বিত্ত মন্ত্ৰালয়

বিহাৰ আৰু উত্তৰ প্ৰদেশত আয় কৰ বিভাগৰ অভিযান

Posted On: 07 OCT 2020 3:45PM by PIB Guwahati

বিশ্বস্ত সূত্ৰৰ পম খেদি আয় কৰ বিভাগে খনিজ ব্যৱসায় আৰু হোটেল উদ্যোগৰে জড়িত এজন ব্যক্তিৰ বিৰুদ্ধে ৬ অক্টোবৰ ২০২০ত পাটনা, চাচৰাম আৰু বাৰাণসীত অভিযান চলায়। বিভাগটোৱে এটা বৃহত্ সমবায় বেংকৰ অধ্যক্ষ এগৰাকীৰ বিৰুদ্ধেও অনুসন্ধান চলায়।

অভিযানৰ সময়ত ব্যক্তিজনৰ এখন ব্যক্তিগত কাৰৰ পৰা ৭৫ লাখ টকা উদ্ধাৰ কৰে অভিযানকাৰী দলে। এই সন্দৰ্ভত চলোৱা পৰৱৰ্তি অনুসন্ধান এইখিনি টকা হিচাপ ববিৰ্ভুত বুলি নিশ্চিত হোৱাৰ উপৰি টকাখিনিৰে এটা সমবায় বেংকৰ অধ্যক্ষগৰাকীৰ সম্পৰ্ক থকাৰ কথা নিশ্চিত হয়। পৰৱৰ্তি পৰ্যায়ত এনে বহু পৰিমাণৰ হিচাপ বহিৰ্ভূত টকাৰ লেনদেনৰ তথ্য পোহৰলৈ আহে আৰু বহু টকা জব্দ কৰা হয়। এইসমূহ টকাৰ তথ্য আয় কৰৰ হিচাপত প্ৰতিবিম্বিত কৰা হোৱা নাছিল।

আয় কৰ বিভাগে এইগৰাকী ব্যক্তিৰ ঘৰ-দুৱাৰ, এখন হোটেল আৰু বহুকেইখন গাড়ীত হোৱা বিনিয়োগ সন্দৰ্ভতো অনুসন্ধান অব্যাহত ৰাখিছে। অনুসন্ধানত ব্যক্তিগৰাকী খনিজ সম্পদৰ অবৈধ ব্যৱসায়ৰে জড়িত থকাৰ তথ্যও লাভ কৰা হৈছে। হিচাপৰ বহীত বহু কোটি টকাৰ ঋণ লোৱাৰ তথ্য পোৱাৰ পিচত এইবোৰ ঋণৰ সত্যতা সন্দৰ্ভতো অভিযানকাৰী দলে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে।

অভিযানত তথ্যবিহীন ভাবে থকা ১.২৫ কোটি টকা জব্দ কৰাৰ উপৰি ৬ কোটি টকা মূল্যৰ এফডিআৰ নিষেধাত্মক নিৰ্দেশনাৰ অধীনলৈ নিয়া হৈছে।

পৰৱৰ্তি অনুসন্ধান অব্যাহত আছে।

****

RM/KMN/KB



(Release ID: 1662472) Visitor Counter : 91