নৌ-পৰিবহন মন্ত্ৰালয়
নেচনেল অথৰিটী ফৰ শ্বিপছ ৰিচাক্লিং হিচাপে পৰিচিত হ’ব জাহাজ সঞ্চালকালয়
জাহাজৰ যন্ত্রাংশ পুনর্ব্যৱহাৰ আইন, ২০১৯ৰ অধীনত ভাৰতত জাহাজ পুনৰ্ব্যৱহাৰ উদ্যোগ সৰ্বোচ্চ প্ৰাধিকাৰী হিচাপে দায়িত্ব অৰ্পণ জাহাজ সঞ্চালকালয়ক
গুজৰাটৰ গান্ধীনগৰত স্থাপন কৰা হ’ব ৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ কাৰ্যালয়
পোষ্ট কৰা হৈছে:
15 OCT 2020 1:46PM by PIB Guwahati
কেন্দ্ৰীয় চৰকাৰে জাহাজৰ যন্ত্রাংশ পুনর্ব্যৱহাৰ আইন, ২০১৯ৰ ৩ নং ধাৰা অনুসৰি জাহাজ সঞ্চালকালয়ক নেচনেল অথৰিটী ফৰ ৰিচাইক্লিং শ্বিপছ হিচাপে ঘোষণা কৰিছে।
জাহাজৰ বিভিন্ন যন্ত্রাংশৰ পুনর্ব্যৱহাৰ সংক্রান্তীয় বিভিন্ন কাম-কাজৰ নিৰীক্ষণ আৰু সেইবোৰ পৰিচালনাৰ বাবে জাহাজ সঞ্চালকালয়ক দায়িত্ব দিয়া হয়৷ এই উদ্যোগৰ সুস্থিৰ উন্নয়ন আৰু পৰিৱেশ অনুকূল ব্যৱস্থাপনা, স্বাস্থ্যবিধি মানি চলাকে ধৰি বিভিন্ন বিষয়ত এই সংস্থাই নিৰীক্ষণ কৰিব৷ জাহাজ সঞ্চালকালয়ে জাহাজৰ যন্ত্রাংশ পুনর্ব্যৱহাৰ সংক্রান্তীয় উদ্যোগ তথা যিসসমূহ ৰাজ্যত এই উদ্যোগ গঢ়ি তোলা হ’ব, সেই ৰাজ্যসমূহ চৰকাৰে বিভিন্ন বিষয়ত প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিব৷
আন্তঃৰাষ্ট্ৰীয় স্তৰত আন্তঃৰাষ্ট্ৰীয় সামূদ্ৰিক সংস্থাৰ অধীনত হংকঙৰ জাহাজৰ যন্ত্রাংশ পুনর্ব্যৱহাৰৰ সম্পৰ্কীয় সন্মিলনত ভাৰতে অংশগ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সামূদ্ৰিক সংস্থাৰ ভাৰতীয় প্ৰতিনিধিৰ দায়িত্ব জাহাজ সঞ্চালকালয়ে পালন কৰিব৷ গুজৰাটৰ গান্ধীনগৰ নেচনেল অথৰিটি অৱ ৰিচাইক্লিঙৰ কাৰ্যালয় স্থাপন কৰা হ’ব৷ গুজৰাটৰ আলাঙত এছিয়াৰ সৰ্ববৃহৎ জাহাজ ভঙা তথা যন্ত্রাংশ পুনর্ব্যৱহাৰ সংক্রান্তীয় য়ার্ড আছে, য’ত নতুন কাৰ্যালয়ৰ জৰিয়তে এই য়ার্ড উপকৃত হ’ব৷
***
YB/AP/DB
(ৰিলিজ আই ডি : 1664967)
অতিথি কক্ষ : 210
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam