ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ৩০ অক্টোবৰ, ২০২০ ৰপৰা ১ নৱেম্বৰ, ২০২০ লৈ গভ টেক-থন ২০২০ৰ আয়োজন নেশ্যনেল ইনফৰমেটিক্স চেন্টাৰ (এনআইচি), আইইইই কম্পিউটাৰ ছ’চাইটি আৰু অৰেকলৰ

এই ভাৰ্চুৱেল হেকাথনৰ লক্ষ্য হৈছে কৃষি আৰু সংযোগী খণ্ডসমূহত নতুন ধাৰণাৰ প্ৰয়োগ, উদ্ভাৱনৰ বৰ্ধন আৰু প্ৰযুক্তিৰ ব্যৱহাৰক প্ৰোৎসাহন

ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিবে মুকলি কৰিলে অনলাইন পঞ্জীয়ন পৰ্টেল ‘https://www.computer.org/education/oracle_hackathon_2020’; পঞ্জীয়নৰ বাবে হেকাথনটো মুকলি

Posted On: 14 OCT 2020 2:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰা ধাৰণা আৰু তত্ত্বাৱধান অনুসৰি আৰু ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)ৰ পৃষ্ঠপোষকতাত কালি নেশ্যনেল ইনফৰমেটিক্স চেন্টাৰ (এনআইচি), আইইইই কম্পিউটাৰ ছচাইটি আৰু অৰেকলে সমন্বিতভাৱে গভ টেক-থন ২০২০ ঘোষণা কৰে। ইয়াৰ লক্ষ্য হৈছে কৃষি আৰু সংযোগী খণ্ডসমূহত নতুন ধাৰণাৰ প্ৰয়োগ, উদ্ভাৱনৰ বৰ্ধন আৰু প্ৰযুক্তিৰ ব্যৱহাৰক প্ৰোৎসাহিত কৰা।

ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী অজয় স্বহনেয়ে অনলাইন পঞ্জীয়ন পৰ্টেল https://www.computer.org/education/oracle_hackathon_2020 মুকলিৰে এই হেকাথনৰ কথা ঘোষণা কৰে। এই হেকাথন অনুষ্ঠিত কৰিবলৈ একেলগে ওলাই অহাৰ বাবে শ্ৰী স্বহনেয়ে নেশ্যনেল ইনফৰমেটিক্স চেন্টাৰ (এনআইচি), আইইইই কম্পিউটাৰ ছচাইটি আৰু অৰেকলৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ ডিজিটেল বাতাবৰণত যুৱ প্ৰজন্ম অবিচ্ছেদ্য অংশ আৰু তেওঁ এই হেকাথনত তেওঁলোকৰ অংশগ্ৰহণ কামনা কৰে তথা প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ তেওঁলোকৰপৰা সমাধান সূত্ৰ বিচাৰে।

এনআইচিৰ সঞ্চালক প্ৰধান ডঃ নীতা বাৰ্মাই গভ টেক-থন ২০২০ৰ অৰ্থে অনলাইন পৰ্টেল মুকলি কৰি প্ৰদান কৰা ভাষণত কয় যে বহু অগ্ৰণী প্ৰযুক্তিৰ জৰিয়তে ডিজিটেল বাতাবৰণৰ অৰ্থে এই হেকাথনৰ আয়োজন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে গভ টেক-থন ২০২০এ চৰকাৰী সেৱাসমূহত উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ অৰ্থে বহু ধাৰণা, ধাৰণাৰ প্ৰমাণ, কৰ্মৰ আৰ্হি প্ৰদান কৰিব।

এনআইচিৰ উপ সঞ্চালক প্ৰধান ডঃ সবিতা ডাৱৰে পাঁচটা প্ৰত্যাহ্বান সম্পৰ্কে চমুকৈ কয়। সেয়া হলঃ এআই ভিত্তিক ক্ৰপ ৰিকমেনডেশ্যন, ব্লকচেইন ভিত্তিক চীড চাৰ্টিফিকেশ্যন, পৰীক্ষা/টেষ্টত অটমেটেড ভিজিলেন্স, বাণিজ্যিক বাহণৰ অৰ্থে অটমেটেড ফিটনেছ চেক প্ৰচেছ আৰু ইজি ডুকুমেন্ট আপলড। ভাৰতত ইয়াৰ ক্ষীপ্ৰ সমাধান বিচাৰিছে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয় আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে।

আইইইই ইণ্ডিয়া অপাৰেশ্যনৰ জ্যেষ্ঠ সঞ্চালক আৰু মুৰব্বী শ্ৰী হৰিষ মাইছৰে কয়, “আইইইইয়ে এটা শতিকাধৰি অভিযন্তাসকলক সবলীকৰণ কৰি আহিছে, সকলো খণ্ডতে উচ্চ প্ৰযুক্তিত সহায় আগবঢ়াইছে। এনআইচি আৰু অৰেকলৰে সম্পৰ্ক স্থাপনে কৃষি, পৰিবহণ আৰু শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব আৰু এই খণ্ডসমূহত ডিজিটেল ডিভাইড হ্ৰাস কৰিব তথা ভাৰতৰ নাগৰিকলৈ সু শাসন আগবঢ়োৱাত আমাক সহায় কৰিব।”

