যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

লকডাউনৰ পাছত গতি পুনৰুদ্ধাৰৰ চেষ্টাত ব্ৰতী অনুশীলনৰ বাবে ওভতা ভাৰতীয় ধনুৰ্বিদসকলৰ, ব্যৱস্থাপনাত সন্তুষ্টি

प्रविष्टि तिथि: 09 OCT 2020 3:22PM by PIB Guwahati

কৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত আৰোপ কৰা লকডাউনৰ বাবে বন্ধ হৈ থকাৰ পাছত ভাৰতৰ অলিম্পিকৰ আশাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি দেশজুৰি ক্ৰীড়া সুবিধাসমূহ মুকলি কৰা হৈছে। ভাৰতৰ পুৰুষ আৰু মহিলা ৰিকাৰ্ভ আৰ্চাৰসকলে পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটছত প্ৰশিক্ষণ লৈছে। আৰ্চাৰী দলৰ বাবে শিবিৰ ২৫ আগষ্টত আৰম্ভ হৈছিল আৰু পুনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অতিশয় আনন্দিত আৰ্চাৰসকল।

 

প্ৰশিক্ষণলৈ ঘূৰি অহাৰ পাছত প্ৰথম দুটামান দিনৰ বাবে কঠিন আছিল কিয়নো আমি মাৰ্চ মাহত লক ডাউন আৰোপ কৰাৰ আগতে অতি তীব্ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিলোঁ। এয়া আছিল মোৰ প্ৰশিক্ষণৰ মাজৰ আটাইতকৈ দীৰ্ঘতম ব্যৱধান, চলিত বছৰৰ আৰম্ভণিতে অৰ্জুন বঁটাৰে সন্মানিত হোৱা অতনু দাসে এইদৰে কয়।

 

প্ৰশিক্ষণ এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে, যিহেতু কিছুসংখ্যক এথলীটে কিছুদিন পূৰ্বেহে কোৱাৰেণ্টিনৰ পৰা ওলাই আহিছে। প্ৰশিক্ষক মাঝি ছাৱাইৱানে কয়, এই মুহূৰ্তত সাধাৰণ সুস্থতা অধিক গুৰুত্বপূৰ্ণ, খেলুৱৈসকল ক্ৰমান্বয়ে কোৱাৰেণ্টিনৰ পৰা ওলাই আহিছে। আমি শক্তি আৰু সহনশীলতাৰ ওপৰত গুৰুত্ব দি সাধাৰণ সুস্থতাৰ ওপৰত কাম কৰি আছোঁ। মানসিক দিশটোৰ ওপৰত কাম কৰিবলৈ এথলীটবোৰে যোগ আৰু ধ্যান কৰি আছে।

 

আৰ্চাৰসকল কৰনা ভাইৰাছ প্ৰতিৰোধৰ বাবে এ এছ আইত গ্ৰহণ কৰা সুৰক্ষা প্ৰটকল আৰু অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাক লৈ সুখী আৰু তেওঁলোকে কয় যে ইয়াৰ পৰিৱেশ সম্পূৰ্ণৰূপে সুৰক্ষিত। বিশ্বৰ এক নম্বৰ মহিলা আৰ্চাৰ দীপিকা কুমাৰীয়ে কয়, ইয়াৰ ব্যৱস্থা খুব সুন্দৰ। ইয়াৰ পৰিস্কাৰ-পৰিচ্ছনতা আৰু খাদ্যৰ ব্যৱস্থাপনা ভাল আৰু আমাক সুন্দৰভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে।

 

আৰ্চাৰীৰ দৰে মানসিকভাৱে প্ৰত্যাহ্বানমূলক খেলত নতুন সুৰক্ষা প্ৰটকলৰ সৈতে অভ্যস্ত হোৱাত তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে যদিও আৰ্চাৰসকল আত্মবিশ্বাসী যে ই যথেষ্ট পাৰ্থক্যৰ সৃষ্টি নকৰিব আৰু কেইমাহমান প্ৰশিক্ষণে তেওঁলোকক তেওঁলোকৰ পুৰণি ছন্দ ঘূৰাই অনাত সহায় কৰিব।

 

পুৰুষৰ ৰিকাৰ্ভ দল আৰু দীপিকাই ২০২১ চনৰ জুলাই-আগষ্টত অনুষ্ঠিত হব পৰা অলিম্পিকৰ বাবে কোটা স্থান অৰ্জন কৰিছে। মহিলা ৰিকাৰ্ভৰ দলটোৱে পৰৱৰ্তী বছৰত অনুষ্ঠিতব্য বিশ্ব যোগ্যতা প্ৰতিযোগিতাত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাৰ চূড়ান্ত সুযোগ পাব।   

 

 

 

 

 *******************************************************

NB/OA/KG


(रिलीज़ आईडी: 1663337) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil