ৰেল মন্ত্ৰালয়

ভাৰত চৰকাৰে কলকাতা চহৰ আৰু উপ-নগৰৰ বাবে পূব-পশ্চিম মেট্ৰ' কৰিডৰক মঞ্জুৰী দিয়ে

মেট্ৰ' লাইনৰ দূৰত্ব ১৬.৬ কিলোমিটাৰ হ'ব

পৰিকল্পনাত ব্যয় হ'ব ৮৫৭৫ কোটি টকা

Posted On: 07 OCT 2020 4:08PM by PIB Guwahati

চৰকাৰে কলকাতাত পূব-পশ্চিম মেট্ৰ' কৰিডৰৰ নিৰ্মাণৰ সংশোধিত ব্যয়ৰ ৰে'ল মন্ত্ৰালয়ৰ প্ৰস্তাৱত মঞ্জুৰী দিছে। এই পৰিকল্পনাত সংশোধিত অনুমান অনুসৰি প্ৰায় ৮৫৭৪.৯৮ কোটি টকাৰ ব্যয় হ'ব। এই পৰিকল্পনাৰ অন্তৰ্গত পশ্চিম বংগত ছল্টলেক ছেক্টৰ-৫ৰ পৰা হাওৰা ময়দানলৈকে ১৬.৬ কিলোমিটাৰ দীঘল মেট্ৰ' কৰিডৰ নিৰ্মাণ কৰা হ'ব। এই পৰিকল্পনাৰ কাৰ্যকাৰিতা ৰে'ল মন্ত্ৰালয়ৰ অধীনত অহা কলকাতা মেট্ৰ' ৰে'ল নিগম ( চি পি এছ ই)ৰ দ্বাৰা কৰা হ'ব। কলকাতা মেট্ৰ' ৰে'ল নিগমৰ স্থাপন বিশেষ পৰিবহন উদ্দেশ্যৰ অধীনত কৰা হৈছিল। কৰোণা মহামাৰীৰ পূৰ্বে নিৰ্দ্ধাৰিত কৰা সময়সীমা অনুসৰি এই পৰিকল্পনা ডিচেম্বৰ, ২০২১পৰ্যন্ত সম্পূৰ্ণ কৰাৰ কথা আছিল। এই পৰিকল্পনাৰ নিৰ্মাণত কেইবাটাও প্ৰযুক্তিগত প্ৰত্যাহ্বানো আহিব, য'ত গংগা নদী আৰু হাওৰা ষ্টেচনৰ তলত সুৰংগৰ নিৰ্মাণ আদি আছে। হাওৰা ষ্টেচন ভাৰতৰ সবাতোকৈ গভীৰ মেট্ৰ' ষ্টেচন হ'ব আৰু কোনো ডাঙৰ নদীৰ তলত ই প্ৰথম পৰিবহন সুৰংগও হ'ব।

 

এই বৃহ পৰিকল্পনাৰ উদ্দেশ্য ব্যৱসায়িক চহৰ কলকাতাৰে ইয়াৰ পশ্চিমত থকা ঔদ্যোগিক চহৰ হাওৰাক সংযোগ কৰা যাতে ৰাইজে এই দুয়োখন চহৰৰ মাজত সুৰক্ষিত, সুলভ আৰু আৰামদায়ক পৰিবহনৰ মাধ্যম লাভ কৰে। এই মেট্ৰ' কৰিডৰ কলকাতা মহানগৰ ক্ষেত্ৰৰ তিনিটা সবাতোকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হাওৰা, কলকাতাৰ ব্যৱসায়িক ক্ষেত্ৰ আৰু নৱস্থাপিত ছল্টলেকক সংলগ্ন কৰিব যাৰ ফলত কলকাতা, ইয়াৰে সংযুক্ত হাওৰা আৰু বিধাননগৰৰ মাজত পৰিবহন সুলভ হ'ব।

 

এই পৰিকল্পনাৰ অধীনত ইণ্টাৰচেঞ্জ হাবৰ নিৰ্মাণৰ ফলত বহুস্তৰীয় পৰিবহনক পাৰস্পৰিকভাৱে সংযোগ কৰাৰ ব্যৱস্থা কৰা হ'ব, যাৰ ফলত মেট্ৰ', উপ-নগৰীয়া ৰে'ল, পানীৰ জাহাজ আৰু বাছ পৰিবহন অন্তৰ্ভুক্ত আছে।

 

পৰিকল্পনাৰ মুনাফাঃ

  • মানুহক সুৰক্ষিত, প্ৰভাৱী আৰু পৰিৱেশ অনুকূল পৰিবহন ব্যৱস্থাৰ সুবিধা পাব।
  • যাত্ৰাৰ সময় হ্ৰাস পাব।
  • ইন্ধনৰ ব্যয় কম হ'ব।
  • পথৰ সৈতে জড়িত প্ৰাথমিক আন্তঃগাঁথনিৰ ওপৰত হেঁচা কম হ'ব।
  • প্ৰদূষণ আৰু দুৰ্ঘটনা হ্ৰাস পাব।
  • উন্নত পৰিবহন ব্যৱস্থাৰ বিকাশ হ'ব (টি অ' ডি)।
  • মেট্ৰ' কৰিডৰৰ মাটিৰ মূল্য বাঢ়িব আৰু অতিৰিক্ত আয় হ'ব।
  • কৰ্ম সংস্থাপন সৃষ্টি হ'ব।
  • কলকাতাত ট্ৰেফিকৰ সমস্যা কম হ'ব।
  • যাতায়াতৰ সময় কমিব।

 

******

DJN/MKV



(Release ID: 1662635) Visitor Counter : 121