অৰেকল ইণ্ডিয়াৰ আঞ্চলিক পৰিচালন সঞ্চালক শ্ৰী শৈলেন্দ্ৰ কুমাৰে কয়, “ভাৰতক ডিজিটেল আৰু নলেজ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিবলৈ, ইয়াৰ সকলো লোক, মূল অৰ্থনৈতিক খণ্ড আৰু সংযোগী খণ্ডসমূহক আমি প্ৰথমতে ডিজিটেলি সবলীকৰণ কৰিব লাগিব। গভ টেক-থন ২০২০ৰ অৰ্থে এনআইচি আৰু আইইইইৰ সৈতে মিলিত হৈ গৌৰৱবোধ কৰিছো আৰু চিনাক্ত হোৱা সকলোবোৰ মূল খণ্ডতে স্থানীয় উদ্ভাৱনৰ সমৰ্থন কামনা কৰিছো।”

গভ টেক-থন ২০২০ হৈছে সৰ্ব ভাৰতীয় ৩৬ ঘন্টীয়া ভাৰ্চুৱেল হেকাথন, ২০২০ৰ ৩০ অক্টোবৰৰপৰা ১ নৱেম্বৰলৈ ইয়াৰ আয়োজন কৰা হৈছে। এই হেকাথনত বিশেষ সহায় আগবঢ়াইছে ইঞ্জিনিয়াৰিং, কম্পিউটিং আৰু প্ৰযুক্তি তথ্যৰ বিশ্বাসী কণ্ঠ আইইইইয়ে। গভ টেক-থন ২০২০ৰ পঞ্জীয়ন মুকলি হৈছে।

এই ভাৰ্চুৱেল হেকাথন ভাৰতৰ ছাত্ৰ-ছাত্ৰী, ৱৰ্কিং প্ৰফেচনেল, ষ্টাৰ্টআপ, ফ্ৰীলেন্স টেকন’ল’জিষ্ট, ফেকাল্টী আৰু আন আইটি সেৱা ফাৰ্মসমূহৰ বাবে মুকলি থাকিব। হেকাথনৰ সময়ছোৱাত, অংশগ্ৰহণকাৰীসকলে মেন্টৰশ্বীপ লাভ আৰু এনআইচি, আইইইই আৰু অৰেকলৰ কাৰিকৰী বিশেষজ্ঞসকলৰপৰা পৰামৰ্শ লাভ কৰাৰ সমান্তৰালভাৱে ভাৰত চৰকাৰৰ কৃষি, শিক্ষা আৰু পৰিবহণ বিভাগৰ জ্যেষ্ঠ ডমেইন বিশেষজ্ঞসকলেও পৰামৰ্শ আগবঢ়াব।

অংশগ্ৰহণকাৰী টীমসমূহে অৰেকল, অৰেকল অট’নমাছ ডাটাবেছৰপৰা শেহতীয়া টুলসমূহ লাভ কৰিব। ইয়াৰপৰা লাভ কৰা বুইল্ট-ইন আৰু ইজি-টু-ইউজ ক্লাউড চিকিউৰিটি আৰু কম্পিউটৰ জৰিয়তে তেওঁলোকক প্ৰ’ট’টাইপৰ বিকাশ সাধনত সহায় আগবঢ়াব। যি অতিশয় ব্যৱহাৰিক আৰু স্কেলেবল। তদুপৰি, তেওঁলোকে অ’পেন ছ’ৰ্চ টেকন’ল’জিৰ সন্ধান পাবলৈ সক্ষম হ’ব যিয়ে অধিক কাৰ্যক্ষমতা, গ্ৰহণযোগ্যতা আৰু ডাটা সুৰক্ষাৰ পথ প্ৰশস্ত কৰি তুলিব।

