কেবিনেট

ষ্টকহোম সন্মিলনৰ অধীনত তালিকাভূক্ত ৭বিধ স্থায়ী জৈৱিক প্ৰদূষকৰ স্বীকৃতিত অনুমোদন কেবিনেটৰ আৰু এই প্ৰক্ৰিয়াক সৰলীকৰণ কৰাৰ বাবে ভৱিষ্যতৰ স্বীকৃতিত নিজৰ শক্তি প্ৰদৰ্শন

प्रविष्टि तिथि: 07 OCT 2020 4:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতা অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ষ্টকহোম সন্মিলনৰ অধীনত তালিকাভূক্ত ৭বিধ ৰাসায়নিক পদাৰ্থৰ স্থায়ী জৈৱিক প্ৰদূষক(পিঅ’পি)ৰ স্বীকৃতিত অনুমোদন জনায়৷ কেবিনেটে লগতে ষ্টকহোম সন্মিলনৰ অধীনত ৰাসায়নিক পদাৰ্থৰ স্বীকৃতি প্ৰদানৰ বাবে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীৰ জৰিয়তে এই স্থায়ী জৈৱিক প্ৰদূষকৰ ইতিমধ্যে নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াত ঘৰুৱা নিয়ন্ত্ৰকৰ জৰিয়তে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে৷

ষ্টকহোম সন্মিলন হৈছে স্থায়ী জৈৱিক প্ৰদূষকৰ পৰা মানৱ স্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ এক বিশ্ব পৰ্যায়ৰ চুক্তি যাৰ দ্বাৰা মানৱ স্বাস্থ্য/পৰিৱেশত প্ৰতিকূল প্ৰভাৱ পেলোৱাৰ বিভিন্ন ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰত নিয়ন্ত্ৰণ কৰা হয়৷ কেনিবেটে অনুমোদন জনোৱা এই ৭বিধ প্ৰদূষকৰ সংস্পৰ্শলৈ কোনো ব্যক্তি আহিলে তেওঁলোকৰ কেন্সাৰ পাৰে, কেন্দ্ৰীয় আৰু  প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ ক্ষতি সাধন কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতাক দুৰ্বল কৰে, প্ৰজনন সম্বন্ধীয় ৰোগ আৰু সাধাৰণ শিশু আৰু সন্তানৰ বিকাশত বাধা আহে৷ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত গৱেষণা, আলাপ-আলোচনা আৰু বাৰ্তালাপৰ পাছত ষ্টকহোম বুজাবুজি চুক্তিৰ বাবে বিভিন্ন অনুসূচীত পিঅপিক তালিকাভূক্ত কৰা হৈছে৷

ভাৰতে অনুচ্ছেদ ২৫() অনুসৰি ২০০৬ৰ ১৩ জানুৱাৰীত ষ্টকহোম বুজাবুজি চুক্তিত স্বীকৃতি দি নিজকে এক স্বাভাৱিকঅপ্ট আউটস্থিতিত  ৰখাৰ বাবে সক্ষম কৰি তুলিলে, যাতে চুক্তিৰ বিভিন্ন অনুসূচীৰ সংশোধন তেতিয়ালৈকে কাৰ্যকৰী নহব, যেতিয়ালৈকে স্বীকৃতি/অনুমোদনৰ প্ৰপত্ৰ স্পষ্ট ৰূপত ৰাষ্ট্ৰসংঘত জমা নহয়৷

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০১৮ৰ ৫ মাৰ্চত পৰিৱেশ(সুৰক্ষা) আইন, ১৯৮৬ৰ অধীনত পৰিৱেশক সুৰক্ষা প্ৰদান আৰু মানৱ স্বাস্থ্যৰ ক্ষতিৰ আশংকা থকা ৭বিধ ক্ষতিকাৰক প্ৰদূষকৰ আমদানি-ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে৷ সেই প্ৰদূষক কেইটা হৈছে- (১) ক্ল’ৰডেকন, (২) হেক্সাব্ৰম’বাইফেনাইল, (৩) হেক্সাব্ৰম’বাইফেনাইল ইথাৰ এণ্ড হেক্সাব্ৰম’বাইফেনাইল ইথাৰ(কৰ্মাৰ্চিয়ে অক্টা-বিডিই)(৪) হেক্সাব্ৰম’বাইফেনাইল ইথাৰ এণ্ড পেণ্টাব্ৰম’বাইফেনাইল ইথাৰ(কমাৰ্চিয়েল পেণ্টা-বিডিই) (৫) পেণ্টাক্লৰ’বেনজিন, (৬)হেক্সাব্ৰম’চাইক্লডডেকেন আৰু (৭)হেক্সাব্ৰম’চাইক্লডডেকেন৷ এইবোৰ ইতিমধ্যে ষ্টকহোম সন্মিলনৰ অধীনত তালিকাভূক্ত কৰা হৈছে৷

পৰিৱেশ আৰু মানৱ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ ক্ষেত্ৰত ভাৰতক প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি কেবিনেটে এই পিঅ’পিসমূহৰ স্বীকৃতিত অনুমোদন জনায়৷

******

VRRK/DB


(रिलीज़ आईडी: 1662477) आगंतुक पटल : 471
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam