প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০২০ৰ গ্ৰেণ্ড চেলেঞ্জ বাৰ্ষিক বৈঠকৰ উদ্বোধনী অনুষ্ঠানত মুল ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 17 OCT 2020 11:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰ, ২০২০ৰ সন্ধিয়া ৭.৩০বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ২০২০ৰ গ্ৰেণ্ড চেলেঞ্জ বাৰ্ষিক বৈঠকৰ উদ্বোধনী অনুষ্ঠানত মুল ভাষণ আগবঢ়াব৷

বিগত ১৫ বছৰে এই গ্ৰেণ্ড চেলেঞ্জ বাৰ্ষিক বৈঠকত স্বাস্থ্য আৰু উন্নয়নৰ দিশত বৃহ প্ৰত্যাহ্বানসমূহৰ সমাধানকল্পে আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী সহযোগিতা বৃদ্ধি কৰা হৈছে৷ ১৯ৰ পৰা ২১ অক্টোবৰলৈকে হ’বলগীয়া এই ভাৰ্চুৱেল সন্মিলনত ‘বিশ্বৰ বাবে ভাৰত’ শীৰ্ষক বিষয়বস্তুৰে ক’ভিড-১৯ক বিশেষ গুৰুত্ব আৰোপ কৰি বিশ্বৰ স্বাস্থ্য সমস্যাৰ ক্ষেত্ৰত গভীৰ বৈজ্ঞানিক সহযোগিতাৰ আহ্বানে নীতি নিৰ্ধাৰক আৰু আগশাৰীৰ বিজ্ঞানীসকল একেখন মঞ্চত মিলিত হ’ব৷ বিশ্ব নেতা, বিশ্বৰ আগশাৰীৰ বিজ্ঞানী আৰু গৱেষকে এই বাৰ্ষিক বৈঠকত মিলিত হৈ ক’ভিডৰ পাছত বিশ্বত বহনক্ষম উন্নয়ন লক্ষ্য কিদৰে ত্বৰান্বিত কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰিব৷ তিনিদিনীয়া এই কাৰ্যসূচীত নেতৃবৰ্গৰ মাজত আলোচনা, জুৰীৰ আলোচনা আৰু মহামাৰীৰ বিৰুদ্ধে যুঁজত বৈজ্ঞানিক মধ্যস্থতা, মহামাৰী নিয়ন্ত্ৰণ আৰু ইয়াৰ প্ৰতিৰোধমূলক ব্যৱস্থা ত্বৰান্বিত কৰাকে ধৰি একাধিক ভাৰ্চুৱেল তথ্যসমৃদ্ধ মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব৷ এই বাৰ্ষিক বৈঠকত ৪০খন দেশত প্ৰায় ১,৬০০ লোকে অংশগ্ৰহণ কৰিব৷

২০২০ৰ গ্ৰেণ্ড চেলেঞ্জ বাৰ্ষিক বৈঠকখনি বিলত আৰু মেলিণ্ডা গেট ফাউণ্ডেশ্যন, ভাৰত চৰকৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জৈৱ-প্ৰযুক্তি বিভাগ আৰু ভাৰতীয় চিকিসা গৱেষণা পৰিষদ আৰু নিটী আয়োগৰ উপৰি গ্ৰেণ্ড চেলেঞ্জ কানাডা, আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ মাৰ্কিন সংস্থা আৰু ৱেলকামে সহযোগিতা আগবঢ়াইছে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা ভূ-বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে উদ্বোধনী ভাষণ আগবঢ়াব৷ বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ-অধ্যক্ষ শ্ৰীযুত বিল গেটছে পূৰ্ণাংগ অধিৱেশনৰ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷

২০১২ চনত ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগ আৰু বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহযোগিতা গ্ৰেণ্ড চেলেঞ্জ ইণ্ডিয়া আৰম্ভ কৰা হৈছিল আৰু ইয়াত ৱেলকামে সহযোগী হিচাপে যোগদান কৰিছিল৷ গ্ৰেণ্ড চেলেঞ্জ ইণ্ডিয়াই কৃষি, পুষ্টি, অনাময়, প্ৰসূতি আৰু শিশুৰ সংক্ৰমিত ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় স্বাস্থ্য আৰু উন্নয়নৰ দিশত অগ্ৰাধিকাৰভিত্তিত কাম কৰি আহিছে৷

 

 

***

AP/VJ/DB



(Release ID: 1665579) Visitor Counter : 118