বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

অৱকাশৰ পিছত কেৰিয়াৰলৈ প্ৰত্যাৱৰ্তন কৰা মহিলা বৈজ্ঞানিকে ধুলিৰ কণাত বিচাৰি পালে পৰমাণু অস্ত্ৰৰ সমাধান

Posted On: 13 OCT 2020 3:05PM by PIB Guwahati

ধুলিয়ে পৰমাণু অস্ত্ৰৰ প্ৰভাৱ কম কৰিব পাৰে। এই তথ্য সেইগৰাকী মহিলা বৈজ্ঞানিকে প্ৰমাণ কৰিলে যি প্ৰায় এবছৰৰ অৱকাশৰ পিছত বিজ্ঞানৰ দিশলৈ উভতিছে।

 

কামৰ পৰা এনেদৰে অৱকাশ লোৱা সেই ভাৰতীয় মহিলাৰ বাবে সাধাৰণ যি বিভিন্ন পৰিস্থিতিত নিজৰ পৰিয়ালক কেৰিয়াৰতকৈ অধিক প্ৰাধান্য দিয়ে। এয়া বিশেষকৈ তেওঁৰ লিংগৰ বাবে হয়। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে (ডিএছটি)ৰ মহিলা বৈজ্ঞানিক পৰিকল্পনা (ডব্লিউঅ'এছএ) ফেল'শ্বিপে এনেকুৱা মহিলা বৈজ্ঞানিক আৰু ইঞ্জিনিয়াৰক সুযোগ প্ৰদান কৰে যি কিবা কাৰণত নিজৰ কেৰিয়াৰৰ পৰা ব্ৰেক ল'বলগীয়া হয় আৰু যি পুনৰ কেৰিয়াৰলৈ উভতি আহিব বিচাৰে।

 

নতুন দিল্লীস্থিত নেতাজী সুভাষ ইনষ্টিটিউট অফ টেকনলজিৰ ড৹ মীৰা চড্ঢাই এই সুযোগৰ মুনাফা আদায় কৰে আৰু কেৱল অৱকাশৰ পিছত বিজ্ঞানৰ মুখ্য ধাৰালৈ উভতি অহাই নহয়, বৰং প্ৰথমবাৰৰ বাবে গাণিতিক মডেলৰ জৰিয়তে এই কথাও প্ৰমাণ কৰিবলৈ চেষ্টা কৰে যে পৰমাণু অস্ত্ৰৰ ঘাতক প্ৰভাৱক ধুলিৰ কণাৰ সহায়ত কম কৰিব পৰা যায়।

 

''প্ৰচিডিংছ অফ ৰয়েল ছচাইটী এ, লণ্ডন''ত সম্প্ৰতি প্ৰকাশিত তেওঁৰ অধ্যয়ন অনুসৰি ''কোনো গম্ভীৰ বিস্ফোৰণ (বিশেষকৈ পৰমাণু বিস্ফোৰণ)ৰ পৰা উৎপন্ন হোৱা শক্তি আৰু তাৰ পৰা হ'বলগীয়া বিনাশৰ ক্ষেত্ৰক ধুলিৰ কণাৰ দ্বাৰা কম কৰিব পৰা যায়।'' তেওঁ দেখুৱায় যে কেনেকৈ এই প্ৰক্ৰিয়াত বিস্ফোৰণৰ তীব্ৰতা হ্ৰাস পায়।

ড৹ চড্ঢাই এই অনুসন্ধানৰ বাবে লাভ কৰা প্ৰেৰণাৰ বিষয়ে কয়, ''মোৰ পি এইচ ডিৰ সময়ত মই শ্বক ৱেভৰ বিষয়ে পঢ়িছিলো আৰু লগতে কেনেকৈ ধুলিৰ কণাই তাৰ শক্তি কম কৰি দিয়ে। মই এখন কিতাপ পঢ়িছিলো যাৰ শীৰ্ষক আছিল ''ছাইঞ্চ টুৱাৰ্ডছ স্পিৰিচুৱেলিটি'', য'ত প্ৰয়াত ড৹ আব্দুল কালামক সোধা হৈছিল যে 'বিজ্ঞানে এনেকুৱা কুল বোমা বনাব পাৰেনে যি ঘাতক এটম বোমাক নিষ্ফল বা শেষ কৰিব পাৰে?' ই মোক ভাবিবলৈ বাধ্য কৰিলে।''

 

তেওঁ নিজৰ কেৰিয়াৰৰ পৰা লোৱা অৱকাশৰ সময়ৰ প্ৰয়োগ এই অধ্যয়নত খটুৱায় যে বিস্ফোৰণ কেনেকৈ হয় আৰু ধূলিৰ কণাৰ তাৰ ওপৰত কি সম্ভাব্য প্ৰভাৱ হ'ব পাৰে। ডব্লিউ অ' এছ পৰিকল্পনাই তেওঁক সেই সময়, বিত্তীয় সহায় আৰু পৰ্যাপ্ত সম্পদৰ যোগান ধৰে যাৰ জৰিয়তে তেওঁ এই অধ্যয়ন কৰি নিজৰ সপোন সম্পূৰ্ণ কৰিব পাৰিলে।

 

[প্ৰকাশন লিংকঃ https://royalsocietypublishing.org/doi/10.1098/rspa.2020.0105

অধিক তথ্যৰ বাবে, ড৹ মীৰা চড্ঢা (meerachadha01[at]gmail[dot]com)ৰ সৈতে সম্পৰ্ক কৰিব পাৰে।]

 

*******

NB/KGS/(DST Media Cell)


(Release ID: 1664157)