কেবিনেট

‘দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ আজীৱিকা মিছন’ৰ অধীনত জম্মু আৰু কাশ্মীৰ, লাডাখৰ বাবে বিশেষ ‘পেকেজ’ৰ প্ৰস্তাৱলৈ কেবনেটৰ অনুমোদন

Posted On: 14 OCT 2020 4:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবনেটৰ সভাই জম্মু আৰু কাশ্মীৰ, আৰু লাডাখৰ বাবে আগন্তুক পাঁচোটা বছৰ অৰ্থাত ২০২৩-২৪ বিত্তীয় বৰ্ষ পৰ্যন্ত ৫২০ কোটি টকাৰ এক বিশেষ পেকেজৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱাৰ  লগতে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ আজীৱিকা মিছন(ডিঅওৱাই-এনআৰএলএম)ৰ অধীনত জম্মু আৰু কাশ্মীৰ আৰু লাডাখলৈ এই সম্প্ৰসাৰিত সময়কালত দৰিদ্ৰ অনুপাতৰ সৈতে পুঁজিৰ আবণ্টনক সংযুক্ত নকৰাকৈ, বৰং চাহিদাৰ ভিত্তিত পুঁজি আৱণ্টন দিয়াটো সুনিশ্চিত কৰে।

এই পেকেজে কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ প্ৰয়োজন অনুসৰি আৰু কেন্দ্ৰীয় পৃষ্ঠপোকতাৰে পৰিচালিত অঁচনিৰ সাৰ্বজনীনকৰণৰ বাবে গ্ৰহণ কৰা ভাৰত চৰকাৰৰ লক্ষ্যৰ আধাৰত এই মিছনৰ কাৰ্যক্ৰম জম্মু আৰু কাশ্মীৰ তথা লাডাখত সময় নিৰ্দ্ধাৰিত ৰূপত ৰূপায়ণৰ বাবে যথেষ্ট পৰিমাণৰ পুঁজি সুনিশ্চিত কৰিব।

গ্ৰম্যাঞ্চলৰ গৃহস্থীসমূহৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই মিছনে প্ৰদৰ্শন কৰা সম্ভাৱনীয়তাসমূহৰ মূল্যায়ণৰ ভিত্তিত আৰু জম্মু আৰু কাশ্মীৰ তথা লাডাখত সম্পাদিত পৰিৱৰ্তিত প্ৰেক্ষাপটক সাৰোগত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সমগ্ৰ দেশৰ গ্ৰাম্যাঞ্চলত বসবাস কৰা দুখীয়া লোকসকলক জীৱিকাৰ বিভিন্ন সাধান প্ৰদান কৰি গ্ৰাম্যাঞ্চলৰ দাৰিদ্ৰ দূৰীকৰণৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা দীনদয়াল অন্ত্যোদয়া যোজনা- ৰাষ্ট্ৰীয় গ্ৰামীণ আজীৱিকা মিছন(ডিঅওৱাই-এনআৰএলএম) এক কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰে পৰিচালিত কাৰ্যক্ৰম। ২০১১ চনৰ জুন মাহত শুভাৰম্ভ কৰা এই কাৰ্যক্ৰমে বিগত সময়ছোৱাত দেশৰ গ্ৰাম্যাঞ্চলৰ দাৰিদ্ৰ দূৰীকৰণৰ কাৰ্যক্ৰমৰ স্বৰূপেই সলনি কৰিবলৈ সক্ষম হয়। ডিঅওৱাই-এনআৰএলএম কাৰ্যক্ৰমে দেশৰ প্ৰতিখন গাঁৱৰ সকলো দুখীয়া গৃহস্থীকে স্পৰ্শ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰে। সেই অনুসৰি দেশৰ প্ৰায় ১০ কোটি গৃহস্থীৰ প্ৰতি গৃহস্থীৰ অন্ততঃ এগৰাকী মহিলাক আত্ম সহায়ক গোটৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকক বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰি আত্মনিৰ্ভৰ হৈ জীৱিকাৰ সাধন যুগুতোৱাৰ সামৰ্থ্য প্ৰদান কৰাৰ লগতে তেওঁলোকৰ ক্ষুদ্ৰ পৰিকল্পনা বাস্তৱায়িত কৰিব পৰাকৈ নিজা প্ৰতিষ্ঠানৰ লগতে বেংক আদিৰ পৰাও বিত্তীয় সহযোগিতাৰ ব্যৱস্থা কৰা হয়।

পৃষ্ঠভূমি

পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত ডিঅওৱাই-এনআৰএলএম কাৰ্যক্ৰম জম্মু আৰু কাশ্মীৰ ৰাজ্যিক গ্ৰামীণ আজীৱিকা মিছন(জেকেএছআৰএলএম) উমীদ কাৰ্যক্ৰম হিচাপে ৰূপায়িত হৈছিল। ডিঅওৱাই-এনআৰএলএম-ৰ অধীনত আবণ্টিত বাৰ্ষিক পুঁজিৰ ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰৰ অংশীদাৰিত্ব ১ শতাংশৰো কম আছিল। সেয়ে জম্মু আৰু কাশ্মীৰৰ লগতে লাডাখৰ সৰ্বসাধাৰণ লোকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে যথোচিত পুঁজিৰ ব্যৱস্থা কৰি নৱ গঠিত কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ বৃহত্তৰ ৰাইজৰ উপকাৰ সাধানৰ উদ্দেশ্যে ভাৰত চৰকাৰে ডিঅওৱাই-এনআৰএলএম-ৰ অধীনত বিশেষ পেকেজ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

****

KSD/KB



(Release ID: 1664618) Visitor Counter : 262