ভাৰতীয় নিৰ্বাচন আয়োগ

ক’ভিড-১৯ৰ সময়ছোৱাত সংস্পৰ্শ-বিহীনভাৱে প্ৰচাৰত সহায় কৰিবলৈ ৰাষ্ট্ৰীয়/স্বীকৃত ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ অৰ্থে দুগুণ সম্প্ৰচাৰ/প্ৰচাৰৰ সময় আবন্টন

Posted On: 09 OCT 2020 6:35PM by PIB Guwahati

অব্যাহত থকা ক’ভিড-১৯ মহামাৰী আৰু সংস্পৰ্শ-বিহীন প্ৰচাৰত সহায়ৰ কথা বিবেচনা কৰি, প্ৰচাৰ ভাৰতী নিগমৰ সৈতে আলোচনা মৰ্মে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰতিটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু বিহাৰৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক দলসমূহলৈ বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২০ৰ সময়ছোৱাত দূৰদৰ্শন আৰু আকাশবাণীত সম্প্ৰচাৰ/প্ৰচাৰৰ সময় দুগুণকৈ আবন্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰতিটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু বিহাৰৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক দলসমূহলৈ বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২০ৰ সময়ছোৱাত দূৰদৰ্শন আৰু আকাশবাণীত সম্প্ৰচাৰ/প্ৰচাৰৰ সময় আবন্টন সন্দৰ্ভত ৯ অক্টোবৰ, ২০২০ তাৰিখে আয়োগে দিয়া নিৰ্দেশনা (নং: 437/TA-LA/1/2020/Communication)ৰ এটা কপি সাধাৰণ নাগৰিকৰ অৰ্থে ইয়াত সংলগ্ন কৰা হৈছে।

ইচিআইৰ নিৰ্দেশনাটো প্ৰত্যক্ষ কৰিবলৈ ইয়াত ক্লিক কৰক

 

 

 

****

SBS/MR/ac/SB



(Release ID: 1663335) Visitor Counter : 136