গৃহ মন্ত্ৰালয়

‘স্বামিত্ব আঁচনি’ৰ শুভাৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে

“গ্ৰাম্য ভাৰতক উন্নত আৰু সমৃদ্ধিশালী কৰি গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিনে-নিশাই কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভ ঘোষণা কৰা ‘স্বামিত্ব যোজনা’ গ্ৰামীণ স্বৰাজৰ দিশত এক সাফল্যৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। নানাজী দেশমুখৰ জন্ম বাৰ্ষিকীত আঁচনিখন সঁচাকৈয়ে উচিত শ্ৰদ্ধঞ্জলি হৈছে”

“দুখীয়া আৰু গাঁওবাসীৰ সবলীকৰণ হৈছে মোডীজীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰকৃত লক্ষ্য। গ্ৰাম্যাঞ্চলৰ ৰাইজক তেওঁলোকৰ অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত আঁচনিখন এক উদ্ভাৱনী প্ৰয়াস হ’ব। এতিয়াৰে পৰা তেওঁলোকে বেংকৰ ঋণ ল’ব পাৰিব আৰু তেওঁলোকে নিজৰ সপোন দিকঠ কৰাৰ সুবিধা পাব”

Posted On: 11 OCT 2020 5:37PM by PIB Guwahati

স্বামিত্ব আঁচনিৰ শুভাৰম্ভ ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। এই সম্পৰ্কত প্ৰকাশ কৰা এলানি টুইট বাৰ্তাত শ্ৰী শ্বাহে কয়, গ্ৰাম্য ভাৰতক উন্নত আৰু সমৃদ্ধিশালী কৰি গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিনে-নিশাই কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভ ঘোষণা কৰা স্বামিত্ব যোজনা গ্ৰামীণ স্বৰাজৰ দিশত এক সাফল্যৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হব। নানাজী দেশমুখৰ জন্ম বাৰ্ষিকীত আঁচনিখন সঁচাকৈয়ে উচিত শ্ৰদ্ধাঞ্জলি হৈছে

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, মই প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই দূৰদৃষ্টি সম্পন্ন আৰু ঐতিহাসিক স্বামিত্ব আঁচনিয়ে গাঁওবাসীক ভাৰতত আত্মনিৰ্ভৰ  কৰি তুলিব। এই আঁচনিয়ে গাঁৱৰ মাটি-সম্পত্তিৰ মালিকানা থকা লোকসকলক অধিকাৰৰ অভিলেখৰ অধিকাৰ প্ৰদান কৰিব

 

শ্ৰী শ্বাহে আৰু কয়, দুখীয়া আৰু গাঁওবাসীৰ সবলীকৰণ হৈছে মোডীজীৰ আত্মনিৰ্ভৰ ভাৰতৰ প্ৰকৃত লক্ষ্য। গ্ৰাম্যাঞ্চলৰ ৰাইজক তেওঁলোকৰ অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত আঁচনিখন এক উদ্ভাৱনী প্ৰয়াস হব। এতিয়াৰে পৰা তেওঁলোকে বেংকৰ ঋণ লব পাৰিব আৰু তেওঁলোকে নিজৰ সপোন দিকঠ কৰাৰ সুবিধা পাব

স্বামিত্ব কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ৰূপায়ণ কৰা এখন আঁচনি। চলিত বৰ্ষৰ ২৪ এপ্ৰিলত উদযাপিত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ দিনা আঁচনিখনৰ শুভাৰম্ভ ঘোষণা কৰা হৈছিল। আঁচনিখনৰ জৰিয়তে গাঁৱৰ মাটি-সম্পত্তিৰ মালিকানা থকা লোকসকলক অধিকাৰৰ অভিলেখৰ অধিকাৰ প্ৰদান কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল।

আগন্তুক চাৰিটা বছৰ(২০২০-২০২৪)ত সমগ্ৰ দেশতে পৰ্যায়ক্ৰমে ৰূপায়িত হব লগা আঁচনিখনে দেশৰ ৬.৬২ লাখ গাঁওবাসীক সামৰি লব। উত্তৰ প্ৰদেশ, হাৰিয়াণা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ লগতে পাঞ্জাৱ আৰু ৰাজস্থানৰ কেইখনমান সীমান্তবৰ্তী গাঁৱত আঁচনিখনৰ পৰীক্ষামূলক ৰূপায়ণ (২০২০-২১)আৰম্ভ কৰা হৈছে। ইতিমধ্যে পাঞ্জাৱ আৰু ৰাজস্থানত কণ্টিনুয়াছ অপাৰেটিং ছীষ্টেম ষ্টেশ্যন (চিঅআৰএছ) স্থাপন কৰা হৈছে।

*****

NW/PK/AD/DDD/KB


(Release ID: 1663610) Visitor Counter : 110