বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজত বিত্তীয় বৰ্ষৰ অন্ত পৰাৰ আগতে গ্ৰাহকসকলৰ ব্যয় সামৰ্থ্য বৃদ্ধি কৰিব পৰাকৈ ৭৩,০০০ কোটি টকাৰ পুঁজি প্ৰবহণৰ পদক্ষেপ ঘোষণা বিত্ত মন্ত্ৰীৰ

অৰ্হতাৰ ভিত্তিত ২০১৮-২১ৰ বাবে প্ৰযোজ্য এক ‘এলটিচি’ৰ পৰিৱৰ্তে নগদ ধন আৰু ছুটীৰ বিনিময়ত ধন প্ৰদানৰ ব্যৱস্থা

ৰাজপত্ৰিত-অনা ৰাজপত্ৰিত সকলো শ্ৰেণীৰ বাবেই ‘বিশেষ ফেষ্টিভেল এডভান্স’ আঁচনিক এককালীন ৰূপত পুনৰ প্ৰৱৰ্তনৰ ব্যৱস্থা

ৰাজ্যসমূহৰ বাবে বিশেষ সুত মুক্ত ১২০০০ কোটি টকীয়া মূলধনী ব্যয় সম্পৰ্কীয় ৫০ বছৰীয়া ঋণ

কেন্দ্ৰীয় বাজেটত ঘোষিত ৪.১৩ লাখ কোটিৰ সৈতে অতিৰিক্ত ভাবে ২৫,০০০ কোটি টকাৰ মূলধনী ব্যয় সম্পৰ্কীয় বাজেটৰ দিহা

Posted On: 12 OCT 2020 5:06PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিত বলবত্ হোৱা লকডাউনৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক জড়তা আঁতৰোৱাৰ অন্যতম প্ৰয়াস হিচাপে কেন্দ্ৰীয় বিত্ত তথা কৰ্পোৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি গ্ৰাহকৰ ব্যয় সামৰ্থ্যক উত্সাহিত কৰিব পৰাকৈ ৭৩,০০০ কোটি টকাৰ পেকেজৰ ঘোষণা কৰিছে। অৰ্থনৈতিক পেকেজ ঘোষণা কৰা অনুষ্ঠানত বিত্ত তথা কৰ্পোৰেট বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, বিত্ত সচিব অজয় ভূষণ পাণ্ডে, বিত্তীয় সেৱা বিভাগৰ সচিব শ্ৰী দেৱাশীস পাণ্ডা আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী তৰুণ বাজাজ আদিও উপস্থিত থাকে।

উত্সাহমূলক পেকেজৰ ঘোষণা কৰি দিয়া ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰৰ লগতে সংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ জমাৰ পৰিসৰ বৃদ্ধিৰ সংকেত লাভ কৰিব পৰা গৈছে আৰু আমি সমাজৰ কম সৌভাগ্যশালীসকলৰ বাবে তেওঁলোকৰ চাহিদাক প্ৰোত্সাহিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব খুজিছো। তেওঁ কয়, আজি ঘোষণা কৰা উতসাহমূলক পদক্ষেপৰ আধাৰত যদি চাহিদাৰ পৰিসৰ বাঢ়িবলৈ ধৰে তেন্তে ই কভিড-১৯য়ে ক্ষতিগ্ৰস্থ কৰা আৰু নিজৰ ব্যৱসায় বাণিজ্যৰ পুনৰুথ্থানৰ বাবে অহোপুৰুষাৰ্থ কৰিব খোজা ব্যক্তিসকলৰ জীৱনত এক প্ৰভাৱ বিস্তাৰিত কৰিব।

আজিৰ সমাধান সূত্ৰই কাইলৈ যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে এই কথা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিত্ত মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। চৰকাৰে কোনো পৰিস্থিতিতে সৰ্ব সাধাৰণ ৰাইজক ভৱিষতে হব পৰা মুদ্ৰাস্ফীতিৰ বোজা দিব খোজা নাই অথবা চৰকাৰী ঋণকো অ-বহণক্ষণ পথলৈ আগুৱাই নিব খোজা নাই বুলি উল্লেখ কৰে শ্ৰীমতী সীতাৰমণে।

