নিতি আয়োগ

নীতি আয়োগ, নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়(এমএনআৰই) আৰু ইনভেষ্ট ইণ্ডিয়াই ছ’লাৰ পিভি নিৰ্মাণ সন্দৰ্ভত এক সন্মিলনৰ আয়োজন কৰে

ইণ্ডিয়া পিভি এজ-২০২০-এ ভাৰতত অত্যাধুনিক সৌৰ নিৰ্মাণক উদগণি যোগাইছে

Posted On: 07 OCT 2020 2:18PM by PIB Guwahati

নীতি আয়োগ, নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়(এমএনআৰই) আৰু ইনভেষ্ট ইণ্ডিয়াই যোৱা ৬ অক্টোবৰত ছলাৰ পিভি নিৰ্মাণ সন্দৰ্ভত এক সন্মিলনৰ আয়োজন কৰে।ইণ্ডিয়া পিভি এজ-২০২০ নামৰ এই সন্মিলনৰ লক্ষ্য হল ভাৰতত থকা সুযোগৰ কৰা গোলকীয় পিভি উদ্যোগক অৱগত কৰোৱা।

উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বিদ্যুৎ আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী আৰ.কে.সিঙে কয়, ভাৰতৰ দ্ৰুত বিকশিত নৱীকৰণযোগ্য শক্তি ক্ষমতা আছে আৰু বিদ্যুতৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে স্বচ্ছ শক্তিলৈ ৰূপান্তৰিত হবলৈ সংকল্পবদ্ধ। ২০৩০ৰ ভিতৰত ৪৫০ গিগাৱাট সক্ষমতাৰ নৱীকৰণযোগ্য শক্তি সংস্থাপনৰ সপোনক সাৰ্থক কৰিবলৈ ভাৰতে গ্ৰীড-সংযুক্ত সৌৰ আৰু নৱীকৰণযোগ্য শক্তিৰ লগতে বিজুলী সংযোজিত ৰন্ধনৰ দৰে অভিলাসী পৰিকল্পনা গ্ৰহণ কৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ অংশস্বৰূপে ২০গিগাৱাটৰ মডিউল আৰু চেল নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে আগ্ৰহ ব্যক্ত কৰিছে। নৱীকৰণযোগ্য শক্তি খণ্ডত ভাৰত সদায় দ্ৰুত আৰু সৰ্ববৃহৎ বিকশিত বজাৰ হিচাপে চিহ্নিত হৈ থাকিব।

প্ৰায় ৬০গৰাকী প্ৰখ্যাত ভাৰতীয় আৰু গোলকীয় চিইঅই বৃহৎসংখ্যক গোলকীয় পিভি নিৰ্মাণকাৰী, উদ্ভাৱক, বিনিয়োগকাৰী, থিংকটেংক আৰু নীতি নিৰ্ধাৰকৰ সৈতে অনুষ্ঠানত উপস্থিত থাকে।

অভিনৱ প্ৰযুক্তিৰ সহায়ত ভাৰতক ছোলাৰ পিভি উৎপাদনৰ এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ সম্ভাৱনীয়তা সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। অংশগ্ৰহণকাৰী কোম্পানীসমূহেও ভাৰতীয় নীতিনিৰ্ধাৰকৰ সৈতে মতবিনিময়ৰ সুযোগ লাভ কৰে।

উল্লেখ্য যে, ভাৰত হল বিশ্বৰ তৃতীয় সৰ্বাধিক সৌৰ সংস্থাপনৰ সক্ষমতা থকা দেশ। সৌৰ পিভি উৎপাদন হল আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে চৰকাৰে ঘোষণা কৰা এটা অন্যতম শক্তিশালী কৌশলগত খণ্ড।

****

VRRK/KP/MS



(Release ID: 1662352) Visitor Counter : 94