ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতি আৰু তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 15 OCT 2020 1:39PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে আজি(১৫ অক্টোবৰ,২০২০) তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতি মহামহিম মিঃ গুৰবাংগুলি বাৰ্দিমুহামেদভৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

 

দুয়োগৰাকী নেতাই ঐতিহাসিক আৰু সভ্যতাৰ যোগসূত্ৰৰ ভিত্তিত মজবুত হোৱা দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ আৰু সৌহাৰ্দপূৰ্ণ সম্বন্ধৰ কথা স্বীকাৰ কৰে। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ ধাৰাবাহিক অগ্ৰগতি সন্দৰ্ভত সন্তোষ ব্যক্ত কৰে।

 

দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে বাণিজ্যিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত থকা অপাৰ সম্ভাৱনাৰ বিষয়ত সহমত পোষণ কৰাৰ লগতে ভাৰত আৰু তুৰ্কমেনিস্তানৰ কোম্পানীসমূহৰ মাজত, বিশেষভাৱে ফাৰ্মাচিউটিকেল খণ্ডত যুটীয়া সহযোগৰ সফলতাৰ কথা উল্লেখ কৰে।

 

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতিক টেলিফোন কৰা আৰু ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্বন্ধ মজবুত কৰাৰ বাবে তেওঁৰ ব্যক্তিগত দায়বদ্ধতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

 

********************************************************

 

VRRK/AKP/BM/KG



(Release ID: 1664966) Visitor Counter : 37