বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভাৰতক পৰৱৰ্তী বিনিয়োগ ক্ষেত্ৰ হিচাপে বিবেচনাৰ বাবে আমেৰিকাৰ ব্যৱসায়ক আহ্বান শ্ৰী পীয়ূষ গোৱেলৰ

ভাৰতে আজি উচ্চ-মানৰ প্ৰডাক্ট, গ্ৰেটাৰ গ্ল’ৱেল এংগেজমেন্ট আৰু বিশ্ব বাণিজ্যিত বৃহৎ শ্বেয়াৰৰ ভাৱনাৰে আগবাঢ়িছেঃ শ্ৰী গোৱেল

Posted On: 08 OCT 2020 9:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ লক্ষ্যৰ অংশীদাৰ হ’বলৈ আৰু ভাৰতক পৰৱৰ্তী বিনিয়োগ ক্ষেত্ৰ হিচাপে বিবেচনা কৰিবলৈ আমেৰিকাৰ ব্যৱসায়ক কেন্দ্ৰীয় বাণিজ্য ও উদ্যোগ আৰু ৰেলমন্ত্ৰী শ্ৰী পীয়ূষ গোৱেল আমন্ত্ৰণ জনাইছে। বুধবাৰে ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্ছৰ ইউএছএ সন্মিলন গ্ল’ৱেল ফাইনেন্সিয়েল ও ইনভেষ্টমেন্ট লিডাৰশ্বীপত ভাৰ্চুৱেলী সম্বোধন কৰি, তেওঁ কয় যে বলিষ্ঠ, মুকলি আৰু পৰিৱৰ্তনৰ অৰ্থে ভাৰতীয় চৰকাৰ অংগীকাৰবদ্ধ। “একতাৰ মনোভাৱেৰে কাম কৰো আহক। পৰস্পৰে-পৰস্পৰৰ সৈতে জড়িত হওঁ আহক আৰু মই নিশ্চিত, আমেৰিকা ও ভাৰতৰ জনসাধাৰণৰ শ্বেয়াৰড সমৃদ্ধিৰ বাবে আমাৰ এটা উজ্জ্বল ভৱিষ্যৎ আছে।”

আগন্তুক দিনসমূহত আমেৰিকা-ভাৰতৰ বন্ধুত্ব অধিক শক্তিশালী হৈ উঠিব বুলি ব্যক্ত কৰি, শ্ৰী গোৱেলে কয় যে আমাৰ বন্ধুত্ব অতিশয় স্থায়ী। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা বৃহৎ সংস্কাৰ বাস্তৱায়িত কৰিবলৈ আমেৰিকা ও ভাৰতে একে লগে বহু কাম কৰিব লাগিব। তেওঁ কয় যে আমেৰিকা ও ভাৰতৰ মাজৰ সম্ভাৱনা সীমাহীন। “আমাৰ বন্ধুত্বত আছে পাৰস্পৰিক বিশ্বাস আৰু এখন দেশৰে কাম কৰিবলৈ আমেৰিকাৰ ব্যৱসায়ক আমি এটা বিশ্বাসপূৰ্ণ পৰিবেশ প্ৰদান কৰিব পাৰো। যি অতিশয় স্বচ্ছ আৰু নীতি অনুসাৰে ইয়াৰ চালিত হয়। আমেৰিকা ও ভাৰতৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি পাইছে। ২০১৭ ত $১২৬ বিলিয়ন ডলাৰৰপৰা ২০১৯ত $১৪৫ বিলিয়ন ডলাৰ হৈছেহি। অহা ৫ বছৰৰ ভিতৰত এই পৰিমাণ $৫০০ বিলিয়ন ডলাৰ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মন্ত্ৰীজনে কয় যে অতীতৰ পৰম্পৰাৰপৰা ভাৰতে বহুদূৰ আগুৱাই আহি এতিয়া উচ্চ-মানৰ প্ৰডাক্ট, গ্ৰেটাৰ গ্ল’ৱেল এংগেজমেন্ট আৰু বিশ্ব বাণিজ্যিত বৃহৎ শ্বেয়াৰৰ ভাৱনাৰে আগবাঢ়িছে। তেওঁ কয় যে এই সময় ৰক্ষণশীল প্ৰচেষ্টাৰ নহয়, ই হৈছে বলিষ্ঠ সিদ্ধান্ত ও বলিষ্ঠ বিনিয়োগৰ সময়। শ্ৰী গোৱেলে কয় যে মোদী চৰকাৰখনে এটা অতিশয় সৰ্বব্যাপী প্ৰচেষ্টা হাতত লৈছে। “আমি ৰেড-টেপ আৰু ৰেড-কাৰ্পেট পৰিহাৰ কৰিলো। আমি পূৰ্বৰ বাধাসমূহ নেওচি অতিশয় মুক্ত ও উদাৰ বৈদেশিক বিনিয়োগত গুৰুত্ব আৰোপ কৰিছো। সেয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে, "আমি ভাৰতীয় অৰ্থনীতিক আদেশ ও নিয়ন্ত্ৰণৰপৰা মুক্ত কৰি প্লাগ ও প্লে’ৰ দিশলৈ আগুৱাই লৈ যাব খুজিছো।"