বিত্ত মন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰা পদক্ষেপসমূহ অৰ্থনৈতিক ভাবে যুক্তিনিষ্ঠকৈ যুগুতাই উলিওৱা হৈছে যে ইয়াৰ কেতবোৰ প্ৰস্তাৱে সদ্যহতে ব্যয় ক্ষমতা বঢ়াব যদিও পৰৱৰ্তি সময়ত ইয়াৰ আচৰণগত পৰিৱৰ্তন সাধন কৰিব। সেইদৰে আন কেতবোৰ পদক্ষেপ আকৌ জিডিপিৰ পৰিসৰ বৃদ্ধিৰ প্ৰক্ৰিয়াৰে প্ৰত্যক্ষভাবে সংযুক্ত। শ্ৰীমতী সীতাৰমণৰ আজিৰ ঘোষণাই কভিড-১৯য়ে সৃষ্টি কৰা অৰ্থনৈতিক জড়তা আঁতৰোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সক্ৰিয় হস্তক্ষেপকে স্পষ্ট কৰিছে। সবিশেষ তলত উল্লেখ কৰা হ : 

  1. উপভোক্তাৰ ব্যয়

 

  1. লীভ ট্ৰেভেল কনচেশ্যন(এলটিচি) নগদ ভাউচাৰ আঁচনি

 

আঁচনিখন ঘোষণা কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ উত্সাহমূলক পদক্ষেপ হৈছে এলটিচি নগদ ভাউচাৰ আঁচনি২০২১চনত সামৰণি পৰিবলগীয়া চাৰিবছৰীয়া সময় কালত যিসকলে এলটিচি-ৰ সুবিধা গ্ৰহণ কৰা নাছিল তেওঁলোকে এই সুবিধা অবাবতে হেৰুৱাবলগীয়া হলহেতেন যদিও, এতিয়া তেওঁলোকে নতুন আঁচনিৰ সুবিধা গ্ৰহণ কৰি তেওঁলোকৰ পৰিয়ালসমূহৰ বাবে সা-সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত যিহেতু ২০১৮-২১ৰ মাজৰ সময়ছোৱাত গ্ৰহণ কৰিবলগীয়া এলটিচি-ৰ পৰা চৰকাৰী কৰ্মচাৰীসকল হাতচাৰা হবলগীয়া হল, সেয়ে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ আধাৰত সংশ্লিষ্টসকলে এলটিচি-ৰ পৰিৱৰ্তে যোগ্যতাৰ আধাৰত পাবলগীয়া বিমান অথবা ৰেলৰ ভাড়া, ১০দিনৰ ছুটীৰ বিনিময়ত পাবলগীয়া ধন(ডিএ সহ)নগদ লাভ কৰিব। উল্লেখ্য যে, ৰেল বা বিমানৰ ভাড়াৰ বাবদ আদায় দিবলগীয়া ধন কৰমুক্ত হব।

যিসকল কৰ্মচাৰীয়ে এই আঁচনিৰ সুযোগ গ্ৰহণ কৰিব খোজে তেওঁলোকে ভাড়াৰ বাবদ ব্যয় কৰিবলগীয়া ধনৰ তিনিগুণ মূল্যৰ সামগ্ৰী অথবা সেৱা ক্ৰয় কৰিব লাগিব আৰু ৩১ মাৰ্চ ২০২১ৰ আগতে এবাৰত ছুটীৰ বিনিময়ত পাবলগীয়া ধন আদয় কৰিব লাগিব।

ধন মোকলোৱাৰ বাবে সংশ্লিষ্টসকলে ১২ শতাংশ জিএছটি যুক্ত সেৱা বা সামগ্ৰী ক্ৰয় কৰাৰ ডিজিটেল নথী কৰ্তৃপক্ষক জমা দিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবদ প্ৰায় ৫,৬৭৫ কোটি টকা ব্যয় হব। সেইদৰে ৰাজহুৱা খণ্ডৰ বেংক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলকো এই সুবিধা প্ৰদান কৰা হব আৰু ইয়াৰ বাবে ১৯০০ কোটি টকা ব্যয় হব। ইফালে, ৰাজ্যচৰকাৰ-ব্যক্তিগত খণ্ডৰ যিসকল কৰ্মচাৰীয়ে এলটিচি-ৰ সুবিধা লাভৰ অৰ্হতা লাভ কৰে তেওঁলোকৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ বিধি অনুসৰি কৰ ৰেহাই সুযোগ প্ৰদান কৰা হব। আজি ঘোষিত আঁচনিখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ১৯,০০০ কোটি টকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰায় ৯০০০ কোটি টকাৰ চাহিদাৰ উত্পন্ন হব বুলি ধাৰণা প্ৰকাশ কৰা হৈছে। আৰু ইয়ে ২৮,০০০ কোটি টকাৰ অতিৰিক্ত গ্ৰাহক চাহিদা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

