আয়ুষ
চৰ্মৰোগত হোমিঅ’পেথীৰ ব্যাথাহাৰী স্পৰ্শ
प्रविष्टि तिथि:
12 OCT 2020 11:15AM by PIB Guwahati
ছালৰ ভাইৰেল ৰোগ আৰোগ্য কৰাত হোমিঅ’পেথীয়ে অসাধাৰণ সফলতা প্ৰদৰ্শন কৰিব পাৰে বুলি বহুতেই পৰামৰ্শ দিয়া দেখিবলৈ পোৱা যায়। শেহতীয়াভাবে ‘নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অব আয়ুৰ্বেদিক এণ্ড হোমিঅ’পেথী, শ্বিলং’-ৰ মুখপত্ৰ ‘আয়ুষম’ত প্ৰকাশিত এক অধ্যয়ন সম্পৰ্কীয় প্ৰতিবেদনত পুনৰবাৰ এই প্ৰসংগক বিস্তাৰিত ভাবে বৰ্ণনা কৰা হৈছে। অধ্যয়নটোৰ প্ৰতিবেদন যুগুতাইছে ‘অৰ্গানন অব মেডিচিন’ বিভাগৰ প্ৰধ্যাপিকা সংগীতা সাহা, কলকাটা ‘হোমিঅ’পেথিক মেডিকেল কলেজ এণ্ড হাস্পটাল’ৰ স্নাতকোত্তৰ মহলাৰ প্ৰশিক্ষাৰ্থী মহাকাশ মণ্ডল আৰু ‘নেশ্যনেল ইনষ্টিটিউট অব হোমিঅ’পেথী’, কলকাটাৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী কৌশিক ভৰে।
ছালৰ বিভিন্ন ৰোগত আক্ৰান্ত পাঁচগৰাকী ৰোগীক হোমিঅ’পেথীৰে চিকিত্সা প্ৰদান কৰাৰ পিচত বিশেষ সুফল লাভ কৰিব পৰা যায় আৰু ইয়ে স্বাভাৱিকতেই চৰ্মৰোগৰ ক্ষেত্ৰত হোমিঅ’পেথীক চিকিত্সাৰ প্ৰভাৱ খুবেই আশাব্যঞ্জক বুলি ভবাৰ থল ওলাইছে।
চৰ্মৰোগৰ প্ৰকাৰ অসংখ্য আৰু খুউব সঘনাই এনে ৰোগে সকলো বয়সৰ লোকক কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ পৃথিৱীতে আক্ৰান্ত কৰি আহিছে। ‘গ্লোবেল বাৰ্ডেন অব ডিজিজ প্ৰজেক্ট’ৰ তথ্য মতে চৰ্মৰোগ মৃত্যুৰ কাৰণ নহয় যদিও সমগ্ৰ পৃথিৱীকে আক্ৰান্ত কৰাৰ ক্ষেত্ৰত ই একেৰাহে চতুৰ্থ স্থান অধিকাৰ কৰি আহিছে। হোমিঅ’পেথী চিকিত্সাৰ অধ্যয়ন আৰু গৱেষণাৰে জড়িতসকলৰ মতে সাধাৰণ পৰ্যায়ৰ চৰ্মৰোগ নিৰাময়ৰ ক্ষেত্ৰত হোমিঅ’পেথী চিকিতসা কম ব্যয় সাপেক্ষ হোৱাৰ লগতে ইয়াৰ নিদান সামৰ্থ্যৰ বাবে বৃহত্ সংখ্যক জনতাৰ বাবে ই ‘পট-পৰিৱৰ্তনকাৰী’ হিচাপে পৰিগণিত হ’ব।
অধ্যয়নটোৰে জড়িত পাঁচোগৰাকী ৰোগীৰ ক্ষেত্ৰত ‘অৰ্গানন অব মেডিচিন’ৰ বিধি নিৰ্দেশনাৰ আধাৰত ঔষধ প্ৰদান কৰাৰ পিচত দেখা গ’ল যে ঔষধসমূহে ছালৰ বিসংগতিয়েই কেৱল আঁতৰ কৰা নাছিল, বৰং ৰোগীসকলক আনুষংগিক লক্ষণসমূহৰ পৰাও সকাহ দান কৰিছিল। কেৱল সেয়াই নহয়, চিকিত্সাৰ সময়ছোৱাত কোনো এগৰাকী ৰোগীৰ ক্ষেত্ৰতে ঔষধৰ বিপৰীত প্ৰভাৱ সম্পৰ্কীয় অভিযোগ উথ্থাপন হোৱা নাছিল।
এনে প্ৰেক্ষাটতত এই অধ্যয়নক পৰীক্ষামূলক প্ৰকল্প হিচাপে গ্ৰহণ কৰিব পাৰি। ইয়াৰ পৰৱৰ্তি পৰ্যায়ত বৃহত্ সংখ্যক ৰোগীৰ মাজত থপিয়াই থপিয়াই কৰা চিকিত্সাৰ জৰিয়তে চৰ্মৰোগ নিৰাময়ৰ ক্ষেত্ৰত হোমিঅ’পেথী চিকিত্সাৰ পাৰদৰ্শিতা অধ্যয়ন কৰাটো বাঞ্চনীয় হ’ব।
********
MV/SK/KB
(रिलीज़ आईडी: 1663665)
आगंतुक पटल : 448