সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

শ্রী ৰমেশ পোখৰিয়াল ‘নিশংক’ৰ উপস্থিতিত ভাৰ্চুৱেলী ঝাৰখণ্ডৰ পাকুড়ত এখন নতুন জৱাহৰ নবোদয় বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে শ্রী মুখটাৰ আব্বাছ নাকভিয়ে

সংখ্যালঘু মন্ত্ৰালয়ে দেশৰ অনগ্ৰসৰ আৰু সংখ্যালঘু বসতিপ্ৰধান অঞ্চলৰ জেএনভিসমূহত ১,১৭৩টা স্মার্ট শ্ৰেণীকোঠাৰ বাবে ৩৬ কোটি টকা প্ৰদান কৰিছেঃ শ্রী মুখটাৰ আব্বাছ নাকভি

Posted On: 06 OCT 2020 6:22PM by PIB Guwahati

কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রী শ্রী মুখটাৰ আব্বাছ নাকভিয়ে আজি কয় যে কেন্দ্রীয় শিক্ষা মন্ত্ৰালয়ে সমগ্ৰ দেশৰ অনগ্ৰসৰ, দুর্বল আৰু সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত ৯৯খন জৱাহৰ নবোদয় বিদ্যালয় নির্মাণ কৰিছে৷ ইয়াৰে ভিতৰত কেন্দ্রীয় শিক্ষা মন্ত্ৰালয় আৰু কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়াভাৱে একাধিক জৱাহৰ নবোদয় বিদ্যালয় নির্মাণ কৰিছে।

কেন্দ্রীয় শিক্ষামন্ত্রী ড০ ৰমেশ পোখৰিয়াল "নিশংক" আৰু শ্রী মুখটাৰ আব্বাছ নাকভিয়ে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে ঝাৰখণ্ডৰ পাকুড়ত নতুনকৈ এখন জৱাহৰ নবোদয় বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ ''প্ৰধানমন্ত্রী জন বিকাশ কার্যসূচী" (পিএমজেভিকে) অধীনত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই স্কুলখন নির্মাণ কৰিছে।

শ্রী নাকভিয়ে কয় যে কেন্দ্রীয় শিক্ষা মন্ত্ৰালয় আৰু কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে যুটীয়াভাৱে পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ আৰু হাওৰা, অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং আৰু মণিপুৰৰ মামিত ৪খন জৱাহৰ নবোদয় বিদ্যালয় নির্মাণ কৰিছে৷ কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই জৱাহৰ নবোদয় বিদ্যালয় নির্মাণৰ বাবে ২৪৪ কোটি টকাৰ আর্থিক সাহাৰ্য আগবঢ়াইছে৷ তদুপৰি, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে শিক্ষা মন্ত্ৰালয়ৰ সৈতে যুটীয়াভাৱে অন্যান্য স্থানতো জৱাহৰ নবোদয় বিদ্যালয় নির্মাণ কৰিব৷

শ্রী নাকভিয়ে কয় যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ অনগ্ৰসৰ আৰু সংখ্যালঘু বসতি প্ৰধান অঞ্চলত জৱাহৰ নবোদয় বিদ্যালয়ত ১,১৭৩টা স্মার্ট শ্ৰেণীকোঠাৰ বাবে ৩৬ কোটি টকা প্ৰদান কৰিছে৷

শ্রী নাকভিয়ে দৃঢ়তাৰে কয় যে এই জৱাহৰ নবোদয় বিদ্যালয়সমূহে দেশৰ পিছপৰা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষার্থীসকলক কম খৰচতে উপযুক্ত শিক্ষা দিয়াৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷

তেওঁ লগতে কয় যে বিগত ৬বছৰত প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে প্ৰধানমন্ত্রী জন বিকাশ কার্যসূচীৰ অধীনত অনগ্ৰসৰ, অৱহেলিত আৰু সংখ্যালঘু বসতি প্ৰধান অঞ্চলত দেশজুৰি আর্থ-সামাজিক-শিক্ষামূলক আৰু কর্মসংস্থাপনভিত্তিক আন্তঃগাঁথনি গঢ়ি তুলিছে।

মন্ত্ৰী নাকভিয়ে কয়,প্ৰধানমন্ত্রীৰ জন বিকাশ কর্মসূচী” (পিএমজেভিকে) অধীনত সমাজৰ সকলো অভাৱগ্ৰস্ত লোকসকলৰ বাবে সমান সুযোগ সুবিধা প্ৰদানৰ সংকল্প পূৰণৰ লক্ষ্যৰে বিদ্যালয়, মহাবিদ্যালয়, চিকিসালয়, সামূহিক কেন্দ্ৰ, সাধাৰণ সেৱা কেন্দ্ৰ, আইটিআই, পলিটেকনিক, ছোৱালীৰ আৱাস, সদ্ভাৱনা মণ্ডপ, হুনাৰ হাব ইত্যাদিকে ধৰি ৩৪,০০০তকৈ অধিক আন্তঃগাঁথনিমূলক প্ৰকল্প গঢ়ি তোলা হৈছে। ২০১৪ চনৰ পূৰ্বে কেৱল ২২,০০০ত ৰাষ্ট্ৰীয় প্ৰকল্প ৰূপায়ণ হৈছিল৷ ২০১৪ চনৰ পূৰ্বে দেশৰ কেৱল ৯০খন জিলাৰ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়নৰ বাবে চিহ্নিত কৰা হৈছিল। মোদী চৰকাৰে কাৰ্যভাৰ লোৱাৰ পাছত দেশৰ ৩০৮খন জিলাত সংখ্যালঘুসকলৰ বাবে উন্নয়ন কাৰ্যসূচীৰ বিস্তাৰ কৰা হৈছে।

মন্ত্ৰী নাকভিয়ে কয় যে যে ২০১৪ চনৰ পূৰ্বে সংখ্যালঘু শিক্ষাৰ্থীৰ মাজত কেৱল ২.৯৪ কোটি শিক্ষার্থীয়ে বৃত্তি পাইছিল৷ কিন্তু মোদী চৰকাৰে বিগত ৬বছৰতনিশ্চিত সবলীকৰণ সংকল্পৰ জৰিয়তে .৬০কোটি সংখ্যালঘু শিক্ষার্থীক বৃত্তি প্ৰদান কৰিছে৷ তেওঁ লগতে কয় যে এই বৃত্তি আঁচনিৰ হিতাধিকাৰীৰ ভিতৰত অধিকাংশই ছোৱালী৷

*****

NB/KGS/(MoMA release)/DB



(Release ID: 1662292) Visitor Counter : 118