বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ভাৰতক জিএলপিত অ’ইচিডি কৰ্ম গোটৰ উপাধ্যক্ষ পদৰ বাবে মনোনয়ন কৰা হৈছে

‘‘জিএলপিত ভাৰতৰ নেতৃত্বৰ দ্বাৰা বিশ্বজনীন ব্যৱসায়ৰ বাবে আমাৰ গুণগতমানৰ প্ৰমাণীকৰণে অধিক স্বীকৃতি লাভ কৰিলে’’- অধ্যাপক আশুতোষ শৰ্মা, অধ্যক্ষ-জিএলপি প্ৰাধিকৰণ আৰু সচিব, ডিএছটি

পোষ্ট কৰা হৈছে: 15 OCT 2020 12:58PM by PIB Guwahati

ভাৰতীয় গুড লেবৰ’টৰী প্ৰেকটিচ (জিএলপি) কাৰ্যসূচীৰ যোগদানক স্বীকৃতি প্ৰদান কৰি ভাৰতক আৰ্থিক সহযোগিতা আৰু বিকাশ সংগঠন (অ’ইচিডি)ৰ কাৰ্যকৰীসমূহ, গুড লেবৰ’টৰী প্ৰেকটিচ (জিএলপি)ৰ উপাধ্যক্ষ পদৰ বাবে মনোনয়িত কৰা হৈছে৷

জিএলপি এক গুণগতমানৰ প্ৰণালী যাক আৰ্থিক সহযোগ আৰু বিকাশ সংগঠনৰ দ্বাৰা বিকশিত কৰা হৈছে যাতে এয়া সুনিশ্চিত কৰিব পাৰি যে ঔদ্যোগিক ৰসায়ন, ফাৰ্মাচিউটিকেলছ, এগ্ৰ’কেমিকেলছ, কছমেটিকৰ দৰে বিভিন্ন ৰসায়নত উৎপন্ন সুৰক্ষা ডাটা উৎপাদন, ভোজন/ফীড যোজক আৰু চিকিৎসা উপকৰণ আদিৰ নিয়ামক অধিকাৰীসমূহৰ দ্বাৰা বিশ্বাস স্থাপন কৰিব পাৰি৷

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ২৪ এপ্ৰিল ২০০২ তাৰিখে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ সৈতে ৰাষ্ট্ৰীয় জিএলপি অনুপালন নিৰীক্ষণ প্ৰাধিকৰণৰ স্থাপন কৰিছিল৷

৩ মাৰ্চ ২০১১ তাৰিখে ভাৰতক অ’ইচিডিত মিউচুৱেল এচ্চেপটেন্স অব্ ডাটাৰ পুৰ্ণকালীন পালনকৰ্তা হিচাপে ঘোষিত কৰা হৈছিল যি আছিল এক ঐতিহাসিক ঘটনা৷

অ’ইচিডিয়ে ভাৰতীয় জিএলপি কাৰ্যসূচীৰ যোগদানক স্বীকৃতি প্ৰদান কৰিছে আৰু বিজ্ঞান তথা প্ৰযুক্তি বিভাগৰ এনজিচিএমএৰ বৈজ্ঞানিক ড০ একতা কাপুৰক ২০২১ আৰু ২০২২ৰ বাবে জিএলপিত অ’ইচিডি কৰ্মগোটৰ উপাধ্যক্ষৰ ৰূপত মনোনয়িত কৰিছে৷

(অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰকঃ ড০ একতা কাপুৰ (ekta.kapoor[at]nic[dot]in , ম’বাইল: 9971355300)

 

 

*****

NB/KGS/(DST Media Cell)/MANN


(ৰিলিজ আই ডি : 1665044) অতিথি কক্ষ : 183
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Tamil