পোষ্ট কৰা হৈছে:
15 OCT 2020 2:14PM by PIB Guwahati
কিষাণ ৰে’ল ব্যৱহাৰ কৰা কৃষকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰে’লৱে মন্ত্ৰালয় আৰু খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে কেতবোৰ নিৰ্ধাৰিত ফলমূল আৰু শাক-পাচলিৰ বাবে (এমঅ’এফপিআইৰ ‘অপাৰেচন গ্ৰীণছ-টপ টু টোটেল’ আঁচনিৰ অধীনত) পৰিবহণৰ ক্ষেত্ৰত ৫০% সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্ত কাৰ্যকৰীকৰণৰ বাবে ৰে’লৱে মন্ত্ৰালয়ক এমঅ’এফপিআইছে আৱশ্যকীয় পুঁজিৰ যোগান ধৰিব৷
কিষাণ ৰে’লৰ বাবে এই সাহায্য ১৪.১০.২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব৷
নিৰ্ধাৰিত ফলমূল/শাক-পাচলিৰ বাহিৰেও কৃষি মন্ত্ৰালয় অথবা ৰাজ্যিক চৰকাৰৰ অনুমতি সাপেক্ষে ভৱিষ্যতেও তালিকাত অন্যান্য শাক-পাচলি আৰু ফল-মূল সংযোজিত কৰিব পৰা হ’ব৷
উল্লেখ্য, ভাৰতীয় ৰে’লৱেয়ে নিৰৱচ্ছিন্নভাৱে মালবাহী ৰে’লসমূহৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে কৃষিজাত সামগ্ৰী পৰিবহণত বিশেষ ভূমিকা পালন কৰি আহিছে৷ লকডাউনৰ সময়তো ভাৰতীয় ৰে’লৱেয়ে সমগ্ৰ দেশতে সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে মালবাহী ৰে’লসমূহৰ পৰিবহণ অব্যাহত ৰাখিছিল৷
*****
DJN/MKV/MANN