বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

বাণিজ্য, বিনিয়োগ আৰু সহযোগিতাৰ ওপৰত ভাৰত-মেক্সিকো দ্বিপাক্ষিক উচ্চ স্তৰীয় গোটৰ ৫ম বৈঠক

प्रविष्टि तिथि: 13 OCT 2020 1:55PM by PIB Guwahati

বাণিজ্য, বিনিয়োগ আৰু সহযোগিতাৰ ওপৰত ভাৰত-মেক্সিকোৰ দ্বিপাক্ষিক উচ্চ স্তৰীয় গোটৰ (বি এইচ এল জি)ৰ ৫ম বৈঠক ৯ অক্টোবৰ, ২০২০ত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আয়োজিত কৰা হয়। বৈঠকৰ সহ-অধ্যক্ষতা ভাৰত চৰকাৰৰ বাণিজ্য সচিব ড৹ অনুপ ৱধাৱন আৰু মেক্সিকো চৰকাৰৰ বিদেশী বাণিজ্য উপ-মন্ত্ৰী সুশ্ৰী লুজ মাৰিয়া ডে লা ম'ৰাই কৰে। বৈঠকত দুয়োখন দেশৰ বিভিন্ন মন্ত্ৰালয়, বিভাগ আৰু বাণিজ্য মণ্ডলে ভাগ লয়।

 

দুয়ো পক্ষই চলিত বৰ্ষত ভাৰত আৰু মেক্সিকোৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বাণিজ্যিক সম্পৰ্কত হোৱা প্ৰগতিৰ প্ৰশংসা কৰে। দুয়োটা পক্ষই কেইবাটাও দ্বিপাক্ষিক বিষয়ৰ ওপৰত আলোচনা কৰে, য'ত অন্তৰ্ভুক্ত আছিল-অডিঅ'-ভিজুৱেল সহ-নিৰ্মাণ, দ্বিপাক্ষিক বিনিয়োগ সন্ধি, কৃষিজাত সামগ্ৰীৰ বাবে বজাৰ পৰ্যন্ত যোৱা, ছেনিটেৰী আৰু ফাইট'ছেনিট্ৰি (এছ পি এছ)ৰ ওপৰত সহযোগিতাৰ ৰূপৰেখা, দুয়োখন দেশৰ মাজত বাণিজ্যত প্ৰযুক্তিগত অবৰোধ (টি বি টি)ৰ বাবে উপায়, বৌদ্ধিক সম্পত্তিৰ অধিকাৰত সহযোগিতা তথা ভাৰত আৰু মেক্সিকোৰ মাজত পৰ্যটন আৰু দুয়োখন দেশৰ মানুহৰ মাজত সম্পৰ্কক উৎসাহিত কৰাৰ পদ্ধতি চিনাক্ত কৰা আদি।

 

বৈঠকত, সম্পৰ্কযুক্ত ক্ষেত্ৰসমূহত সহযোগিতাক উৎসাহিত কৰিবলৈ দুটা (বাণিজ্যৰ পৰা বাণিজ্য) সন্মতি প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰা হয়। ভাৰতৰ ইলেকট্ৰনিক আৰু কম্পিউটাৰ ছফ্টৱেৰ ৰপ্তানি সংবৰ্ধন পৰিষদ (ই এছ চি) আৰু মেক্সিকান চেম্বাৰ অফ ইলেকট্ৰনিকছ, টেলিকমিউনিকেচন এণ্ড ইনফৰমেচন টেকনলজি (চি এ এন আই ই টি আই)ৰ মাজত এক সন্মতি প্ৰদান চুক্তিত হস্তাক্ষৰ কৰা হয়। ভাৰত আৰু মেক্সিকোৰ মাজত বাণিজ্যিক সম্পৰ্কক উৎসাহিত কৰিবলৈ ভাৰতীয় বাণিজ্য আৰু উদ্যোগ মহাসংঘ (এফ আই চি চি আই) আৰু মেক্সিকান বিজনেছ কাউঞ্চিল অফ ফৰেইন ট্ৰেড, ইনভেষ্টমেণ্ট এণ্ড টেকনলজি (চি অ' এম চি ই)ৰ মাজতো এক সন্মতি প্ৰদান চুক্তিত হস্তাক্ষৰ কৰা হয়।

 

দুয়োখন দেশে ঔষধ, চিকিৎসাৰ উপকৰণ, স্বাস্থ্য সেৱা, কৃষি উৎপাদন, মৎস্য পালন, খাদ্য প্ৰক্ৰিয়াকৰণ, এৰোস্পেচ উদ্যোগ আদিত সহযোগিতাৰ মাধ্যমেৰে ভাৰত আৰু মেক্সিকোৰ মাজত পাৰস্পৰিক ক্ষমতাৰ বুজাপৰা কৰিবলৈ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক বিস্তাৰিত কৰিবলৈ আৰু ইয়াত বিবিধতা আনিবলৈ সহমত প্ৰকাশ কৰে। বৈঠকৰ সফল সমাপ্তিৰ পিছত এক 'সংযুক্ত বিবৃতি' জাৰি কৰে।

 

 

*******

YB


(रिलीज़ आईडी: 1664131) आगंतुक पटल : 231
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Tamil , Telugu