স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
স্বাস্থ্য মন্ত্ৰালয়ৰ টেলিমেডিচিন সেৱা, ই-সঞ্জীৱনীয়ে ৫লাখ টেলি-কনছাল্টটেচন সম্পূৰ্ণ কৰিছে
ই-সঞ্জীৱনী অ’পিডিয়ে এতিয়া ২১৬ অনলাইন অ’পিডি সম্পন্ন কৰে
प्रविष्टि तिथि:
12 OCT 2020 7:53PM by PIB Guwahati
স্বাস্থ্য মন্ত্ৰালয়ৰ টেলিমেডিচিন কাৰ্যসূচী ই-সঞ্জীৱনীয়ে ৰোগী আৰু চিকিৎসকৰ মাজত দ্ৰুত গতিৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অতি কম সময়ৰ ভিতৰতে ই ৫লাখ টেলি-কনছাল্টটেচন সম্পন্ন কৰিছে। ইয়াৰে শেহতীয়া এক লাখ কনছাল্টটেচন মাত্ৰ ১৭দিনত সম্পূৰ্ণ হৈছে। স্বাস্থ্যসেৱাৰ ডিজিটেল সংস্কৰণ হিচাপে ই-সঞ্জীৱনীয়ে ক্ৰমান্বয়ে ভাৰতীয় স্বাস্থ্যসেৱা খণ্ডৰ পৰম্পৰাগত ব্যৱস্থাৰ সমান্তৰাল ধাৰালৈ অগ্ৰসৰ হৈ আছে। বিগত কেইদিনমানত টেলিকনছাল্টটেচনৰ দৈনিক সংখ্যা ৮,০০০ৰ সীমা স্পৰ্শ কৰিছে। এই মুহূৰ্তত ২৬খন ৰাজ্যই ই-সঞ্জীৱনীৰ দুটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰি আছে, সেয়া হ’ল-ডক্টৰ টু ডক্টৰ(ই-সঞ্জীৱনী এবি-এইচডব্লিউচি) আৰু পেচেণ্ট টু ডক্টৰ(ই-সঞ্জীৱনী অ’পিডি)।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নৱেম্বৰ,২০১৯ত ই-সঞ্জীৱনী এবি-এইচডব্লিউচি মুকলি কৰিছিল আৰু ভাৰত চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনিৰ অধীনত নিৰ্বাচিত মেডিকেল কলেজ হস্পিটালৰ সৈতে সন্মিলিতভাৱে ১,৫৫,০০০ স্বাস্থ্য আৰু ৱেলনেছ চেণ্টাৰত ইয়াক ৰূপায়ন কৰা হৈছে।
এই অভিলাসী আঁচনিৰ দ্বিতীয়টো পদ্ধতি হ’ল ই-সঞ্জীৱনী অ’পিডি। ২০২০ৰ ১৩ এপ্ৰিলৰ প্ৰথম লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশত অ’পিডি সেৱা বন্ধ হৈ থকাৰ সময়তে ই-সঞ্জীৱনী অ’পিডি মুকলি কৰা হয়। এই পদ্ধতিৰ সহায়ত ৰোগীয়ে ঘৰত বহিয়ে অ’পিডি সেৱা লাভ কৰে।
ই-সঞ্জীৱনী আৰু ই-সঞ্জীৱনী অ’পিডি প্লেটফৰ্মৰ মাধ্যমেৰে সৰ্বাধিক কনছাল্টেচন পঞ্জীভুক্ত হোৱা শীৰ্ষ দহখন ৰাজ্য হ’লঃ তামিলনাডু(১৬৯৯৭৭), উত্তৰ প্ৰদেশ(১৩৪৯৯২), হিমাচল প্ৰদেশ(৩৯৩২৬), কেৰালা(৩৯৩০০), অন্ধ্ৰ প্ৰদেশ(৩১৩৬৫), উত্তৰাখণ্ড(১৬৪৪২), মধ্য প্ৰদেশ(১৪৯৬৫), গুজৰাট(১০৮৩৯), কৰ্ণাটক(৯৪৯৮), মহাৰাষ্ট্ৰ(৭৮৯৫)। অসম এই তালিকাৰ অষ্টাদশ স্থানত আছে।
***
MV/SJ/MS
(रिलीज़ आईडी: 1663937)
आगंतुक पटल : 197