ভুবিজ্ঞান মন্ত্ৰালয়
প্ৰাক-ঘূৰ্ণী সম্পৰ্কীয় এক সভাত প্ৰস্তুতি পৰ্যালোচনা, প্ৰয়োজনীয় সা-সামগ্ৰীৰ সমীক্ষা কৰাৰ লগতে অক্টোবৰ-ডিচেম্বৰ ২০২০ত আহিব পৰা ধুমুহা-পৰিস্থিতিৰ বাবে পৰিকল্পনা যুগুতাই ‘আইএমডি’য়ে
সংশ্লিষ্ট পক্ষসমূহৰ মাজত নতুনকৈ গ্ৰহণ কৰিব খোজা পদক্ষেপ সন্দৰ্ভত তথ্যৰ বিনিময় কৰে ‘আইএমডি’য়ে
ধুমুহাৰ গতিবিধি অনুসৰণ, ভূমিপতন, তীব্ৰতা আৰু মুষলধাৰ বৰষুণ, প্ৰচণ্ড ধুমুহা, ঘূৰ্ণীৰ দৰে প্ৰতিকূল বতৰৰ আগলি বতৰা দিয়াৰ ক্ষেত্ৰত ‘আইএমডি’-য়ে উল্লেখনীয় উত্তৰণ সাধন কৰিবলৈ সক্ষম হৈছে : ড০ মৃত্যুঞ্জয় মহাপাত্ৰ, ‘আইএমডি’-ৰ ‘ডিজিএম’
Posted On:
08 OCT 2020 9:05AM by PIB Guwahati
‘ভাৰতীয় বতৰ বিজ্ঞান বিভাগ’(আইএমডি)য়ে যোৱা ৬ অক্টোবৰত বিভাগটোৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰৰ অধ্যক্ষতাত ‘অনলাইন’ ব্যৱস্থাৰে প্ৰাক-ঘূৰ্ণী সম্পৰ্কীয় এখন সভা অনুষ্ঠিত কৰে। সভাত আগন্তুক সময়ৰ বাবে চলোৱা বিভাগটোৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে প্ৰয়োজনীয় সা-সামগ্ৰীৰ সমীক্ষা কৰাৰ উপৰি অক্টোবৰ-ডিচেম্বৰ ২০২০ত আহিব পৰা ধুমুহা-পৰিস্থিতিৰ বাবে পৰিকল্পনা যুগুতোৱা হয়। সভাত ‘আইএমডি’-ৰ তৰফৰ পৰা সংশ্লিষ্ট পক্ষসমূহৰ মাজত নতুনকৈ গ্ৰহণ কৰিব খোজা পদক্ষেপ সন্দৰ্ভত তথ্যৰ বিনিময়ো কৰা হয়।
সভাখনত ‘আইএমডি’-ৰ বিশেষজ্ঞসকলৰ উপৰি ‘নেশ্যনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱে’ডাৰ ফ’ৰকাষ্টিং’(এনচিএমআৰডব্লিউএফ), ‘ভাৰতীয় বায়ু সেনাবাহিনী’(আইএএফ), ‘ভাৰতীয় নৌ-সেনাবাহিনী’(আইএন), ‘চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন’(চিডব্লিউচি), ‘আইআইটি-দিল্লী’, ‘ইণ্ডিয়ান নেশ্যনেল চেণ্টাৰ ফৰ অ’চেন ইনফৰ্মেশ্যন ছাৰ্ভিচ’(আইএনচিঅআইএছ), ‘নেশ্যনেল ডিজেষ্টাৰ মেনেজমেণ্ট এজেন্সী’(এনডিএমএ), ‘নেশ্যনেল ডিজেষ্টাৰ ৰেচপঞ্চ ফ’ৰ্চ’(এনডিআৰএফ), মীন বিভাগ, ‘পাংচুৱেলিটী চে’ল’, আৰু ‘ভৰতীয় ৰে’লৱে’-ৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে।
সভাত ভাষণ প্ৰদান কৰি ‘আইআমডি’-ৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰই ধুমুহাকালীন পৰিস্থিতিৰ আগতীয়া জাননীৰ পৰা ই সৃষ্টি কৰিব পৰা সংকট আৰু ইয়াৰ পৰিত্ৰাণৰ বাবে গ্ৰহণ কৰিব পৰা বিধি-ব্যৱস্থাসমূহৰ উত্তৰণ আদি প্ৰসংগত আলোকপাত কৰে। প্ৰসংগক্ৰমে তেওঁ শেহতীয়াকৈ ধুমুহাৰ গতিবিধি অনুসৰণ, ভূমিপতন, তীব্ৰতা আৰু মুষলধাৰ বৰষুণ, প্ৰচণ্ড ধুমুহা, ঘূৰ্ণীৰ দৰে প্ৰতিকূল বতৰৰ আগলি বতৰা দিয়াৰ ক্ষেত্ৰত ‘আইআমডি’-য়ে উল্লেখনীয় উত্তৰণ সাধন কৰিবলৈ সক্ষম হৈছে বুলি অভিমত ব্যক্ত কৰে।
সভাত ‘আইএমডি’-ৰ ‘চাইক্লোন ৱাৰ্নিং ডিভিজন’ৰ মূৰব্বী শ্ৰীমতী সুনীতা দেৱীয়ে শেহতীয়া বছৰচেৰেকত বতৰৰ আগলি বতৰা দিয়াৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যোগ আদিৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত এক তথ্যগধুৰ ব্যাখ্যা দাঙি ধৰে।
*****
NB/KGS/(IMD inputs)/KB
(Release ID: 1662917)
Visitor Counter : 86