নেশ্যনেল ইনফৰমেটিক্স চেন্টাৰ (NIC)ৰ সম্পৰ্কে

নেশ্যনেল ইনফৰমেটিক্স চেন্টাৰ (এনআইচি) হৈছে ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)ৰ সংলগ্ন কাৰ্যালয়। ১৯৭৬ত এনআইচি প্ৰতিষ্ঠা কৰা যায়। যিয়ে যোৱা ৪টা দশকধৰি চৰকাৰখনলৈ ইগৰ্ভানেন্স সহায় আৰু আইচিটি আগবঢ়োৱাৰ জৰিয়তে অধিক অভিজ্ঞতা আহৰণ কৰিছে আৰু ডিজিটেল ডিভাইডৰ মাজৰ সেতুবন্ধনত সহায় আগবঢ়াইছে। বহনক্ষম উন্নয়নৰ অৰ্থে ডিজিটেল সুযোগসমূহ প্ৰোৎসাহক হিচাপে ই পৰিগণিত হৈছে। সামাজিক আৰু ৰাজহুৱা প্ৰশাসনত আইচিটি এপ্লিকেশ্যনৰ ৰূপায়ণৰদ্বাৰা এনআইচিয়ে “ইনফৰমেটিক্স-লেড-ডেভলপমেন্ট”ক সমৃদ্ধ কৰিছে আৰু চৰকাৰ (G2G), ব্যৱসায় (G2B), নাগৰিক (G2C) আৰু চৰকাৰী কৰ্মচাৰী (G2E)লৈ সেৱাৰ ইলিকট্ৰনিক ডেলিভাৰী আগবঢ়াইছে। এনআইচিয়ে ইয়াৰ আইচিটি নেটৱৰ্ক “NICNET”ৰ জৰিয়তে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখনৰ সকলো মন্ত্ৰালয়/বিভাগ, ৩৭ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰায় ৭২০+ জিলা প্ৰশাসনৰ মাজত আনুষ্ঠানিক সংযোগ স্থাপন কৰিছে।

ৰাষ্ট্ৰজুৰি অত্যাধুনিক আন্তঃগাঁথনি স্থাপন কৰাৰ ওপৰিও প্ৰশাসনৰ ভিন্ন দৃষ্টিকোণেৰে চৰকাৰখনৰ সৈতে এনআইচি নিবিড়ভাৱে জড়িত, ই তদুপৰি ভিন্ন স্তৰত চৰকাৰখনক সহায় আগবঢ়াবলৈ বৃহৎ সংখ্যক ডিজিটেল চলুশ্যন যুগুত কৰি উলিয়াইছে, যাৰ জৰিয়তে অন্তিমজন নাগৰিকক চৰকাৰী সেৱা আগবঢ়োৱাটো সম্ভৱ হৈ উঠিছে।

আইইইই কম্পিউটাৰ ছ’চাইটিৰ সম্পৰ্কে

মানৱতাৰ লাভালাভৰ অৰ্থে প্ৰযুক্তিৰ বৰ্ধন কৰিবলৈ বিশ্বৰ সৰ্ববৃহৎ কাৰিকৰী ব্যক্তিৰ সংস্থা হৈছে আইইইই। এটা শ্ৰেষ্ঠত্বৰ অহাকালিৰ বাবে উদ্ভাৱন কৰিবলৈ আইইইই আৰু ইয়াৰ সদস্যসকলে বিশ্ব সম্প্ৰদায়ক অনুপ্ৰেৰণা যোগাই আহিছে। ১৬০ খন ৰাষ্ট্ৰত পৰিব্যাপ্ত ইয়াৰ সদস্যৰ সংখ্যা ৪১৯,০০০ ৰোধিক। আইইইই সম্পৰ্কে অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি www.ieee.org চাওঁক।

আইইইই কম্পিউটাৰ ছ’চাইটি হৈছে কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিঙত তথ্য, অনুপ্ৰেৰণাৰ আৰু সহযোগিতাৰ অৰ্থে আগশাৰীৰ উৎস। বিশ্বজুৰি সদস্য থকা এই কম্পিউটাৰ ছ’চাইটিয়ে ব্যক্তিক তেওঁলোকৰ প্ৰফেচনেল কেৰিয়াৰৰ সকলো স্তৰতে টুল আগবঢ়োৱাৰ জৰিয়তে প্ৰযুক্তিৰ বৰ্ধন কৰা লোকক সবলীকৰণ কৰিছে। আইইইই কম্পিউটাৰ ছ’চাইটি সম্পৰ্কে অধিক তথ্যৰ বাবে www.computer.org চাওঁক।

অৰেকলৰ সম্পৰ্কে

অৰেকল ক্লাউডে বিক্ৰী, সেৱা, বিপণন, মানৱ সম্পদ, বিত্ত, যোগান শৃংখল আৰু নিৰ্মাণৰ অৰ্থে সংহত এপ্লিকেশ্যনৰ সম্পূৰ্ণ সেৱা আগবঢ়ায়। তদুপৰি, হাইলি অট’মেটেড আৰু চিকিউৰ জেনেৰেশ্যন ২ ইনফ্ৰাচট্ৰাকচাৰে অৰেকল অট’ন’মাছ ডাটাবেছক সমৃদ্ধ কৰি তুলিছে। অৰেকল (NYSE: ORCL) সম্পৰ্কে অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি www.oracle.com চাওঁক।

RCJ/M/SB



(Release ID: 1664591) Visitor Counter : 183