দেশখনত হোৱা সংস্কাৰ সাধনৰ কথা উল্লেখ কৰি শ্ৰী গোৱেলে কয়, “খনন, মহাকাশ প্ৰযুক্তি, প্ৰতিৰক্ষা, বেংকিং, বিত্তীয় খণ্ড, শ্ৰম ও কৃষি সংস্কাৰকে প্ৰমুখ্য কৰি শাসন, নীতি ও আইন সম্পৰ্কীয় ভাৰতীয় প্ৰণালীৰ ৰূপান্তৰ সাধিবলৈ ভাৰতে প্ৰচেষ্টা গ্ৰহণ কৰিছে। আমি এটা নতুন যাত্ৰা কৰিছো যিয়ে ভাৰতক এনে এটা স্থানত উপনীত কৰাব যে পূৰ্বে সেয়া হোৱা নাছিল। আমি লজিষ্টিকৰ ব্যয় হ্ৰাসেৰে লজিষ্টিক সংস্কাৰৰ চিন্তা-চৰ্চা কৰিছো। আমি বহু কৰ সংস্কাৰ সাধন কৰিলো। আমাৰ অৰ্থশূন্যতা আইন হৈ উঠিছে। ভাৰতৰ কৰ্প’ৰেট কৰ বিশ্বখনৰ ভিতৰতে সৰ্বনিম্ন। মোৰ নিজা মন্ত্ৰালয়টোৱেই ‘প্লাগ এণ্ড প্লে’’ ও ক্লাষ্টাৰ ডেভলপমেন্টৰ কাম কৰি আছে। আমি এনে এটা যথাৰ্থ ছিংগল-উইনড’ চিষ্টেম প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছো যিয়ে কোম্পানী ও ব্যৱসায়সমূহক ভাৰতত কাম কৰিবলৈ সহজ কৰি তুলিব। আমি আন্তঃগাঁথনিৰ উন্নয়ন সাধনত গুৰুত্ব আৰোপ কৰিছো। আমি ক্ষীপ্ৰ পঞ্জীয়ন, আন্তঃগাঁথনিৰ সহজ উপলব্ধতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।”

ৰাষ্ট্ৰ দুখনৰ মাজৰ নিকট সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী গোৱেলে কয় যে যোৱা দুটা দশকে ভাৰত ও আমেৰিকাই প্ৰতিটো সন্ধিক্ষণতে পৰস্পৰে-পৰস্পৰক সহায় আগবঢ়াই আহিছে। নিউক্লিয়াৰ ছাপ্লায়াৰ্ছ গ্ৰুপত ভাৰতৰ সদস্যতা, ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ সদস্যতা বা ক’ভিড মহামাৰীৰ ভৰপক সময়ত আমেৰিকাৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰা, এই সকলোবোৰ ক্ষেত্ৰতে উভয় ৰাষ্ট্ৰৰ মাজৰ বন্ধুত্ব পৰিস্ফূৰ্ত হৈ পৰে। তেওঁ কয় যে ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ প্ৰতিফলন ঘটিব টকিঅ’ত। য’ত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আমেৰিকাৰ সচিব শ্ৰী এম. পম্পিঅ’ আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰ। ইফালে, অহা ২৬ আৰু ২৭ অক্টোবৰত ভাৰত-আমেৰিকাৰ ৩য় ২+২ আলোচনা অনুষ্ঠিত হোৱাৰ কথা।

*******

YB/AP/SB



(Release ID: 1662913) Visitor Counter : 110