মহাকাশ দপ্তৰ

ভাৰতৰ মহাকাশ যাত্ৰাত সহযোগী হ’ব ভাৰতীয় ব্যক্তিগত খণ্ডঃ ড০ জিতেন্দ্ৰ সিং

ব্যক্তিগত কোম্পানীক শীঘ্ৰেই উপগ্ৰহ উৎক্ষেপণ আৰু মহাকাশভিত্তিক কাম-কাজত সমান সুবিধা প্ৰদান কৰা হ’ব

পোষ্ট কৰা হৈছে: 11 OCT 2020 4:34PM by PIB Guwahati

কেন্দ্ৰীয় নাৰ(স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো) নিজৰ সুবিধাসমূহ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মহাকাশ বিভাগত কৰা কেতবোৰ ঐতিহাসিক সংস্কাৰৰ প্ৰসংগ উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে সম্ভৱতঃ স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ গ্ৰহসমূহৰ সৈতে জড়িত গৱেষণাৰ ভৱিষ্যত পৰিকল্পনা, বৰ্হি মহাকাশৰ যাত্ৰা আদিত ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া ব৷ তেওঁ কয় যে এই পদক্ষেপ ভাৰতক আত্মনিৰ্ভৰ কৰাৰ দিশত মোদী চৰকাৰৰআত্মনিৰ্ভৰ যোজনাৰ অংশবিশেষ৷ ইয়াৰ জৰিয়তে মহাকাশৰ কাম-কাজত ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব বৃদ্ধিত উদ্গনি যোগোৱাৰ পৰিকল্পনা কৰা হৈছে৷

ড০ জিতেন্দ্ৰ সিঙে এই সন্দৰ্ভত লগতে কয় যে ভাৰতীয় ব্যক্তিগত খণ্ড ভাৰতৰ মহাকাশ যাত্ৰাৰ সহযোগী ব৷ তেওঁ কয় যে ব্যক্তিগত কোম্পানীসমূহক উপগ্ৰহ ক্ষেপণ আৰু মহাকাশ আধাৰিত কাম-কাজত সমান সুযোগ-সুবিধা প্ৰদান কৰা ব৷

ড০ জিতেন্দ্ৰ সিঙে কয় যে নতুন সংস্কাৰ, দেশত মহাকাশ সম্পৰ্কীয় কাম-কাজৰযোগানভিত্তিক আৰ্হি পৰাচাহিদাভিত্তিক আৰ্হিলৈ পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টা লোৱা ব৷ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ সংবৰ্ধন আৰু প্ৰাধিকৰণ কেন্দ্ৰ(আইএন-এছপিএচিই) নিৰ্মাণৰ লগতে আমাৰ ওচৰত ইয়াৰ বাবে এক নিশ্চিত বিভাগ থাকিব আৰু ব্যক্তিগত খণ্ডক নিজৰ ক্ষমতাৰ সংস্কাৰ সাধনৰ বাবে ইছৰোৰ সুবিধাসমূহ আৰু অন্য প্ৰাসংগিক সম্পত্তিসমূহৰ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা ব৷

ড০ জিতেন্দ্ৰ সিঙে লগতে কয় যে ব্যক্তিগত উদ্যোগসমূহক তেওঁলোকৰ আৱেদন জমা কৰাৰ বাবে এক ৱেব লিংক প্ৰদান কৰা ব৷ তেওঁ কয় যে উদ্যোগসমূহ আৰু ষ্টাৰ্ট-আপৰ পৰা লাভ কৰা আৱেদনসমূহ এক উচ্চস্তৰীয় সমিতিয়ে পৰীক্ষা কৰিব৷

 

 

<><><><><>

SNC/DB


(ৰিলিজ আই ডি : 1663663) অতিথি কক্ষ : 247