প্ৰতিৰক্ষা মন্ত্ৰালয়

৭ খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত সীমান্ত পথ সংস্থাৰ দ্বাৰা নিৰ্মিত ৪৪ টা সেঁতু জাতিৰ উদ্দেশ্যে উৎসৰ্গা কৰে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে

অৰুণাচলৰ নেচিফু সুৰঙ্গৰ আধাৰশিলা স্থাপন ৰাজনাথ সিঙৰ

পোষ্ট কৰা হৈছে: 12 OCT 2020 12:44PM by PIB Guwahati

দেশৰ পশ্চিম, উত্তৰ আৰু উত্তৰ পূৰ্বাঞ্চলীয় সীমান্ত সংলগ্ন সংবেদনশীল অঞ্চলত পথ আৰু দলং যোগাযোগ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে। তেওঁ আজি ৪৪ খন স্থায়ী দলং জাতিৰ উদ্দেশ্যে উৎসৰ্গা কৰে। তেওঁৰ লগতে অৰুণাচল প্ৰদেশৰ নেচিফু সুৰঙ্গৰ আধাৰশিলাও স্থাপন কৰে। এই দলংবোৰ কৌশলগত দিশৰ পৰা খুবেই গুৰুত্বপূৰ্ণ আৰু প্ৰত্যন্ত অঞ্চলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ সৃষ্টি কৰিব। ৭খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত এই ৪৪ খন দলং নিৰ্মাণ কৰা হৈছে। ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আয়োজিত এই উদ্বোধনী অনুষ্ঠানত দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ উপৰিও উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিং, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, সেনাপ্ৰধান এম এম নাৰাভানে, প্ৰতিৰক্ষা সচিব শ্ৰী অজয় কুমাৰ। ভিডিঅ’ লিংকৰ মাধ্যমেৰে এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, পঞ্জাৱ, ছিকিম আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকল আৰু জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল। ইয়াৰ উপৰিও সংশ্লিষ্ট অঞ্চলৰ সাংসদ আৰু একাধিক জনপ্ৰতিনিধিও এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

 

অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এই সাফল্যৰ বাবে সীমান্ত পথ সংস্থাৰ সকলো বিষয়ববীয়াকে ধন্যবাদ জনায়। তেওঁ কয়, একেলগে এই ৪৪ খন দলং উদ্বোধনৰ যোগেদি এক ৰেকৰ্ড সৃষ্টি হৈছে। শ্ৰী সিঙে কয়, ক’ভিড-১৯ ৰ দৰে সংকটময় সময়ত আৰু পাকিস্তান আৰু চীনে যিদৰে সীমান্তত উত্তেজনা আৰু বিৰোধ সৃষ্টি কৰিছে তাৰ দৃঢ়তাৰে মোকাবিলা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলো উন্নয়ন ক্ষেত্ৰতেই এক ঐতিহাসিক পৰিবৰ্তন অনা হৈছে।

 

সীমান্ত পথ সংস্থাই সীমান্তত পৰিকাঠামো উন্নয়নত যি ভূমিকা পালন কৰি চলিছে তাৰো প্ৰশংসা কৰি শ্ৰী সিঙে কয়, এই দলংবোৰে দেশৰ পশ্চিম, উত্তৰ আৰু উত্তৰ-পূৱ ক্ষেত্ৰৰ প্ৰান্তীয় অঞ্চলবোৰৰ সৈতে যোগাযোগ ব্যৱস্থাপনাত উন্নতি সাধন কৰিব আৰু স্থানীয় লোকসকলৰ দীৰ্ঘদিনৰ আকাঙ্খা পূৰণ হ’ব। তেওঁ লগতে কয়, এই দলংবোৰে সমগ্ৰ বছৰধৰি সশস্ত্ৰ বাহিনীৰ পৰিবহণ আৰু প্ৰয়োজনীয় ৰচদ পাতিৰ সৰবৰাহত বিশেষ সাহায্য কৰিব।

 

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, পথ আৰু দলঙে যিকোনো দেশৰ জীৱনদায়িনী আৰু প্ৰান্তীয় অঞ্চলৰ সামাজিক, অৰ্থনৈতিক উন্নয়ন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। সীমান্ত অঞ্চলৰ উন্নয়নৰ কাম কাজ বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰি তেওঁ কয়, দেশত সকলো প্ৰকল্পৰ অগ্ৰগতি নিয়মিতভাৱে পৰ্যবেক্ষণ কৰা হৈছে আৰু সময়মতে সেই কাম-কাজ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত ধনৰেও সহায় কৰা হৈছে।

