পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

শ্ৰী গাডকাৰিয়ে কেৰালাত ৮নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে

১২,৬৯২ কোটি টকা মূল্যৰ ২০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ঘাইপথ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনৈতিক সমৃদ্ধিক উদগণি যোগাব

১৯,৮০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাম ২০২৪ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছেঃ শ্ৰী গাডকাৰি

Posted On: 13 OCT 2020 3:28PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ, ঘাইপথ আৰু সুক্ষ্ম-ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰিয়ে আজি কেৰালাত ৮টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পুনাৰাই বিজয়ন, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত)ড০ ভি.কে সিং আৰু শ্ৰী ভি.মূৰলীধৰণ। ৰাজ্যখনৰ মন্ত্ৰী, সাংসদ, বিধায়ক আৰু কেন্দ্ৰ তথা ৰাজ্যৰ জেষ্ঠ বিষয়াসকলেও অনুষ্ঠানত অংশ লয়।

অনুষ্ঠানত শ্ৰী গাডকাৰিয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নিউ ইণ্ডিয়াৰ সপোন সাৰ্থক কৰাৰ দিশত অগ্ৰসৰ হৈ বিশ্ব মানৰ পৰিবহণ আন্তঃগাথনি বিকশিত কৰাৰ ওপৰত ধ্যান দিয়া হৈছে। ভাৰতৰ সৰ্বকালৰ সৰ্ববৃহৎ আন্তঃগাথনি নিৰ্মাণ আঁচনি ভাৰতমালা পৰিযোজনাৰ অধীনত এইধৰণৰ অভিলাসী কাৰ্যসূচী হাতত লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰতমালা পৰিযোজনাৰ অংশ হিচাপে দেশত প্ৰায় ৩৫,০০০ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হব। ইয়াৰে ১,২৩৪ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ কেৰালাত নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ উপৰি, ১১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ বন্দৰ সংযোগী পথ ভাৰতমালা/সাগৰমালা আঁচনিৰ অধীনত মেৰামতি কৰাৰ পৰিকল্পনা যুগুত কৰা হৈছে। দিল্লী মুম্বাই এক্সপ্ৰেছৱে, দিল্লী অমৃতশৰ কাট্ৰা এক্সপ্ৰেছৱে, চেন্নাই-বাংগালুৰু এক্সপ্ৰেছৱে আদিৰ দৰে কেইবাটাও ফ্লেগশ্বিপ কৰিডৰো ভাৰতমালা পৰিযোজনাৰ অংশ হিচাপে নিৰ্মাণ কৰা হব।

শ্ৰী গাডকাৰিয়ে লগতে উল্লেখ কৰে যে ১,৭৬০ কিলোমিটাৰ দৈৰ্ঘৰ মুম্বাই-কন্যাকুমাৰী অৰ্থনৈতিক কৰিডৰ ভাৰতমালা পৰিযোজনাৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে। এই কৰিডৰে মুম্বাইৰ পৰা কন্যাকুমাৰীলৈ দেশৰ সমগ্ৰ পশ্চিম উপকূলৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে কেৰালাৰ সমৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ সংকল্পবদ্ধ আৰু ইয়াৰ অংশস্বৰূপে আজি মুকলি হোৱা প্ৰকল্পসমূহে কেৰালাৰ চেহেৰা সলনি কৰাৰ আশা কৰা হৈছে। শ্ৰী গাডকাৰিয়ে জানিবলৈ দিয়ে যে বৰ্তমান কেৰালাত ১৭৮২কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে। ইয়াৰে ৪৮৮ কিলোমিটাৰ ২০১৪-২০ৰ সময়ছোৱাত নিৰ্মাণ কৰা হৈছে, যিয়ে ২০০৯-১৪ৰ সময়ছোৱাতকৈ ৫৬৯ শতাংশ বৃদ্ধিক প্ৰতিফলিত কৰিছে। ১৯,৮০০কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া এতিয়াৰ প্ৰকল্পসমূহ ২০২৪ৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ ভি.কে সিঙে কয় যে এই প্ৰকল্পসমূহ কেৰালাৰ বাবে আশীৰ্বাদস্বৰূপ হব। ই অৰ্থনৈতিক কৰিডৰৰ মাধ্যমেৰে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ সমান্তৰালকৈ ব্যৱসায়-বাণিজ্য প্ৰসাৰিত কৰিব।

ইফালে, কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খানে ৰাজ্যখনৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শলাগ লয়।

 

****

RCJ/MS/MS



(Release ID: 1664219) Visitor Counter : 188