 

  1. বিশেষ ফেষ্টিভেল এডভান্স আঁচনি

চাহিদাক উত্সাহিত কৰাৰ এককালীন প্ৰয়াস হিচাপে ৰাজপত্ৰিত আ-ৰাজপত্ৰিত সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এক বিশেষ ফেষ্টিভেল এডভান্স আঁচনি পুনৰ প্ৰচলনৰ ব্যৱস্থা কৰা হৈছে।এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ পচন্দৰ উত্সৱ উপলক্ষে ব্যয় কৰিব পৰাকৈ ১০,০০০টকা পৰ্যন্ত ধন সুত বিহীন ভাবে আগতীয়াকৈ গ্ৰহণ কৰিব পাৰিব। এই ধনৰাশি ৩১ মাৰ্চ ২০২১ৰ ভিতৰত ব্যয় কৰিব লাগিব আৰু সংশ্লিষ্টসকলে ১০টা কিস্তিত এইখিনি ধন ঘূৰোৱাৰ ব্যৱস্থা কৰিব লাগিব।

আঁচনিখনৰ জৰিয়তেও ৮০০০ কোটি টকা পৰিমাণৰ চাহিদাৰ সৃষ্টি হব বুলি আশা কৰা হৈছে।

 

 

  1. মূলধনী ব্যয়
  1. ৰাজ্যসমূহলৈ বিশেষ সহযোগিতা :

 

মূলধনী ব্যয় সম্পৰ্কীয় পদক্ষেপ ঘোষণা কৰিবলৈ গৈ শ্ৰমতী সীতাৰমণে কয় যে আন্তঃগাঁথনি নিৰ্মাণ আৰু সমল সৃষ্টিৰ বাবে কৰা ব্যয়ে অৰ্থনীতিক এগুণত দুগুণকৈ প্ৰভৱিত কৰাৰ সামৰ্থ্য বহণ কৰে। ইয়ে বৰ্তমানৰ জিডিপিকে উন্নত নকৰে বৰং ভৱিষ্যতৰ জিডিপিকো শক্তি প্ৰদান কৰেসেয়ে, চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মূলধনী ব্যয়ৰ ক্ষেত্ৰত আৰু অধিক শক্তি বৰ্দ্ধনৰ পদক্ষেপ গ্ৰহণ কৰিব খজিছে। তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ বাবে এক বিশেষ সুত-মুক্ত ১২,০০০ কোটি চকীয়া ৫০ বছৰীয়া ঋণ আগবঢ়াইছেতিনিটা খণ্ডত বলবত্ হবলগীয়া আঁচনিখনৰ অনুসৰি  

প্ৰথম খণ্ড

উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যলৈ ২০০ কোটিকৈ(১৬০০ কোটি) টকা

উত্তৰাখণ্ড আৰু হিমাচল প্ৰদাশলৈ ৪৫০ কোটিকৈ(৯০০কোটি) টকা

দ্বিতীয় খণ্ড

পঞ্চদশ বিত্তীয় আয়োগৰ হস্তান্তৰণৰ আধাৰত বাকী ৰাজ্যসমূহলৈ ৭,৫০০ কোটিকৈ টকা।

তৃতীয় খণ্ড

যিসমূহ ৰাজ্যই আত্মনিৰ্ভৰ ভাৰত পেকেজ(এএনবিপি)ত নিৰ্দ্ধাৰণ কৰা ৪টা সংস্কাৰৰ অন্ততঃ ৩টা সম্পূৰ্ণ কৰিছে তেওঁলকলৈ ২০০০ কোটিৰ ঋণৰ বিশেষ দিহা।

 

  1. বাজেটত অধিক সংযোজন :

 

কেন্দ্ৰীয় বাজেটত ঘোষিত ৪.১৩ লাখ কোটিৰ সৈতে অতিৰিক্ত ভাবে ২৫,০০০ কোটি টকাৰ মূলধনী ব্যয় সম্পৰ্কীয় বাজেটৰ দিহা কৰা হৈছে।

****

RM/KMN/KB



(Release ID: 1663929) Visitor Counter : 252