 

তেওঁ কয়, ২০০৮-১৬ পৰ্যন্ত সীমান্ত পথ সংস্থাৰ বাৰ্ষিক বাজেট ৩ হাজাৰ ৩০০ কোটি টকাৰ পৰা ৪ হাজাৰ ৪০০ কোটি টকা আছিল। বৰ্তমান চৰকাৰে ২০২০-২১ বিত্তীয় বৰ্ষত সেয়া বৃদ্ধি কৰি ১১ হাজাৰ কোটি টকা কৰিছে। ক’ভিড-১৯ মহামাৰী সত্ত্বেও এই ক্ষেত্ৰত কোনো বাজেট হ্ৰাস কৰা হোৱা নাই।

 

প্ৰতিৰক্ষা মন্ত্ৰী লগতে ঘোষণা কৰে যে চৰকাৰে সীমান্ত পথ সংস্থাৰ ইঞ্জিনিয়াৰ্ছ আৰু কৰ্মীসকলৰ বাবে ওখ এলেকাত কাম কৰিবৰ বাবে উন্নতমানৰ পোছাক ক্ৰয় কৰিবৰ বাবে পুঁজি মঞ্জুৰ কৰিছে।

 

শ্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ টাৱাং যোৱাৰ পথত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ নেচিফু সুৰঙ্গৰ আধাৰশিলা স্থাপন কৰে। ৪৫০ মিটাৰ দৈৰ্ঘ্যৰ দুটা লেনৰ সুৰঙ্গ পথটো যিকোনো পৰিৱেশ বা বতৰতেই অহাযোৱাৰ বাবে উপযোগী। তাৰ লগতে দূৰ্ঘটনাজনিত শংকাপূৰ্ণ অঞ্চলত নিৰাপদ আৰু সুৰক্ষা ব্যৱস্থাপনাও আছে এই সুৰঙ্গত।

 

অনুষ্ঠানত সীমান্ত পথ সংস্থাৰ মহানিৰ্দেশক লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙে কয়, জম্মু-কাশ্মীৰত ১০, লাডাখত ৮, হিমাচল প্ৰদেশত ২, পঞ্জাৱত ৪, উত্তৰাখণ্ডত ৮, অৰুণাচল প্ৰদেশত ৮ আৰু ছিকিমত ৪ অৰ্থাৎ মুঠ ৪৪ খন দলং ৩০ মিটাৰৰ পৰা ৪৮৪ মিটাৰ পৰ্যন্ত বিভিন্ন উচ্চতাত অৱস্থিত। এই দলংবোৰ সীমান্ত অঞ্চলত নাগৰিকসকলৰ যোগাযোগ আৰু সামৰিক বাহিনীক অহা-যোৱাৰ বিশেষ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভঙ্গীৰ সৈতে সামঞ্জস্য ৰাখি এই দলংবোৰ প্ৰত্যন্ত সীমান্ত অঞ্চলত সামগ্ৰিক অৰ্থনৈতিক শ্ৰীবৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। তেওঁ লগতে কয়, বিগত বছৰত ২৮ খন দলং নিৰ্মাণ কৰিছিল সীমান্ত পথ সংস্থাই, তাৰ পৰিৱৰ্তে এই বছৰত ১০২ খন দলং নিৰ্মাণৰ কাম সম্পন্ন কৰিছে সংস্থাটোৱে।


ক’ভিড-১৯ মহামাৰীৰ মাজতো সুনিৰ্দিষ্ট নিয়ম মানি এই ধৰণৰ কাম চলাই নিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। এই দলংবোৰ সীমান্ত অঞ্চলৰ নাগৰিকসকলৰ জীৱনলৈ স্বস্তি আনি দিছে আৰু সেনা বাহিনীৰ অহা-যোৱা আৰু ৰচদ পাতিৰ সৰবৰাহ সুনিশ্চিত কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

 

 

***********


ABB/Nampi/KA/Rajib/RD


(ৰিলিজ আই ডি : 1663932) অতিথি কক্ষ : 369