে লাভ কৰাটো নিশ্চিত কৰিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বেগেৰে কয় যে ল’জিষ্টিক, ডেলিভাৰী আৰু প্ৰশাসনৰ প্ৰতিটো স্তৰতে কটকটীয়াভাৱে সচেষ্টতা অৱলম্বন কৰিব লাগিব। ইয়াত অৱশ্যেই শীতল ভঁড়াল শৃংখল, বিতৰণ নেটৱৰ্ক, নিৰীক্ষণ ব্যৱস্থাৰ অগ্ৰিম পৰিকল্পনাৰ অন্তৰ্ভুক্তি, অগ্ৰিম মূল্যায়ন আৰু ভেইল, ছিৰিঞ্জৰ দৰে আনুষাংগিক সৰঞ্জামৰ পৰিকল্পনাৰ আৱশ্যকতা আছে।

তেখেতে তদুপৰি এই নিৰ্দেশনাও প্ৰদান কৰে, আমি দেশখনত সফলতাৰে নিৰ্বাচন অনুষ্ঠিত আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ অভিজ্ঞতা আহৰণ কৰিছো। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ঠিক একেদৰেই প্ৰতিষেধক প্ৰদান আৰু প্ৰশাসন ব্যৱস্থা আগবঢ়াই নিব লাগিব। ইয়াত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/জিলা পৰ্যায়ৰ ব্যৱস্থা, নাগৰিক সমিতি সংস্থা, স্বেচ্ছাসেৱক, নাগৰিক আৰু যাৱতীয় সকলোবোৰ ডমেইনৰ বিশেষজ্ঞসকলে জড়িত হ’ব লাগে। সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা শক্তিশালী আইটি মেৰুদণ্ড থকা উচিত আৰু আমাৰ স্বাস্থ্যসেৱা প্ৰণালীটোত দীৰ্ঘ সময় ধৰি বাহাল থাকিব পৰাকৈ প্ৰণালীটো ডিজাইন কৰা উচিত।

সমগ্ৰ ভাৰতত SARSCoV-2 (’ভিড-১৯ ভাইৰাছ) ৰ জেনম সন্দৰ্ভত দুটাকৈ অধ্যয়ন কৰা আইচিএমআৰ আৰু জৈৱ-প্ৰযুক্তি বিভাগ (DBT)এ ভাইৰাছটো জেনেটিকেলি সুস্থিৰ আৰু ভাইৰাছটোৰ কোনো মূল পৰিৱৰ্তন নাই বুলি পৰামৰ্শ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে সতৰ্কতা অৱলম্বনৰ আহ্বান জনাই বৈঠকখনিৰ সামৰণি মাৰে। তেখেতে মহামাৰীটো প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ কয়। তেখেতে বিশেষকৈ আগন্তুক উৎসৱৰ বতৰত সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, নিয়মীয়াভাৱে হাত মজা আৰু ছেনিটেশ্যন ইত্যাদিৰ গৰে ক’ভিডৰ যথোচিত আচৰণৰ আহ্বান জনায়।

***

AM/AP/SB



(Release ID: 1665580) Visitor Counter : 200